মন্ত্ৰী-আমোলা-অভিযন্তা-ঠিকাদাৰৰ মুনাফাৰ অংকত ভয়াৱহভাৱে বাঢ়িছে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা : স্বৰাজ অসম

Swaraj_Press_Meet

ৰাজ্যখনত বিদ্যুৎ যোগানৰ দ্বায়িত্বত থকা অসম শক্তি বিতৰণ কোম্পানি লিমিটেডৰ (এ পি ডি চি এল) অকৰ্মণ্যতা-দায়িত্বজ্ঞানহীনতাৰ লগতে মন্ত্ৰী, একাংশ আমোলা-বিষয়া, ঠিকাদাৰ, কমিশ্যনৰ অংকত ৰাজ্যখনত ভয়াৱহভাৱে আৰু দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে বিদ্যুৎস্পৃষ্ট হৈ অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা।

‘’শেহতীয়াকৈ ব্যাপক সংখ্যক লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই প্ৰতীয়মান কৰে যে এ পি ডি চি এল আজিৰ তাৰিখত বিদ্যুৎ বিতৰণৰ বাবে নহয়, ছিৰিয়েল কিলিঙৰ বাবেহে বিখ্যাত,’’- দিচপুৰ প্ৰেছ ক্লাবত আজি  এখন সংবাদমেলত বিভাগটোৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে স্বৰাজ অসম নামৰ সংগঠনটোৱে।

সংবাদ মেলখনত সংগঠনটোৰ অন্যতম আহ্বায়ক ভৱেন সন্দিকৈয়ে  ২০০৬চনৰ পৰা ২০১৭লৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা লোকৰ তালিকা বিচাৰি কৰা আৰ টি আইৰ তথ্য দাঙি ধৰে। সেই অনুসৰি এই বছৰকেইটাত তেজপুৰ সংমণ্ডলৰ অধীনত মুঠতে ১২১জন লোক বিদুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰাৰ লগতে ৯৭জন লোক ঘুণীয়া হ’ব লগীয়া হৈছে।

শিলচৰ সংমণ্ডলত মুঠতে ৩৪জন লোক, ডিব্ৰুগড় সংমণ্ডলত ৮৭জন, যোৰহাট বৈদ্যুতিক পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনত ৫৭জন, গুৱাহাটী সংমণ্ডলৰ অধীনৰ জিলাকেইখনত ১২৫জন আৰু মৰিগাঁও, নগাঁও, কাৰ্বি আংলং জিলা সামৰি ১নং মণ্ডলত ৫৮জন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।

আশ্চৰ্য্যজনকভাৱে উক্ত পৰিদৰ্শকৰ কাৰ্যালয় সমূহে  প্ৰদান কৰা এই বিদ্যুৎস্পৃষ্ট ঘটনা সমূহৰ তদন্তৰ প্ৰতিবেদনতো উল্লেখ আছে যে এ পি ডি চি এলৰ ভুলৰ বাবেই সৰহ ভাগ দুৰ্ঘটনা সংঘটিত হৈছে। বিশেষকৈ উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাটিত পৰি থকা, উচ্চ ভ’ল্টেইজ তাঁৰ নিম্ন ভ’ল্টেজৰ তাঁৰৰ সৈতে সংযোগজনিত দুৰ্ঘটনা, নিম্ন ভল্টেইজৰ বিদ্যুৎ প্ৰৱাহিত তাঁৰ ছিগা, তললৈ হাউলি থকা আদি ঘটনাক বহু দুৰ্ঘটনাৰ মূল কাৰক হিচাপে চিহ্নিত কৰা হৈছে।

প্ৰতিটো এনে বিদ্যুৎস্পৃষ্ট ঘটনাৰ প্ৰতিবেদনত এ পি ডি চি এলক এই ঘটনাবোৰ ৰোধৰ পৰামৰ্শ প্ৰদান কৰাৰ পাছতো বিভাগীয় দুৰ্নীতি, অৱহেলা, এনে ঘটনাৰ প্ৰতি সংবেদনশীল মনোভাৱৰ অভাৱত এই  ঘটনাসমূহ ৰোধ হোৱা নাই বুলি সন্দিকৈয়ে আক্ষেপ কৰে।

