• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছেটেলাইট আলোকচিত্রত ধৰা পৰিল চীনৰ ভযংকৰ ষড়যন্ত্ৰঃ চীনত মাটিৰ তলৰ ৯০০ মিটাৰ সুংৰগত অদৃশ্য হ’ব ব্ৰহ্মপুত্ৰ !

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 9:58 am
ফটোঃ 'দ্য প্ৰিন্ট'ৰ সৌজন্যত

ফটোঃ 'দ্য প্ৰিন্ট'ৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰাৰ সম্ভাৱ্য পৰিকল্পনাক লৈ সৃষ্টি হোৱা সন্দেহক এক নতুন মাত্ৰা প্ৰদান কৰিছে শেহতীয়াভাৱে ছেটেলাইত যোগে ধৰা পৰা  আলোকচিত্ৰত। ইয়াত দেখা গৈছে যে তিব্বতৰ য়াৰলঙ ছাংপো-‘ব্ৰহ্মপুত্ৰ’ ৰ ওপৰত এটা বিশাল বান্ধ আৰু লগতে প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘৰ ভূমিতলৰ সুৰংগ এটাৰে গোটেই পানী বোৱাই নিয়াৰ পৰিকল্পনাৰ ছবি। এই ঘটনাটো পোহৰলৈ আনিছে অৱসৰপ্ৰাপ্ত কৰ্ণেল বিনায়ক ভাট নামৰ এগৰাকী সেনা বিষয়াই। ভাটে ভাৰতীয় সেনা বাহিনীত সুদীৰ্ঘ ৩৩ বছৰ কাল সেৱা আগবঢ়াইছিল। ‘দ্য প্ৰিন্ট’ ৰ এক বিশদ প্ৰতিবেদনত এয়া প্ৰকাশ পাইছে। ভাটে সেনা বাহিনীত এগৰাকী ছেটেলাইট আলোকচিত্ৰ বিশ্লেষক হিচাপে দুই দশকৰো অধিক সময় কাম কৰিছিল আৰু জম্মু-কাশ্মীৰ তথা উত্তৰ-পূবৰ অতি উচ্চ পাহাৰীয়া অঞ্চলত সেৱা আগবঢ়াইছিল।

যদিওৱা নৰেন্দ্ৰ মোডী চৰকাৰে ‘গতি সলনি কৰা কোনো প্ৰকল্পৰ প্ৰমাণ নাই’ বুলি স্থিতি প্ৰকাশ কৰি আহিছে, যোৱা ২৬ নৱেম্বৰত ছেটেলাইট যোগে ‘ইউ এছ কমাৰ্চিয়েল ভেণ্ডৰ অফ্ স্পেচ ইমেজাৰী ডিজিটেল গ্ল’ব’ ৰ সৌজন্যত লাভ কৰা ছবিয়ে  প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত থকা এটা প্ৰকল্পৰ কথাকে পোহৰলৈ আনিছে।

Apply Now

ছবিত দেখা পোৱা অনুসৰি এটা ২০০ মিটাৰ বহল নতুন বান্ধে ব্ৰহ্মপুত্ৰৰ গোটেই পানী আবদ্ধ কৰি ৰাখিব বুলি অনুমান কৰা হৈছে। গোটই নদীখনকে দুটা প্ৰায় ৫০ মিটাৰ বহল সুঁতিৰে নদীখনৰ পশ্চিম ভাগৰ পৰা বোৱাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। ‘দ্য প্ৰিন্ট’ ৰ প্ৰতিবেদনত কোৱা হৈছে যে পানীৰ সোঁত আকাৰ আৰু আকৃতিৰ ফালৰ পৰা সমান সুঁতি দুটাৰে বোৱাই আনি প্ৰায় ৯০০ মিটাৰ তলৰ সুৰংগত পেলোৱা হ’ব।

এই প্ৰকল্পটো সম্পৰ্কত উত্থাপিত হোৱা প্ৰশ্নটো হৈছে যে ছাংপো বা জাংমু বান্ধটো ১৩ কিলোমিটাৰ নামনিত অলপতে আন  নিৰ্মাণ কৰা হৈছিল। এই নদীবান্ধটো ২০১৫ ৰ শেষভাগত মুকলি কৰা হৈছিল আৰু ইয়াৰ শক্তি উৎপাদন ক্ষমতা হৈছে ৫১০ মেগাৱাট। প্ৰতিবদেন অনুসৰি ছাংপো বান্ধ সম্পৰ্কত ভাৰতৰ আপত্তিক চীনে কোনোধৰণৰ মনোযোগ দিয়া নাই।

