• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছুপাৰিৰ চোৰাং বেহাই অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
March 31, 2018 2:55 pm
Betel-nut-smuggling

ম্যানমাৰৰ খাওমাৱি গাৱঁত ভাৰতীয় ট্ৰাকত ছুপাৰি উঠোৱা হৈছে । ফটো: নৰ্থ-ইষ্ট নাও

169
VIEWS
Share on FacebookShare on Twitter

পাণ-মছলা সেৱন কৰাটো ভাৰতীয় নাগৰিকৰ এটা তুলনামূলকভাৱে নতুন নিচা। এই নিচাটোৱে যে স্বাস্থ্যৰেই ক্ষতি কৰিছে এনে নহয়, দেশৰ ৰাজকোষৰো গভীৰ ক্ষতি কৰিছে। কাৰণ  পাণ-মছলা আৰু গুটখাৰ বাবে অত্যাৱশ্যকীয় কেঁচামাল ছুপাৰিৰ এখন বে-আইনী বজাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত খোপনি পুতিছে।

নৰ্থ-ইষ্ট নাওৰ দ্বাৰা সম্পন্ন কৰা এটা বিতং স্বতন্ত্ৰ তদন্তত ধৰা পৰিছে যে এক বিপুল পৰিমাণৰ ছুপাৰি (ঘাইকৈ থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ) কোনো আমদানি শুল্ক আদায় নিদিয়াকৈ ম্যানমাৰৰ মাজেৰে  জাহাজেৰে অসমলৈ অনা হয়।

ভাৰতৰ সুদূৰ পূব প্ৰান্তত চলি থকা পাণ-মছলাৰ বে-আইনী বাণিজ্যৰ আনুমানিক মূল্য প্ৰায় বছৰি ২,৫০০ কোটি টকাৰো অধিক। গুটখা আৰু পাণ-মছলাৰ প্ৰধান উপাদান হৈছে ছুপাৰি। ভাৰতৰ পাণ-মছলাৰ বজাৰখন আনুমানিক প্ৰায় ২৫,০০০ কোটি টকীয়া এখন বৃহৎ বজাৰ আৰু বছৰি প্ৰায় ই ১০শতাংশকৈ বাঢ়ি গৈ আছে।

২০১৭ চনৰ ১৭ ছেপ্টেম্বৰত ৰাজস্ব চোৰাংচোৱা সঞ্চালকালয়ে ( ডাইৰেক্টৰে’ট অব ৰেভিনিউ ইণ্টেলিজেঞ্চ) ছয়ীদ আহমেদ ছেইখক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ নৱি মুম্বাই আৰু নাগপুৰত থকা গুদামৰ পৰা ২৪০ মেট্ৰিক টন ইণ্ডোনেছিয়াৰ পৰা আমদানি কৰা ছুপাৰি জব্দ কৰিছিল।

তাৰ তিনিদিন পিছতে ছেপ্টেম্বৰৰ ২০ তাৰিখে ৰাজস্ব চোৰাংচোৱা সঞ্চালকালয়ে  মহম্মদ ৰাজা আব্দুল ঘানি তাৱাৰ নামৰ এজন লোকক আহমেদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ পৰা ইণ্ডোনেছিয়াৰ পৰা অনা ১২০ মেট্ৰিক টন ছুপাৰি জব্দ কৰিছিল। এই চোৰাং ছুপাৰিখিনিৰ আনুমানিক বজাৰ মূল্য হ’ব প্ৰায় ৬ কোটি টকা।

ৰাজস্ব চোৰাংচোৱা সঞ্চালকালয়ৰ ডিটেক্টিভসকলৰ জেৰাত ছয়ীদ আহমেদ ছেইখ আৰু ৰাজা আব্দুল ঘানি তাৱাৰে প্ৰকাশ কৰিছিল যে  তেওঁলোক ছিংগাপুৰ, থাইলেণ্ড, ম্যানমাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম আৰু মণিপুৰত সক্ৰিয় হৈ থকা এটা আন্তঃজাতিক চোৰাং ব্যৱসায়ৰ নেটৱৰ্কৰ এটা অংশ।

অবৈধ ছুপাৰিৰ সৰাবৰাহৰ অধিকভগেই মিজোৰামৰ জখাওথাৰ আৰু মণিপুৰৰ মোৰেহৰ মাজেৰে আহে। তেওঁলোকে স্বীকাৰ কৰিছে যে চোৰাং কাৰবাৰৰ নেটৱৰ্কে নিৰাপত্তা বাহিনী আৰু বলৱৎকাৰী এজেঞ্চিসমূহৰ সৈতে লগ হৈ কাম সমাধা কৰে।

