ছিকিমৰ বিভিন্ন নান্দনিক স্থানত দৃশ্যগ্ৰহণ চলি আছে হিন্দী ছবি লাড়কীৰ

Representative Image

উত্তৰ-পূবৰ নৈসৰ্গিক পৰিৱেশৰ প্ৰতি আকৃষ্ট হৈ বলিউডৰ পৰিচালকসকলে নিজৰ ছবিৰ দৃশ্যগ্ৰহণৰ বাবে ঢাপলি মেলিছে উত্তৰ-পূবৰ বিভিন্ন অঞ্চললৈ।  ঠিক সেইদৰে বিগত কেইবছৰমানৰ পৰা ছিকিমতো বিগ বাজেটৰ হিন্দী ছবিৰ পৰা আঞ্চলিক ছবিলৈ দৃশ্যগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

বৰ্তমানেও যোৱা ৩১ জানুৱাৰিৰ পৰা ছিকিমৰ পূব আৰু উত্তৰ দিশৰ জিলাৰ বিভিন্ন নান্দনিক স্থানত হিন্দী ছবি লাড়কীৰ দৃশ্যগ্ৰহণ হৈ আছে বুলি ছিকিম এক্সপ্ৰেছত প্ৰকাশ পাইছে।

জানিবপৰা মতে উত্তৰ ছিকিমৰ য়ামঠাং ভেলী, লাছুং আৰু পূব প্ৰান্তৰ গনাথং ভেলীত উক্ত ছবিখনৰ দৃশ্যগ্ৰহণ কৰি থকা হৈছে।

দৃশ্যগ্ৰহণ চলি থকা ছবিখন প্ৰযোজনা কৰিছে মুম্বাইৰ ইণ্ডিয়ান ফিল্ম প্ৰাইভেট লিমিটেড নামৰ সংস্থা এটাই। ছবিখন পৰিচালনা ময়ুৰ হাৰডাছৰ, অভিনয়ত আছে চাকিল, ৰাজ অৰ্জুন আৰু চান্দনী শৰ্মা।

ছবিখনৰ সামগ্ৰীক পৰিচালক ৰাজ চিতাওলাই ছবিখনৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰত স্থান সমূহ নিৰ্ধাৰণ কৰাত সহায় কৰাৰ উপৰি ছিকিমৰে কিছু স্থানীয় শিল্পীকো ছবিখনত অভিনয় কৰাৰ সুযোগ দিছে।

ছিকিমত চলি থকা লাড়কী ছবিখনৰ দৃশ্যগ্ৰহণ ফেব্ৰুৱাৰিৰ ১৫ তাৰিখে সামৰণি পৰিব বুলি জানিব পৰা গৈছে।

২০১৪ চনত ছিকিমত দৃশ্যগ্ৰহণ কৰা ‘য়াৰিয়া’ ছবিখনৰ বৃহৎ সফলতাৰ বাবে বলিউড জগতৰ পৰা আদিকে ধৰি অন্যান্য ছবি নিৰ্মাতা সকলে এতিয়া ছিকিমৰ ফালে দৃশ্যগ্ৰহণৰ বাবে ঢাপলি মেলিছে।

লক্ষ্যণীয় যে যোৱা বছৰ প্ৰিয়ংকা চোপ্ৰাই প্ৰযোজনা কৰা ‘পাহুনা’ আৰু ইৰফান খান অভিনীত ‘কৰিব কৰিব’ ছবি দুখনৰো দৃশ্যগ্ৰহণ ছিকিমতে হৈছিল।

২০১৮ বৰ্ষৰ আৰম্ভণিতে ছিকিমলৈ ভাৰতৰ সংগীত জগতৰ তাৰকা এ আৰ ৰহমান আৰু বলিউডৰ ছবি নিৰ্মাতা বনি কাপুৰে ৰেড পাণ্ডা উইন্টাৰ কাৰ্নিভেলত অংশ লৈছিল।

উল্লেখযোগ্য যে ছিকিমে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনক সূদূৰ প্ৰয়াসী কৰিবলৈ এ আৰ ৰহমানক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্ত কৰিছিল।