• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী-আমোলা-অভিযন্তা-ঠিকাদাৰৰ মুনাফাৰ অংকত ভয়াৱহভাৱে বাঢ়িছে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা : স্বৰাজ অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 3:49 pm
Swaraj_Press_Meet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত বিদ্যুৎ যোগানৰ দ্বায়িত্বত থকা অসম শক্তি বিতৰণ কোম্পানি লিমিটেডৰ (এ পি ডি চি এল) অকৰ্মণ্যতা-দায়িত্বজ্ঞানহীনতাৰ লগতে মন্ত্ৰী, একাংশ আমোলা-বিষয়া, ঠিকাদাৰ, কমিশ্যনৰ অংকত ৰাজ্যখনত ভয়াৱহভাৱে আৰু দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে বিদ্যুৎস্পৃষ্ট হৈ অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা।

‘’শেহতীয়াকৈ ব্যাপক সংখ্যক লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই প্ৰতীয়মান কৰে যে এ পি ডি চি এল আজিৰ তাৰিখত বিদ্যুৎ বিতৰণৰ বাবে নহয়, ছিৰিয়েল কিলিঙৰ বাবেহে বিখ্যাত,’’- দিচপুৰ প্ৰেছ ক্লাবত আজি  এখন সংবাদমেলত বিভাগটোৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে স্বৰাজ অসম নামৰ সংগঠনটোৱে।

সংবাদ মেলখনত সংগঠনটোৰ অন্যতম আহ্বায়ক ভৱেন সন্দিকৈয়ে  ২০০৬চনৰ পৰা ২০১৭লৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা লোকৰ তালিকা বিচাৰি কৰা আৰ টি আইৰ তথ্য দাঙি ধৰে। সেই অনুসৰি এই বছৰকেইটাত তেজপুৰ সংমণ্ডলৰ অধীনত মুঠতে ১২১জন লোক বিদুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰাৰ লগতে ৯৭জন লোক ঘুণীয়া হ’ব লগীয়া হৈছে।

শিলচৰ সংমণ্ডলত মুঠতে ৩৪জন লোক, ডিব্ৰুগড় সংমণ্ডলত ৮৭জন, যোৰহাট বৈদ্যুতিক পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনত ৫৭জন, গুৱাহাটী সংমণ্ডলৰ অধীনৰ জিলাকেইখনত ১২৫জন আৰু মৰিগাঁও, নগাঁও, কাৰ্বি আংলং জিলা সামৰি ১নং মণ্ডলত ৫৮জন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।

আশ্চৰ্য্যজনকভাৱে উক্ত পৰিদৰ্শকৰ কাৰ্যালয় সমূহে  প্ৰদান কৰা এই বিদ্যুৎস্পৃষ্ট ঘটনা সমূহৰ তদন্তৰ প্ৰতিবেদনতো উল্লেখ আছে যে এ পি ডি চি এলৰ ভুলৰ বাবেই সৰহ ভাগ দুৰ্ঘটনা সংঘটিত হৈছে। বিশেষকৈ উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাটিত পৰি থকা, উচ্চ ভ’ল্টেইজ তাঁৰ নিম্ন ভ’ল্টেজৰ তাঁৰৰ সৈতে সংযোগজনিত দুৰ্ঘটনা, নিম্ন ভল্টেইজৰ বিদ্যুৎ প্ৰৱাহিত তাঁৰ ছিগা, তললৈ হাউলি থকা আদি ঘটনাক বহু দুৰ্ঘটনাৰ মূল কাৰক হিচাপে চিহ্নিত কৰা হৈছে।

প্ৰতিটো এনে বিদ্যুৎস্পৃষ্ট ঘটনাৰ প্ৰতিবেদনত এ পি ডি চি এলক এই ঘটনাবোৰ ৰোধৰ পৰামৰ্শ প্ৰদান কৰাৰ পাছতো বিভাগীয় দুৰ্নীতি, অৱহেলা, এনে ঘটনাৰ প্ৰতি সংবেদনশীল মনোভাৱৰ অভাৱত এই  ঘটনাসমূহ ৰোধ হোৱা নাই বুলি সন্দিকৈয়ে আক্ষেপ কৰে।