অনুসন্ধানৰ দায়িত্বত থকা এগৰাকী উচ্চ পদস্থ বলৱৎকাৰী বিষয়াই নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে যে ম্যানমাৰৰ মাজেৰে ট্ৰাক ভৰ্তি কৰি লৈ অহা ছুপাৰিখিনি গুজৰাট, ৰাজস্থান, নতুন দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ গুটখা উৎপাদনকাৰী কাৰখানাসমূহলৈ লৈ অনা হয়।

আব্দুল ঘানি তাবাৰে প্ৰকাশ কৰা মতে তেওঁৰ কেইজনমা্ন ঘনিষ্ঠ সংগী মহাৰাষ্ট্ৰৰ গোন্দিয়াত বাস কৰে। মধ্য প্ৰদেশ, চত্তীশগড় আৰু মহাৰাষ্ট্ৰৰ তিনিটা সংযোগস্থানত অৱস্থিত বাবে মধ্য আৰু পূব ভাৰতৰ দুৱাৰমুখ হিচাপে বিৱেচিত হোৱা হেতুকে এই চহৰখন সুবিধাজনক। চহৰখনৰ এটা ব্যস্ত ৰেল ষ্টেশ্যন আছে।

যথেষ্ট সংখ্যক ধানকল থকা হেতুকে গোন্দিয়াক ‘ভাৰতৰ চাউলৰ ৰাজধানী’ বুলিও কোৱা হয়। গোন্দিয়াত অসংখ্য ধানকল থকা হেতুকে ইয়াত মজুত কৰিব পৰাকৈ বহুতো ঠাই আছে আৰু ইয়াতেই চোৰাং ছুপাৰিৰ এটা বিৰাট অংশ মজুত কৰি ৰখা হয়। আৰু ইয়াৰে পৰাই চোৰাং ব্যৱসায়ীয়ে ছুপাৰিখিনি মধ্য ভাৰতৰ বিভিন্ন স্থানত থকা গুটখা আৰু পাণ-মছলা প্ৰস্তুতকাৰী কাৰখানালৈ প্ৰেৰণ কৰে।

কাচাৰ জিলাৰ ঢালেশ্বৰত এক গোপন সূত্ৰৰ পম খেদি ৰাজস্ব চোৰাংচোৱা সঞ্চালকালয়ে ২০১৭ চনৰ ২৭ ছেপ্টেম্বৰত ৯১০টা বেগত ৮৬,০০০ কেজি ছুপাৰি জব্দ কৰিছিল যাৰ মূল্য ২.৬ কোটি টকা।

ভাৰতত থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ ছুপাৰিৰ চাহিদা ইমান অধিক কিয়?

ইণ্ডোনেছিয়া আৰু থাইলেণ্ডত বিপুল পৰিমাণত ছুপাৰি ক্ৰয় কৰিলে বহু সস্তাতে পোৱা যায়। ইয়াৰ দাম প্ৰতি টনত ২০০ ৰ পৰা ৩০০ আমেৰিকান ডলাৰ। অৰ্থাৎ উৎসত ছুপাৰিৰ দাম প্ৰতি কেজিত ১৩ ৰ পৰা ১৬ টকা হয়গৈ।

আনকি, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ পৰা ম্যানমাৰলৈ পৰিবহন ব্যয় আৰু বিভিন্ন স্থানত উৎকোচ দিও কাৰখানা আহি পোৱা এই ছুপাৰিখিনি গুটখা ব্যৱসায়ীসকলৰ বাবে বহুত সস্তা।

বৈধ ভাৱে আমদানি নহয় কিয়?

ছুপাৰিৰ বৈধ আমদানি হৈছে ৩০০ শতাংশ যাৰ বাবে ছুপাৰিৰ চোৰাং কাৰবাৰ অধিক আকৰ্ষণীয় হৈ পৰিছে। ঘৰুৱা উৎপাদনকাৰীসকলক উৎসাহ দিয়া আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আমদানি কৰাটো নিৰুৎসাহিত কৰাৰ বাবে চৰকাৰে ছুপাৰিৰ সর্বনিম্ন আমদানি মূল্য (minimum import price)নিৰ্ধাৰণ কৰিছে।সর্বনিম্ন আমদানি মূল্য হৈছে এটা হাৰ যাৰ তলত কোনো আমদানি অনুমোদিত কৰা নহয়।কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ জানুৱাৰিৰ ১৭ তাৰিখে জাৰি কৰা শেহতীয়া জাননী নং ৩৫/২০১৫-২০২০ যোগে অধ্যায় ৮ৰ এক্সিম কোড ০৯০২৮০ যোগে ছুপাৰি আমদানিৰ নীতিৰ সংশোধন কৰিছে। নতুন সংশোধনী মটে প্ৰতি কেজিত ১৬২ৰ পৰা ২৫১ টকা কৰা হৈছে। ২০১৫ লৈকে প্ৰতি কেজিত সর্বনিম্ন আমদানি মূল্য আছিল ৫২ টকা। ভাৰতত তামোলৰ সৰ্বাধিক উৎপাদনকৰ্তা ৰাজ্য হৈছে কৰ্ণাটক। তাৰ পিছতেই কেৰেলা আৰু অসম। এটা আনুমানিক হিচাপ মতে বহু বছৰ ধৰি ভাৰতত তামোলৰ উৎপাদন বছৰি ৬.৩ লাখ টনতেই ৰৈ আছে। ২০১৬ চনত ভাৰতে ৭২২.২১ কোটি টকাৰ তামোল আমদানি কৰিছিল। ইয়াৰে অধিকভাগেই আহিচিল বাংলাদেশৰ পৰা।

