ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত মুখ্য মন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰক : প্ৰাক্তন আক্ৰাছু সভাপতি বিশ্বজিৎ ৰায়

15regbiswajitroy_181758-570x320

ছয় জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি প্ৰদান কৰিবলৈ বিজেপি চৰকাৰ এই ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি বৃহস্পতিবাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে মন্তব্য কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি  বিশ্বজিৎ ৰায়ে।

ৰায়ে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কয় যে যোৱা লোকসভা আৰু অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈ শাসনলৈ আহিছিল। কিন্তু  শাসনত অহাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে জনজাতিকৰণৰ বিষয়টো সমাধান নকৰি বিজেপি দলে অসমৰ ছয় জনগোষ্ঠীক চৰম ভাৱে প্ৰতাৰণা কৰিলে l

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী ওৰামে এবছৰৰ পূৰ্বে জনজাতিকৰণৰ সন্দৰ্ভত কাম কাজ চলি থকা বুলি মন্তব্য কৰিছিল। আনকি যোৱা ২০১৫ চনৰ বিটিচি নিৰ্বাচনৰ সময়তো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহি অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰতে জনজাতিকৰণ কৰিম বুলি মন্তব্য কৰিছিল।

কিন্তু লক্ষ্যণীয়ভাৱে আজি একেগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ওৰামে কৰা মন্তব্যত অসমৰ ছয় জনগোষ্ঠীৰ আবেগক লৈ যে বিজেপিয়ে হেতালী খেলি আছে সেয়া স্পষ্ট হৈ পৰিল।

কোচ ৰাজবংশীয়ে ১৯৬৮ৰ পৰা জনজাতিৰ মৰ্যাদা বিচাৰি আহিছে। আৰু ১৯৯৬ চনত সকলো অনুমোদন হোৱাৰ পাছত তদানীন্তন ৰাষ্ট্ৰপতি ড০ শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে এবছৰৰ বাবে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল।

উল্লেখ্য যে তদানীন্তন অটল বিহাৰী বাজপেয়ীৰ চৰকাৰতো জুৱেল ওৰামে একে দপ্তৰৰ দায়িত্বত আছিল। আৰু ২০০২ চনৰ ১৮ ডিচেম্বৰত সংসদৰ মজিয়াত কোচ ৰাজবংশীসকলক জনজাতি প্ৰদান কৰিবলৈ অনুমোদন হোৱা বুলি ঘোষণা কৰিছিল। এতিয়া একে গৰাকী মন্ত্ৰীয়ে ওলোটা খৰ মৰাতো অতি দূৰ্ভাগ্যজনকেই নহয় চৰম প্ৰতাৰণা। বিজেপি চৰকাৰৰ এই প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ ছয় জনগোষ্ঠীয়ে  দিবই লাগিব বুলি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৰায়ে মন্তব্য কৰে।