এই সংবাদ মেলখনতে এনে ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধিৰ আঁৰতো অন্য এক বৃহৎ দুৰ্নীতিৰ সন্দেহ ব্যক্ত কৰি সন্দিকৈয়ে কয় যে পূৰ্বৰ ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ যোজনা (RGGVY) অৰ্থাৎ বৰ্তমানৰ দীনদয়াল উপাধ্যায় গ্ৰামজ্যেতি যোজনা (DDUGY) ব্যৱহাৰ কৰা তাঁৰবোৰ (কনডাক্টৰ) ট্ৰিপুল AAAৰ কনডাক্টৰ। ইয়ো এনে দুৰ্ঘটনাৰ অন্যতম কাৰক। পূৰ্বতে বৈদ্যুতিকৰণ আঁচনিত ACSR (Aluminium conductor steel–reinforced) কনডাক্টৰ ব্যৱহাৰ হৈছিল। এই এলুমনিয়ামৰ তাঁৰডালৰ মাজত এডাল ষ্টীল তাঁৰ আছিল, যাৰফলত ই  সহজে ছিগি নপৰিছিল। কিন্তু RGGVY আঁচনিৰ লগতে শেহতীয়াভাৱে DDUGJY আঁচনিৰ অধীনত ব্যৱহৃত কম গুণগত মানৰ কনডাক্টৰ অৰ্থাৎ All Aluminium Alloy (AAA) নামৰ কম শক্তিশালী তাঁৰবিধো ৰাজ্যখনত ক্ৰমশঃ ভয়াৱহ ৰূপ লোৱা বিদ্যুৎস্পৃষ্ট ঘটনাৰ আঁৰৰ কাৰক। এই তাঁৰ যোগানৰ আঁৰতো এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰি সন্দিকৈয়ে কয় টাৰ্নকি পদ্ধতিত RGGVY, DDUGJYত বিভিন্ন কোম্পানীয়ে যোগান ধৰা কনডাক্টৰৰ লগতে অন্যান্য সামগ্ৰীবোৰৰ টেষ্টিং ৰিপ’ৰ্ট বিচাৰি আৰ টি আই দাখিল কৰা হৈছে যদিও বিভাগীয়ভাৱে আমাক তথ্য আজি পৰ্যন্ত যোগান ধৰা নাই। ইয়ে আমাৰ সন্দেহ ঘনীভূত কৰে বুলি উল্লেখ কৰি তাৎক্ষণিকভাবে আৰ টি আইৰ তথ্য যোগান ধৰিবলৈ প্ৰত্যাহ্বান জনায়।

2006 চনত ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত হাজাৰ হাজাৰ কোটি টকা এই বিভাগটোলৈ আহিছে যদিও ৰাজ্যখনৰ একাংশ আওপুৰণি বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ নবীকৰণ কৰা নাই। ফলত বিদ্যুত পৰিবাহী লাইনৰ উপযোগিতা হ্ৰাস পোৱাৰ লগতে দুৰ্ঘটনাজনিত ঘটনাও বৃদ্ধি পাইছে। একেদৰেই বিদ্যুৎ সুৰক্ষা বিধি সৰ্ন্দভত জনসচেতনা সৃষ্টিৰ বাবে বৃহৎ পুঁজি ব্যয় কৰা হয় যদিও ব্যবহাৰিক অৰ্থত এই সচেতনতা দেখিবলৈ পোৱা নাযায়। সেয়ে এইক্ষেত্ৰত এক ব্যাপক গণ সচেতনতা সৃষ্টিৰ অভিযানৰ লগতে বিদ্যুৎ সুৰক্ষা বিধি-উপবিধি সমূহ কঠোৰভাৱে বলবৎ কৰাৰ দাবী জনায় সংগঠনটোৱে।

সন্দিকৈয়ে অভিযোগ কৰামতে বিদ্যুৎস্পৃষ্টৰ ঘটনা ৰোধ কৰিবলৈ বৈদ্যুতিক পৰিদৰ্শকৰ কাৰ্যালয়ে এ পি ডি চি এলক বিভিন্ন পৰামৰ্শ প্ৰদান কৰি আহিছে। বিগত বছৰত জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে অসম বিদ্যুৎ নিয়ামক আয়োগত দাখিল কৰা এখন পিটিশ্যনৰ শুনানিতো পৰিদৰ্শকৰ কাৰ্যালয়ে অনেক গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰিছিল যদিও মৃত্যুদূতৰৃপী APDCLৰ গা নলৰাৰ ফলত আজিও প্ৰায় প্ৰতিদিনে ৰাজ্যখনত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা ঘটি আহিছে। এনেদৰে মৃত্যুক লৈ হেতালি নেখেলিবলৈ সন্দিকৈয়ে সকীয়াই দি কয় যে এই সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা কথা ভাবিছো।

অসম চৰকাৰে ২০১৭ৰ ২৭ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এইচ এন শৰ্মাক লৈ গঠন কৰি দিয়া এজনীয়া তদন্ত কমিটি গঠনৰ সিদ্ধান্তক আদৰণি জনাই সন্দিকৈয়ে কয় যে এই তদন্ত কমিটিয়ে যিহেতু 2017 চনৰ এপ্ৰিল মাহৰ পৰা সংঘটিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাহে তদন্ত কৰিব, সেয়ে সামগ্ৰিকভাৱে RGGVY বা শেহতীয়া DDUGJY ৰূপায়ণৰ নামত সংঘটিত হোৱাৰ সম্ভাৱনা থকা ব্যাপক কেলেংকাৰি-অনিয়মৰ কথা এই তদন্ত কমিটি পোহৰলৈ আনিবলৈ সক্ষম নহ’ব। এনে প্ৰেক্ষাপটত ভবিষ্যতলৈ বিদ্যুৎস্পৃষ্ট হৈ যাতে অসমে কোনো মানৱ সম্পদ হেৰুৱাব লগা নহয় তাৰ স্বাৰ্থতে ২০০৬ চনৰ পৰা সংঘটিত প্ৰতিটো বিদ্যুৎস্পৃষ্টৰ ঘটনাৰ লগতে এই সময়ছোৱাত ৰূপায়ণ হোৱা আঁচনি সমূহ, ট্ৰাৰ্নকি প্ৰক্ৰিয়াত ঠিকাদাৰ কোম্পানিকেইটাই যোগান ধৰা কনডাক্টৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো সেৱা সামগ্ৰীৰ গুণগত মান সৰ্ন্দভত এক তদন্তৰ আহ্বান জনাইছে স্বৰাজ অসমে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd