ছিকিমৰ মহিলা ৰেফাৰীয়ে পৰিচালনা কৰিলে আন্তৰ্জাতিক ফুটবল খেল

Reshme-Chettri-from-Sikkim-570x320

ছিকিমৰ বহু প্ৰশংসিত মহিলা ৰেফাৰী ৰেশমী ছেত্ৰীয়ে অলপতে জাপানৰ ফুকুওকাত এছিয়ান ফুটবল কনফেডাৰেশ্যনে (এএফচি) আয়োজন কৰা ছেনিক্স কাপ আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতা ২০১৮’ পৰিচালনা কৰি উভতি আহিছে।

প্ৰতিযোগিতাখনত মালয়েছিয়া, কোৰিয়া, ৰাছিয়া, টাইপেই আৰু জাপানৰ বিভিন্ন অংশকে ধৰি মুঠতে ১৬ টা দলে অংশগ্ৰহণ কৰিছিল।

ৰেশমী প্ৰতিযোগিতাখনৰ বাবে বিভিন্ন দেশৰ পৰা এএফচিয়ে আমন্ত্ৰণ কৰা ১৪ গৰাকী ৰেফাৰীৰ ভিতৰত অন্যতম আছিল।

এই ১৪ গৰাকী ৰেফাৰীৰ ভিতৰত চাৰিগৰাকী আছিল মহিলা ৰেফাৰী।

প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ উপৰিও ৰেফাৰীসকলক খেলবিধৰ আইন সম্পৰ্কে এক প্ৰশিক্ষণ প্ৰদান কৰে ফিফাৰ প্ৰশিক্ষকে।

ছিকিম ফুটবল এছোচিয়েশ্যনে (এছএফএ) ৰেশমী উভতি অহাৰ পিছত গেংটকত এক বিশাল আদৰণি উৎসৱৰ আয়োজন কৰিছিল। ইয়াতে ৰেশমীক তেওঁৰ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় দুয়োটা স্তৰতে খেলপথাৰত খেল পৰিচালনা কৰাত দেখুওৱা সাফল্যৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়।

এছএফএৰ সভাপতি মেনলা এথেনপাই তেওঁৰ ভূমিকাক প্ৰশংসা কৰে আৰু এই কম বয়সতে তেওঁ লাভ কৰা খ্যাতিৰ বাবে অভিনন্দন জনায়।

তেওঁ কয় যে এছএফএই ৰেশমীক ফিফাৰ ৰেফাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাটো বিচাৰে। সেয়েহে, তেওঁ ৰেশমাক অধিক আত্মোৎসৰ্গ মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

ৰেশমীয়ে এছএফএক ধন্যবাদ জনোৱাৰ লগতে এছএফএ ৰেফাৰী বোৰ্ডে তেওঁক সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। আগন্তুক দিনত গৃহ ৰাজ্য ছিকিমৰ কাৰণে অধিক সন্মান কঢ়িয়াই আনিবলৈ কঠোৰ পৰিশ্ৰম কৰিব বুলি ৰেশমীয়ে ব্যক্ত কৰে।