ব্ৰিটিছ ৰিয়েলিটী শ্ব ‘পপ আইডল’ৰ ভাৰতীয় সংস্কৰণ ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনত সম্প্ৰচাৰিত সংগীতৰ বিখ্যাত ৰিয়েলিটী শ্ব ইণ্ডিয়ান আইডলৰ অডিশ্যন শনিবাৰে পুৱা ৬-৩০ বজাৰ পৰা গুৱাহাটীৰ নেৰিম গ্ৰুপ অব ইন্সটিটিউটত আৰম্ভ হ’ব।
ইণ্ডিয়ান আইডল-১০ নামেৰে ই ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনলৈ প্ৰত্যাৱৰ্তন কৰিব। পূৰ্বৰ সংস্কৰণসমূহত ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনে দেশৰ কেইগৰাকীমান জনপ্ৰিয় সংগীত তাৰকাক আৱিস্কাৰ কৰিছিল। এই শ্বটোৱে লাখ লাখ উৎসাহী গায়ক-গায়িকাক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব।
‘ইণ্ডিয়ান আইডল’ৰ দশম সংস্কৰণত নেহা কক্কৰ, বিশাল দদলানী, অনু মালিক বিচাৰকৰ আসন অলংকৃত কৰিব।
এই বছৰৰ প্ৰচাৰ অভিযানৰ বাৰ্তা হৈছে ‘খবৰ ফাইলা দো’- এয়া জয়পু, চণ্ডীগড়, লক্ষ্ণৌ, গুৱাহাটী, ভূৱনেশ্বৰ, ডেৰাডুন, হাইদৰাবাদ, ইন্দোৰ, কলকাতা, দিল্লী আৰু মুম্বাই দেশৰ বিভিন্ন চহৰত থকা অডিশ্যন কেন্দ্ৰসমূহত যুৱ উচ্চাকাংখ্যী গায়ক-গায়িকাসকলক যোগ দান কৰিবলৈ কৰা আহ্বান।