ৰাভাংলাত ছিকিমৰ প্ৰথমখন ট্যুলিপ ফুলৰ বাগিচা উদ্বোধন

Tulip Garden in Tathagata Tsal

ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙে দক্ষিণ ছিকিমৰ ৰাভাংলাত থকা তথাগত শালত ৰাজ্যখনৰ প্ৰথমখন ট্যুলিপ ফুলৰ বাগিচা উদ্বোধন কৰে।

আজি তথাগত শাল কমিটিয়ে মানৱ সম্পদ উন্নয়ণ দপ্তৰৰ সহযোগত শালখনৰ প্ৰেক্ষাগৃহত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলৰ বাবে আয়োজন কৰা ট্যুলিপ মহোৎসৱ-তথা-অনুপ্ৰেৰণা মুলক বক্তৃতা অনুষ্ঠানত মুখ্য মন্ত্ৰীজন উপস্থিত আছিল।

ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি দিয়া বক্তৃতাত মুখ্য মন্ত্ৰী জনে ৰাজ্যখনৰ শিক্ষাখণ্ডত হোৱা বিকাশৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত সৃষ্টি কৰা সুযোগৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰি উৎকৃষ্ট মানৰ শিক্ষা লাভ কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।

মুখ্য মন্ত্ৰী চামলিঙে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ পৰা শিক্ষিত আৰু দক্ষ মানৱ-শক্তি সৃষ্টিৰ বাবে কাম কৰি আছে। তেওঁ, ৰাজ্যখনৰ শিক্ষাখণ্ডৰ বাবে উৎকৃষ্ট মানৰ আন্তঃগাঠনিৰ লগতে পাঠ্যক্ৰমৰ উন্নয়ণ ঘটোৱা তথা পৰ্যাপ্ত সংখ্যক যোগ্য শিক্ষক-শিক্ষয়ত্ৰীক নিয়োগ কৰাকে ধৰি বিভিন্ন দিশত ৰাজ্য চৰকাৰে কাম কৰি আহিছে বুলি উল্লেখ কৰে।

ইয়াৰোপৰি মুখ্য মন্ত্ৰী জনে ৰাজ্যখনৰ যুৱচামৰ বাবে চৰকাৰে বিভিন্ন উদ্ভাৱনী আঁচনি হাতত লৈছে বুলি নিজ ভাষণত সদৰী কৰে।