এই সংবাদ মেলখনতে এনে ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধিৰ আঁৰতো অন্য এক বৃহৎ দুৰ্নীতিৰ সন্দেহ ব্যক্ত কৰি সন্দিকৈয়ে কয় যে পূৰ্বৰ ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ যোজনা (RGGVY) অৰ্থাৎ বৰ্তমানৰ দীনদয়াল উপাধ্যায় গ্ৰামজ্যেতি যোজনা (DDUGY) ব্যৱহাৰ কৰা তাঁৰবোৰ (কনডাক্টৰ) ট্ৰিপুল AAAৰ কনডাক্টৰ। ইয়ো এনে দুৰ্ঘটনাৰ অন্যতম কাৰক। পূৰ্বতে বৈদ্যুতিকৰণ আঁচনিত ACSR (Aluminium conductor steelreinforced) কনডাক্টৰ ব্যৱহাৰ হৈছিল। এই এলুমনিয়ামৰ তাঁৰডালৰ মাজত এডাল ষ্টীল তাঁৰ আছিল, যাৰফলত ই  সহজে ছিগি নপৰিছিল। কিন্তু RGGVY আঁচনিৰ লগতে শেহতীয়াভাৱে DDUGJY আঁচনিৰ অধীনত ব্যৱহৃত কম গুণগত মানৰ কনডাক্টৰ অৰ্থাৎ All Aluminium Alloy (AAA) নামৰ কম শক্তিশালী তাঁৰবিধো ৰাজ্যখনত ক্ৰমশঃ ভয়াৱহ ৰূপ লোৱা বিদ্যুৎস্পৃষ্ট ঘটনাৰ আঁৰৰ কাৰক। এই তাঁৰ যোগানৰ আঁৰতো এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰি সন্দিকৈয়ে কয় টাৰ্নকি পদ্ধতিত RGGVY, DDUGJYত বিভিন্ন কোম্পানীয়ে যোগান ধৰা কনডাক্টৰৰ লগতে অন্যান্য সামগ্ৰীবোৰৰ টেষ্টিং ৰিপ’ৰ্ট বিচাৰি আৰ টি আই দাখিল কৰা হৈছে যদিও বিভাগীয়ভাৱে আমাক তথ্য আজি পৰ্যন্ত যোগান ধৰা নাই। ইয়ে আমাৰ সন্দেহ ঘনীভূত কৰে বুলি উল্লেখ কৰি তাৎক্ষণিকভাবে আৰ টি আইৰ তথ্য যোগান ধৰিবলৈ প্ৰত্যাহ্বান জনায়।

2006 চনত ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত হাজাৰ হাজাৰ কোটি টকা এই বিভাগটোলৈ আহিছে যদিও ৰাজ্যখনৰ একাংশ আওপুৰণি বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ নবীকৰণ কৰা নাই। ফলত বিদ্যুত পৰিবাহী লাইনৰ উপযোগিতা হ্ৰাস পোৱাৰ লগতে দুৰ্ঘটনাজনিত ঘটনাও বৃদ্ধি পাইছে। একেদৰেই বিদ্যুৎ সুৰক্ষা বিধি সৰ্ন্দভত জনসচেতনা সৃষ্টিৰ বাবে বৃহৎ পুঁজি ব্যয় কৰা হয় যদিও ব্যবহাৰিক অৰ্থত এই সচেতনতা দেখিবলৈ পোৱা নাযায়। সেয়ে এইক্ষেত্ৰত এক ব্যাপক গণ সচেতনতা সৃষ্টিৰ অভিযানৰ লগতে বিদ্যুৎ সুৰক্ষা বিধি-উপবিধি সমূহ কঠোৰভাৱে বলবৎ কৰাৰ দাবী জনায় সংগঠনটোৱে।

সন্দিকৈয়ে অভিযোগ কৰামতে বিদ্যুৎস্পৃষ্টৰ ঘটনা ৰোধ কৰিবলৈ বৈদ্যুতিক পৰিদৰ্শকৰ কাৰ্যালয়ে এ পি ডি চি এলক বিভিন্ন পৰামৰ্শ প্ৰদান কৰি আহিছে। বিগত বছৰত জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে অসম বিদ্যুৎ নিয়ামক আয়োগত দাখিল কৰা এখন পিটিশ্যনৰ শুনানিতো পৰিদৰ্শকৰ কাৰ্যালয়ে অনেক গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰিছিল যদিও মৃত্যুদূতৰৃপী APDCLৰ গা নলৰাৰ ফলত আজিও প্ৰায় প্ৰতিদিনে ৰাজ্যখনত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা ঘটি আহিছে। এনেদৰে মৃত্যুক লৈ হেতালি নেখেলিবলৈ সন্দিকৈয়ে সকীয়াই দি কয় যে এই সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা কথা ভাবিছো।

অসম চৰকাৰে ২০১৭ৰ ২৭ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এইচ এন শৰ্মাক লৈ গঠন কৰি দিয়া এজনীয়া তদন্ত কমিটি গঠনৰ সিদ্ধান্তক আদৰণি জনাই সন্দিকৈয়ে কয় যে এই তদন্ত কমিটিয়ে যিহেতু 2017 চনৰ এপ্ৰিল মাহৰ পৰা সংঘটিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাহে তদন্ত কৰিব, সেয়ে সামগ্ৰিকভাৱে RGGVY বা শেহতীয়া DDUGJY ৰূপায়ণৰ নামত সংঘটিত হোৱাৰ সম্ভাৱনা থকা ব্যাপক কেলেংকাৰি-অনিয়মৰ কথা এই তদন্ত কমিটি পোহৰলৈ আনিবলৈ সক্ষম নহ’ব। এনে প্ৰেক্ষাপটত ভবিষ্যতলৈ বিদ্যুৎস্পৃষ্ট হৈ যাতে অসমে কোনো মানৱ সম্পদ হেৰুৱাব লগা নহয় তাৰ স্বাৰ্থতে ২০০৬ চনৰ পৰা সংঘটিত প্ৰতিটো বিদ্যুৎস্পৃষ্টৰ ঘটনাৰ লগতে এই সময়ছোৱাত ৰূপায়ণ হোৱা আঁচনি সমূহ, ট্ৰাৰ্নকি প্ৰক্ৰিয়াত ঠিকাদাৰ কোম্পানিকেইটাই যোগান ধৰা কনডাক্টৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো সেৱা সামগ্ৰীৰ গুণগত মান সৰ্ন্দভত এক তদন্তৰ আহ্বান জনাইছে স্বৰাজ অসমে।