চোৰাং কাৰবাৰৰ ৰেকেট কেনেদৰে পৰিচালিত হয়

betel-2-300x179
পিক-আপ ভানেৰে ম্যানমাৰৰ পৰা ছুপাৰি কঢ়িয়াই অসমত প্ৰৱেশ কৰিছে । ফটো : নৰ্থ-ইষ্ট নাও

মণিপুৰ আৰু মিজোৰামৰ মাজেৰে ছুপাৰিৰ চোৰাং কাৰবাৰ কৰিবলৈ এটা সু-সংগঠিত নেটৱৰ্ক জড়িত হৈ আছে। চোৰাং নেটৱৰ্কৰ কেন্দ্ৰ বিন্দু হৈছে জোখাওথাৰৰ পূবত অৱস্থিত ম্যানমাৰৰ খাওমাৱি গাওঁ। সৰু পিক-আপ ভানত ছুপাৰিসমূহ মৰাপাতৰ থৈলাত খাওমাৱিলৈ কঢ়িয়াই অনা হয় আৰু ভাৰতৰ পিক-আপ ভানসমূহত সেইখিনি তুলি দিয়া হয়। ছুপাৰি ভৰ্তি পিক-আপ ভানসমূহ আনকি দিনৰ পোহৰতেই হাৰৱা নদীৰ দলং পাৰ হৈ চামফাইৰ মজুত কৰা ভঁড়াললৈ অনা হয়। চামফাই সীমাৰ পৰা ২২.৬ কি:মি: উত্তৰ-পশ্চিমত অৱস্থিত।

বে-আইনীভাবে আমদানি কৰা ছুপাৰিখিনি কিছু সংখ্যক আৰক্ষী আৰু শুল্ক বিভাগৰ বিষয়াসকলৰ কৃপাত নদী পাৰ কৰাটো সম্ভৱ হৈ উঠে। ছামফাই আহি পোৱাৰ পিছত ছুপাৰিখিনি মিজোৰামৰ কৃষকৰ উৎপাদন হিচাপে দেখুওৱা হয়। মিজোৰাম কৃষিজাত বাণিজ্য নিগম লিমিটেডে (Mizoram Agricultural Marketing Corporation Limited) স্থান পৰিৱৰ্তন অনুজ্ঞাপত্ৰ ( transit permits) জাৰি কৰি চোৰাং ছুপাৰিখিনিক ৰাজ্যখনৰ প্ৰকৃত উৎপাদিত সামগ্ৰীৰ বৈধতা প্ৰদান কৰে।

মিজোৰামে যদিওবা নগন্য পৰিমাণে ছুপাৰি উৎপাদন কৰে, তথাপি আইজলত বহুতো সন্দেহজনক যোগানকাৰী আছে। তেওঁলোকৰ কিছুমান আইজলৰ চিংগা ভেং অঞ্চলত বাস কৰে। মিজোৰামৰ যোগানকাৰীৰ নামত কিছুমানে আনকি মধ্য ভাৰতৰ ৰাজ্যসমূহলৈকেও ছুপাৰি প্ৰেৰণ কৰে।

ধৃত ব্যৱসায়ীকেইজনে ছুপাৰিখিনি মিজোৰাম আৰু মণিপুৰৰ বুলি সদায়েই দাবী কৰি আহিছে যদিও ‘বৃক্ষ আছুতীয়াকৰণ বিভাগ (Plant Quarantine Department) আৰু অন্য গৱেষণাগাৰত সম্পন্ন কৰা পৰীক্ষাত প্ৰমাণিত হৈছে যে নমুনাসমূহ থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ পৰা অহা।

আমোদজনক কথাটো হৈছে, এই বছৰৰ জানুৱাৰি মাহত ৰাজস্ব চোৰাংচোৱা সঞ্চালকালয়ে কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাৰ্চেল ভানৰ পৰা শিলচৰ আৰু বদৰপুৰ ষ্টেশ্যনৰ পৰা জব্দ কৰা দুটা ডবা ভৰ্তি চোৰাং ছুপাৰিৰ অনুসন্ধানত এটা নতুন কথা পোহৰলৈ আহিছে। এই চোৰাং নেটৱৰ্কৰ এজন সক্ৰিয় সদস্যক ছামিমুদ্দিন বুলি চিনাক্ত কৰা হৈছে।

