ছোহানৰ পিছত মেঘালয় আৰক্ষীৰ পৰৱৰ্তী লক্ষ্য দৃষ্টি ৰাজখোৱা

SOHAN-ARMS-570x320

ম’ষ্ট ৱান্টেড বিদ্ৰোহী ছোহান ডি সিৰাক হত্যা কৰাৰ পিছত মেঘালয় আৰক্ষীৰ পৰৱৰ্তী লক্ষ্য গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মি (জিএনএলএ)ক সমৰ্থন দিয়া অসমৰ বিদ্ৰোহী সংগঠনৰ মূল ব্যক্তি আলফা (স্বা:)ৰ বিদ্ৰোহী দৃষ্টি ৰাজখোৱা।

সংবাদ মাধ্যমৰ বক্তৱ্য ৰাখি ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) এছ বি সিংঙে কয়, ‘’এই অভিযানটো আছিল বিগত চাৰি বছৰ ধৰি গাৰো পাহাৰত চলি থকা তীব্ৰ সন্ত্ৰাস বিৰোধী অভিযানৰ এক সফল পৰিণতি। আমাৰ জোৱানসকলে এক লেখত ল’বলগীয়া  কাম কৰিছে।‘’

তেওঁ জনায় যে আইইডি বিস্ফোৰণৰ বাবে জিএনএলএৰ কেডাৰসকলৰ প্ৰশিক্ষণ দিয়াৰ আঁৰত থকা মূল মানুহ দৃষ্টি ৰাজখোৱা হৈছে মেঘালয় আৰক্ষীৰ পৰৱৰ্তী লক্ষ্য।

‘’ আমি বিএছএফ আৰু আন অৰ্দ্ধ সামৰিক বাহিনীক গাৰো পাহাৰত দৃষ্টি ৰাজখোৱাৰ অৱস্থিতি ধৰা পেলাবলৈ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত দৃষ্টি ৰাখিবলৈ সতৰ্ক কৰি দিছো,’’-ডিজিপি গৰাকীয়ে কয়।

জিএনএলএৰ বাকী থকা কেডাৰসকলক আটক কৰাৰ বাবে অভিযান এতিয়াও চলি আছে।

ডিজিপিয়ে লগতে জনায় যে সংগঠনটোৰ নতুন উপ সেনাধ্যক্ষ মেটছেলাঙ আৰু ছোহানৰ মূল দেহৰক্ষীগৰাকীক হত্যা কৰাৰ পিছত ছোহানৰ শক্তি হ্ৰাস পাইছিল।

‘’ৰাজখোৱাই জিএনএলএক পুনৰ্সংগঠিত কৰাৰ চেষ্টা চলাব পাৰে বা বাংলাদেশলৈ পলাই যাব পাৰে। সেয়েহে বিএছএফক সতৰ্ক কৰি দিয়া হৈছে আৰু আৰু আমাৰ জোৱানসকলেও সন্ধান অব্যাহত ৰাখিছে,’’-সিঙে জনায়।

ডিজিপি সিঙে বাকী বিদ্ৰোহীসকলক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনায়।

ডিজিপি গৰাকীয়ে লগতে নিশ্চিত কৰিছে যে ছামান্দাত আইইডি বিস্ফোৰণেৰে এনচিপি প্ৰাৰ্থী জনাথন ছাংমাক শেহতীয়াভাৱে হত্যা কৰাৰ আঁৰত জিএনএলএই আছিল।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত দুটা আইইডি প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা দুটা ক্লেম’ৰ কেচিং পোৱা গৈছে যিটো এনচিপি প্ৰাৰ্থীৰ আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰাটোৰ সৈতে একেই।

উদ্ধাৰ হোৱা আন সামগ্ৰীসমূহৰ ভিতৰত আছে হেকলাৰ আৰু ক’চ আঘাতকাৰী ৰাইফলছ, এটা পিষ্টল, বৃহৎ পৰিমানৰ গুলী-বাৰুদ, দুই ডজনতকৈও অধিক জিলেটিন ষ্টিক, মোবাইল পোন, জিএনএলএৰ লেটাৰ পেড, দাবী পত্ৰ আৰু বাংলাদেশী টকা।