পৰ্বতৰ ভিতৰেৰে গোটেই পানী বোৱাই নিয়া ছাংপোৰ ১৩ কিলোমিটাৰ উজনি অংশত নিৰ্মাণ কৰা আন এটা বান্ধে স্পষ্ট কৰিছে যে ইয়াৰ উদ্দেশ্য কেৱল বিদ্যুৎশক্তি উৎপাদন নহয়।এই প্ৰকল্পটোৰ উদ্দেশ্য সম্ভৱত: ব্ৰহ্মপুত্ৰৰ এভাগ পানী শুকান অঞ্চল টাকলামাকামলৈ বোৱাই লৈ যোৱা।

ব্ৰহ্মপুত্ৰৰ নামনিত থকা ভাৰতৰ ইয়াৰ পানীৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে আৰু নদীখনৰ পানীৰ যিকোনো প্ৰকাৰৰ গতি সলনিয়ে ভাৰতীয় কৃষিক ক্ষতিগ্ৰস্ত কৰিব। কোনো জৰুৰী অৱস্থাত এই প্ৰকল্পৰ পৰা হঠাতে পানী মুকলি কৰি দিলে ই ভাৰতীয় ভূ-ভাগত সন্ত্ৰাসৰ সৃষ্টি কৰিব।

ছেটেলাইটৰ ছবিয়ে  লগতে ইয়াৰ কাষত শিল ভঙা যন্ত্ৰ আৰু চিমেন্ট কাৰখানৰ উপস্থিতি স্পষ্ট কৰি দেখুৱাইছে। এই ব্যৱস্থাৰ পৰা উৎপাদিত সামগ্ৰীসমূহ নিশ্চিতভাৱে এই সুৰংগ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ’ব। এই সামগ্ৰীসমূহ সুৰংগসমূহৰ ভিতৰৰ পৰা উলিয়াই আনি পথৰ উচ্চতাৰ সমানকৈ নদীত বহুৱাব। বেছিভাগ শিলেই বিভিন্ন আকৃতিত ভঙা হৈছে আৰু ইয়াৰ কিছুমান হয়তো পানীৰ সোঁতৰ সৈতে এৰি দিয়া হ’ব। ‘দ্য প্ৰিন্ট’ত এই সবিশেষ তথ্য প্ৰকাশ পাইছে।

অঞ্চলটোৰ পৰা এক বৃহৎ সংখ্যক মাল কঢ়িওৱা গাড়ীৰে সামগ্ৰীসমূহ অনা নিয়া কৰা হৈছে। প্ৰকল্পটোৰ পূব অংশত এটা প্ৰশাসনিক অঞ্চলো দেখা গৈছে। ইয়াত ৰঙা চালিৰ বৃহৎ সংখ্যক ঘৰ, বেৰেক আছে যিবোৰ সম্ভৱত: কৰ্মচাৰীৰ আৱাস আৰু প্ৰশাসনিক ভৱন হ’ব পাৰে বুলি প্ৰতিবেদনত কোৱা হৈছে।

ইয়াৰ আগেয়ে বিশিষ্ট বান আৰু নদীৰ গৰাখহনীয়া সম্পৰ্কীয় গৱেষণা বিশেষজ্ঞ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আলাস্কা এংকোৰেজ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অৰবিন্দ ফুকনে বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা সম্পৰ্কত দুই সীমান্ত সংযোগী নদীখনৰ চীনৰ অংশত এটা সুৰংগ নিৰ্মাণৰ প্ৰসংগ উত্থাপন কৰিছিল। গুৱাহাটীত যোৱা ১১ ডিচেম্বৰত আসাম ডাউন টাউন ইউনিভাৰ্ছিটিয়ে আয়োজন কৰা ‘ভূমিস্খলন আৰু নদীৰ গৰাখহনীয়া’ বিষয়ক এখন আলোচনাচক্ৰত ফুকনে মুখ্য বক্তাৰ ভাষণ ৰাখিছিল।

অৱশ্যে, চীনে ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰিবলৈ এটা সুৰংগ নিৰ্মাণৰ বিষয়টো অস্বীকাৰ কৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd