• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি জনজাতি বিৰোধী দল : কংগ্ৰেছ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 18, 2018 6:43 pm
হাফলঙত কংগ্ৰেছৰ সংবাদমেল

হাফলঙত কংগ্ৰেছৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ধাৰা ২৪৪ (এ) লুপ্ত কৰাৰ কাৰণে চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল। পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবী কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ  বিভিন্ন দল সংগঠনৰ দীৰ্ঘ দিনীয়া দাবী। কিন্তু যোৱা ৩ জানুৱাৰিত ৰাজ্যসভাত প্ৰশ্ন উত্তৰ পৰ্ব চলি থকাৰ সময়ত সাংসদ বিশ্বজিত দৈমাৰিৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুয়ে কয় যে কেন্দ্ৰীৰ নতুন ৰাজ্য গঠনৰ তেনে পৰিকল্পনা নাই।

আনহাতে সংবিধানৰ ২৪৪(এ) অনুচ্ছেদৰ অধীনৰ স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ যি বিধি নিয়ম লিপিবদ্ধ কৰা আছে এই বিধি উঠাই দিয়াৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এক প্ৰস্তাৱ দিয়া হৈছে। অবশ্যে ৰাজ্য চৰকাৰৰ এনে অভিসন্ধিৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে ডিমা হাচাওৰ কংগ্ৰেছ।

Apply Now

বুধবাৰে কাৰ্বি আংলং আৰু ডিমা হাচাও কংগ্ৰেছৰ যুটীয়া উদ্যোগত হাফলঙৰ ৰাজীৱ ভবনত এদিনীয়া সন্মিলনৰ আয়োজন কৰে। যত বিজেপি মিত্ৰজোটৰ অসম চৰকাৰে দুই পাৰ্বত্য জিলাৰ ৰাইজৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ নিন্দা কৰা হয়।

অসম প্ৰদেশ কংগ্ৰেছৰ সচিব চেমছন ইংতিয়ে কয় যে বিজেপি দল যে আচলতে ট্ৰাইবাল বিৰোধী স্থিতি লৈ কাম কৰিছে সেয়া ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ধাৰা ২৪৪ (ক) বিলুপ্ত কৰাৰ কাৰনে কৰা অপচেষ্টাই ইয়াৰ অন্যতম উদাহৰণ। গেৰুৱা দলে কেতিয়াও দুইখন পাৰ্বত্য জিলাৰ উন্নয়ন বিচৰা নাই।

সংবাদ মেলত ইংতিয়ে আৰু কয় যে চৰকাৰে যদি পাৰ্বত্যবাসীক প্ৰতাৰণা কৰিব বিচাৰিছে তেতিয়া হ’লে নিৰ্বাচনৰ কালছোৱাত কিয় কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ কথা কৈছিল ? যদিও কংগ্ৰেছ দলে পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনত আগ ভাগ লোৱা নাই কিন্তু কংগ্ৰেছ দলে স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ সাংবিধানিক বিধি কৰ্তন কৰাৰ কাৰনে কোনো অপচেষ্টা চলোৱা নাই।

বৰ্তমান বিজেপি শাসিত ৰাজ্য চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ সংবিধানৰ পৰা ধাৰা ২৪৪(এ)ত  থকা উপ বিধি কৰ্তন কৰাৰ কাৰণে অপচেষ্টাত লিপ্ত হৈছে। যি আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। আনহাতে বিজেপি ৰাজ্য তথা কেন্দ্ৰত ক্ষমতাত অহাৰ আগতে সংবিধানৰ ২৪৪(এ) অনুচ্ছেদৰ সপক্ষে মাত মাতি এল কে আডবানিকে ধৰি তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে কাৰ্বি আংলংৰ ডিফুত নিৰ্বাচনী জনসভাত কৈছিল যে বিজেপি দল ক্ষমতাত আহিলে স্বায়ত্ত শাসিত ৰাজ্য দিয়া হব।

এতিয়া কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলে শাসন ভাৰ হস্তগত কৰাৰ পিছত চৰকাৰৰ এনে পাহাৰ বিৰোধী স্থিতি বিজেপি দলৰ আচল পৰিচয় বুলি কটাক্ষ কৰে ইংতিয়ে। তেওঁ লগতে কয় যে ডিমা হাচাও কাৰ্বি আংলংৰ পৰা অসম বিধানসভাত নিৰ্বাচিত হৈ যোৱা আটাই কেইজন বিধায়কৰ কোনো সাহস নাই।

ডিমা হাচাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংঠাচাই কয় যে দুই পৰিষদৰ নেতা সকলে অনতি পলমে নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। কাৰন তেওঁলোকৰ ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই। নিৰ্মলে স্পষ্ট কৰি দি কয় যে বিজেপি দলে পৃথক স্বায়ত্ত শাসিত ৰাজ্য দিয়াত যদি আন্তৰিক নহয় তেতিয়া হ’লে আমাৰ ক’বলগীয়া একো নাই। কিন্তু সাংবিধানিক অধিকাৰ কাটি পেলাই দিয়াৰও বিজেপিৰ কোনও অধিকাৰ নাই। তথাপি বিজেপি দলে ক্ষমতাৰ অপব্যৱহাৰ কৰিব বিচাৰিলে কংগ্ৰেছ দলে বৃহত্তৰ আন্দোলনৰ দিশে গতি কৰিব।

 

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd