ৰাজ্য চৰকাৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ধাৰা ২৪৪ (এ) লুপ্ত কৰাৰ কাৰণে চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল। পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবী কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ বিভিন্ন দল সংগঠনৰ দীৰ্ঘ দিনীয়া দাবী। কিন্তু যোৱা ৩ জানুৱাৰিত ৰাজ্যসভাত প্ৰশ্ন উত্তৰ পৰ্ব চলি থকাৰ সময়ত সাংসদ বিশ্বজিত দৈমাৰিৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুয়ে কয় যে কেন্দ্ৰীৰ নতুন ৰাজ্য গঠনৰ তেনে পৰিকল্পনা নাই।
আনহাতে সংবিধানৰ ২৪৪(এ) অনুচ্ছেদৰ অধীনৰ স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ যি বিধি নিয়ম লিপিবদ্ধ কৰা আছে এই বিধি উঠাই দিয়াৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এক প্ৰস্তাৱ দিয়া হৈছে। অবশ্যে ৰাজ্য চৰকাৰৰ এনে অভিসন্ধিৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে ডিমা হাচাওৰ কংগ্ৰেছ।
বুধবাৰে কাৰ্বি আংলং আৰু ডিমা হাচাও কংগ্ৰেছৰ যুটীয়া উদ্যোগত হাফলঙৰ ৰাজীৱ ভবনত এদিনীয়া সন্মিলনৰ আয়োজন কৰে। যত বিজেপি মিত্ৰজোটৰ অসম চৰকাৰে দুই পাৰ্বত্য জিলাৰ ৰাইজৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ নিন্দা কৰা হয়।
অসম প্ৰদেশ কংগ্ৰেছৰ সচিব চেমছন ইংতিয়ে কয় যে বিজেপি দল যে আচলতে ট্ৰাইবাল বিৰোধী স্থিতি লৈ কাম কৰিছে সেয়া ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ধাৰা ২৪৪ (ক) বিলুপ্ত কৰাৰ কাৰনে কৰা অপচেষ্টাই ইয়াৰ অন্যতম উদাহৰণ। গেৰুৱা দলে কেতিয়াও দুইখন পাৰ্বত্য জিলাৰ উন্নয়ন বিচৰা নাই।
সংবাদ মেলত ইংতিয়ে আৰু কয় যে চৰকাৰে যদি পাৰ্বত্যবাসীক প্ৰতাৰণা কৰিব বিচাৰিছে তেতিয়া হ’লে নিৰ্বাচনৰ কালছোৱাত কিয় কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ কথা কৈছিল ? যদিও কংগ্ৰেছ দলে পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনত আগ ভাগ লোৱা নাই কিন্তু কংগ্ৰেছ দলে স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ সাংবিধানিক বিধি কৰ্তন কৰাৰ কাৰনে কোনো অপচেষ্টা চলোৱা নাই।
বৰ্তমান বিজেপি শাসিত ৰাজ্য চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ সংবিধানৰ পৰা ধাৰা ২৪৪(এ)ত থকা উপ বিধি কৰ্তন কৰাৰ কাৰণে অপচেষ্টাত লিপ্ত হৈছে। যি আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। আনহাতে বিজেপি ৰাজ্য তথা কেন্দ্ৰত ক্ষমতাত অহাৰ আগতে সংবিধানৰ ২৪৪(এ) অনুচ্ছেদৰ সপক্ষে মাত মাতি এল কে আডবানিকে ধৰি তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে কাৰ্বি আংলংৰ ডিফুত নিৰ্বাচনী জনসভাত কৈছিল যে বিজেপি দল ক্ষমতাত আহিলে স্বায়ত্ত শাসিত ৰাজ্য দিয়া হব।
এতিয়া কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলে শাসন ভাৰ হস্তগত কৰাৰ পিছত চৰকাৰৰ এনে পাহাৰ বিৰোধী স্থিতি বিজেপি দলৰ আচল পৰিচয় বুলি কটাক্ষ কৰে ইংতিয়ে। তেওঁ লগতে কয় যে ডিমা হাচাও কাৰ্বি আংলংৰ পৰা অসম বিধানসভাত নিৰ্বাচিত হৈ যোৱা আটাই কেইজন বিধায়কৰ কোনো সাহস নাই।
ডিমা হাচাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংঠাচাই কয় যে দুই পৰিষদৰ নেতা সকলে অনতি পলমে নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। কাৰন তেওঁলোকৰ ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই। নিৰ্মলে স্পষ্ট কৰি দি কয় যে বিজেপি দলে পৃথক স্বায়ত্ত শাসিত ৰাজ্য দিয়াত যদি আন্তৰিক নহয় তেতিয়া হ’লে আমাৰ ক’বলগীয়া একো নাই। কিন্তু সাংবিধানিক অধিকাৰ কাটি পেলাই দিয়াৰও বিজেপিৰ কোনও অধিকাৰ নাই। তথাপি বিজেপি দলে ক্ষমতাৰ অপব্যৱহাৰ কৰিব বিচাৰিলে কংগ্ৰেছ দলে বৃহত্তৰ আন্দোলনৰ দিশে গতি কৰিব।