ছেটেলাইট আলোকচিত্রত ধৰা পৰিল চীনৰ ভযংকৰ ষড়যন্ত্ৰঃ চীনত মাটিৰ তলৰ ৯০০ মিটাৰ সুংৰগত অদৃশ্য হ’ব ব্ৰহ্মপুত্ৰ !

ফটোঃ 'দ্য প্ৰিন্ট'ৰ সৌজন্যত

চীনে ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰাৰ সম্ভাৱ্য পৰিকল্পনাক লৈ সৃষ্টি হোৱা সন্দেহক এক নতুন মাত্ৰা প্ৰদান কৰিছে শেহতীয়াভাৱে ছেটেলাইত যোগে ধৰা পৰা  আলোকচিত্ৰত। ইয়াত দেখা গৈছে যে তিব্বতৰ য়াৰলঙ ছাংপো-‘ব্ৰহ্মপুত্ৰ’ ৰ ওপৰত এটা বিশাল বান্ধ আৰু লগতে প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘৰ ভূমিতলৰ সুৰংগ এটাৰে গোটেই পানী বোৱাই নিয়াৰ পৰিকল্পনাৰ ছবি। এই ঘটনাটো পোহৰলৈ আনিছে অৱসৰপ্ৰাপ্ত কৰ্ণেল বিনায়ক ভাট নামৰ এগৰাকী সেনা বিষয়াই। ভাটে ভাৰতীয় সেনা বাহিনীত সুদীৰ্ঘ ৩৩ বছৰ কাল সেৱা আগবঢ়াইছিল। ‘দ্য প্ৰিন্ট’ ৰ এক বিশদ প্ৰতিবেদনত এয়া প্ৰকাশ পাইছে। ভাটে সেনা বাহিনীত এগৰাকী ছেটেলাইট আলোকচিত্ৰ বিশ্লেষক হিচাপে দুই দশকৰো অধিক সময় কাম কৰিছিল আৰু জম্মু-কাশ্মীৰ তথা উত্তৰ-পূবৰ অতি উচ্চ পাহাৰীয়া অঞ্চলত সেৱা আগবঢ়াইছিল।

যদিওৱা নৰেন্দ্ৰ মোডী চৰকাৰে ‘গতি সলনি কৰা কোনো প্ৰকল্পৰ প্ৰমাণ নাই’ বুলি স্থিতি প্ৰকাশ কৰি আহিছে, যোৱা ২৬ নৱেম্বৰত ছেটেলাইট যোগে ‘ইউ এছ কমাৰ্চিয়েল ভেণ্ডৰ অফ্ স্পেচ ইমেজাৰী ডিজিটেল গ্ল’ব’ ৰ সৌজন্যত লাভ কৰা ছবিয়ে  প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত থকা এটা প্ৰকল্পৰ কথাকে পোহৰলৈ আনিছে।

ছবিত দেখা পোৱা অনুসৰি এটা ২০০ মিটাৰ বহল নতুন বান্ধে ব্ৰহ্মপুত্ৰৰ গোটেই পানী আবদ্ধ কৰি ৰাখিব বুলি অনুমান কৰা হৈছে। গোটই নদীখনকে দুটা প্ৰায় ৫০ মিটাৰ বহল সুঁতিৰে নদীখনৰ পশ্চিম ভাগৰ পৰা বোৱাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। ‘দ্য প্ৰিন্ট’ ৰ প্ৰতিবেদনত কোৱা হৈছে যে পানীৰ সোঁত আকাৰ আৰু আকৃতিৰ ফালৰ পৰা সমান সুঁতি দুটাৰে বোৱাই আনি প্ৰায় ৯০০ মিটাৰ তলৰ সুৰংগত পেলোৱা হ’ব।

এই প্ৰকল্পটো সম্পৰ্কত উত্থাপিত হোৱা প্ৰশ্নটো হৈছে যে ছাংপো বা জাংমু বান্ধটো ১৩ কিলোমিটাৰ নামনিত অলপতে আন  নিৰ্মাণ কৰা হৈছিল। এই নদীবান্ধটো ২০১৫ ৰ শেষভাগত মুকলি কৰা হৈছিল আৰু ইয়াৰ শক্তি উৎপাদন ক্ষমতা হৈছে ৫১০ মেগাৱাট। প্ৰতিবদেন অনুসৰি ছাংপো বান্ধ সম্পৰ্কত ভাৰতৰ আপত্তিক চীনে কোনোধৰণৰ মনোযোগ দিয়া নাই।

পৰ্বতৰ ভিতৰেৰে গোটেই পানী বোৱাই নিয়া ছাংপোৰ ১৩ কিলোমিটাৰ উজনি অংশত নিৰ্মাণ কৰা আন এটা বান্ধে স্পষ্ট কৰিছে যে ইয়াৰ উদ্দেশ্য কেৱল বিদ্যুৎশক্তি উৎপাদন নহয়।এই প্ৰকল্পটোৰ উদ্দেশ্য সম্ভৱত: ব্ৰহ্মপুত্ৰৰ এভাগ পানী শুকান অঞ্চল টাকলামাকামলৈ বোৱাই লৈ যোৱা।

ব্ৰহ্মপুত্ৰৰ নামনিত থকা ভাৰতৰ ইয়াৰ পানীৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে আৰু নদীখনৰ পানীৰ যিকোনো প্ৰকাৰৰ গতি সলনিয়ে ভাৰতীয় কৃষিক ক্ষতিগ্ৰস্ত কৰিব। কোনো জৰুৰী অৱস্থাত এই প্ৰকল্পৰ পৰা হঠাতে পানী মুকলি কৰি দিলে ই ভাৰতীয় ভূ-ভাগত সন্ত্ৰাসৰ সৃষ্টি কৰিব।

ছেটেলাইটৰ ছবিয়ে  লগতে ইয়াৰ কাষত শিল ভঙা যন্ত্ৰ আৰু চিমেন্ট কাৰখানৰ উপস্থিতি স্পষ্ট কৰি দেখুৱাইছে। এই ব্যৱস্থাৰ পৰা উৎপাদিত সামগ্ৰীসমূহ নিশ্চিতভাৱে এই সুৰংগ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ’ব। এই সামগ্ৰীসমূহ সুৰংগসমূহৰ ভিতৰৰ পৰা উলিয়াই আনি পথৰ উচ্চতাৰ সমানকৈ নদীত বহুৱাব। বেছিভাগ শিলেই বিভিন্ন আকৃতিত ভঙা হৈছে আৰু ইয়াৰ কিছুমান হয়তো পানীৰ সোঁতৰ সৈতে এৰি দিয়া হ’ব। ‘দ্য প্ৰিন্ট’ত এই সবিশেষ তথ্য প্ৰকাশ পাইছে।

অঞ্চলটোৰ পৰা এক বৃহৎ সংখ্যক মাল কঢ়িওৱা গাড়ীৰে সামগ্ৰীসমূহ অনা নিয়া কৰা হৈছে। প্ৰকল্পটোৰ পূব অংশত এটা প্ৰশাসনিক অঞ্চলো দেখা গৈছে। ইয়াত ৰঙা চালিৰ বৃহৎ সংখ্যক ঘৰ, বেৰেক আছে যিবোৰ সম্ভৱত: কৰ্মচাৰীৰ আৱাস আৰু প্ৰশাসনিক ভৱন হ’ব পাৰে বুলি প্ৰতিবেদনত কোৱা হৈছে।

ইয়াৰ আগেয়ে বিশিষ্ট বান আৰু নদীৰ গৰাখহনীয়া সম্পৰ্কীয় গৱেষণা বিশেষজ্ঞ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আলাস্কা এংকোৰেজ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অৰবিন্দ ফুকনে বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা সম্পৰ্কত দুই সীমান্ত সংযোগী নদীখনৰ চীনৰ অংশত এটা সুৰংগ নিৰ্মাণৰ প্ৰসংগ উত্থাপন কৰিছিল। গুৱাহাটীত যোৱা ১১ ডিচেম্বৰত আসাম ডাউন টাউন ইউনিভাৰ্ছিটিয়ে আয়োজন কৰা ‘ভূমিস্খলন আৰু নদীৰ গৰাখহনীয়া’ বিষয়ক এখন আলোচনাচক্ৰত ফুকনে মুখ্য বক্তাৰ ভাষণ ৰাখিছিল।

অৱশ্যে, চীনে ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰিবলৈ এটা সুৰংগ নিৰ্মাণৰ বিষয়টো অস্বীকাৰ কৰিছে।