চোৰাং ব্যৱসায়ীয়ে এতিয়া শিয়াদদহকো বে-আইনীভাৱে আমদানি কৰা ছুপাৰি মধ্য ভাৰতৰ পাণ-মছলা প্ৰস্তুত কৰা ৰাজ্যসমূহলৈ প্ৰেৰণ কৰাৰ এটা ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছে। জানিব পৰা মতে কলকাতাৰ কেইজনমান ছুপাৰি সৰাবৰাহকাৰী আৰু যোগানকাৰী এই চোৰাং কাৰবাৰৰ নেটৱৰ্কটোৰ সৈতে জড়িত হৈ আছে।

দক্ষিণ অসমৰ কাচাৰ জিলাৰ ধোলাই আৰু বাঘা বাজাৰৰ স্থানীয় সৰাবৰাহকাৰীও এই নেটৱৰ্কৰ সৈতে জড়িত আছে।

মণিপুৰ নেটৱৰ্ক

থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ ছুপাৰিৰ এটা বিপুল পৰিমাণ মিজোৰাম হৈ আহে যদিও আন এটা নেটৱৰ্কও উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় হৈ আছে। ধাৰাবাহিকভাৱে কৰা এলানি অভিযান, জব্দ কৰা আৰু জেৰাৰ পৰা মণিপুৰতো যে এটা চোৰাং নেটৱৰ্ক সক্ৰিয় হৈ থকা তাৰ তথ্য পোহৰলৈ আহিছে।

চান্দেল জিলাৰ মোৰেহৰ মাজেৰে এই চালানকৃত ছুপাৰিখিনি চোৰাংকৈ মণিপুৰলৈ লৈ অহা হয়। অত্যাধিক চাহিদাযুক্ত এই ছুপাৰিখিনি পশ্চিম ম্যানমাৰৰ নামফালঙলৈ পিক-আপ ভানেৰে লৈ অহা হয় আৰু মূৰত বোজাই কৰি ভাৰতত চোৰাংভাৱে প্ৰৱেশ কৰোৱা হয়। তাৰ পাছতেই সেইবোৰ মোৰেহত ট্ৰাকত উঠোৱা হয় আৰু সেইবোৰক ভূৱা পৰিবহন অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়।

ইয়াৰে কিছুখিনি চালানকৃত ছুপাৰি ডিমাপুৰ ষ্টেশ্যনত দীৰ্ঘ দূৰত্বগামী ৰেলগাড়ীত বোজাই কৰা হয়, কাৰবি আলং আৰু গোলাঘাটৰ সৰুপথাৰত থকা এটা শক্তিশালী নেটৱৰ্কে চোৰাং ব্যৱসায়ৰ এই ৰেকেটটো চলাই আছে। শেহতীয়াভাৱে গোলাঘাট জিলাত ছুপাৰি ভৰ্তি ৪ খন ট্ৰাক জব্দ কৰা হৈছে।বাবুল আলী নামৰ এজন লোক গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত চোৰাং ব্যৱসায়ৰ নেটৱৰ্কৰ খলনায়ক বুলি জানিব পৰা গৈছে।

অসম চৰকাৰৰ পদক্ষেপ

শেহতীয়াভাৱে অসম বিধানসভাৰ আইন কাৰ্যকৰীকৰণ কমিটীয়ে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ ছুপাৰিৰ চোৰাং ব্যৱসায়ৰ প্ৰতিৱেদনৰ ওপৰত নজৰ দিছে।এই বিষয়ৰ সন্দৰ্ভত সংশ্লিষ্ট দুয়োখন জিলাৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক দিচপুৰলৈ মাতি অনা হৈছে।

প্ৰতিৱেদন অনুসৰি, দুয়োখন জিলাৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে দাবী কৰিছে যে ছুপাৰিসমূহ মণিপুৰৰ বুলি দেখুওৱা হয় আৰু ট্ৰাকসমূহে সদায়েই মণিপুৰ চৰকাৰে প্ৰদান কৰা স্থানীয় পৰিবহন অনুজ্ঞাপত্ৰ লগত ৰাখে।

প্ৰতিৱেদনত প্ৰকাশ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ফেব্ৰুৱাৰিৰ ২৪ তাৰিখে ছুপাৰি মাফিয়া আবুল হান্নানে অপহৰণ কৰি নিছিল। গোলাঘাট আৰক্ষী থানাত হান্নান আলীৰ বিৰুদ্ধে এই সন্দৰ্ভত এটা অভিযোগ দিছে।

Recent News

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd