বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে আমেৰিকাৰ এখন চহৰৰ বিষয়ে এটা পোষ্ট। পোষ্টটোত দাবী কৰা হৈছে যে আলাস্কাৰ উটকিয়াগভিক চহৰত সূৰ্য অস্ত গৈছে আৰু ৬৫ দিনলৈ পুনৰ সূৰ্যোদয় নহ’ব।
এই পোষ্টটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে; বহুতে ইয়াক বিস্ময়কৰ বুলি বিবেচনা কৰে, আনহাতে আন কিছুমানে ইয়াক ‘৩০ ডেজ অৱ নাইট’ চিনেমাখনৰ সৈতে মিল বিচাৰি পাইছে।
এটা ভাইৰেল পোষ্ট অনুসৰি ২০২৬ চনৰ ১৮ নৱেম্বৰত আলাস্কাৰ উটকিয়াগভিক চহৰত বছৰৰ শেষৰটো সূৰ্যাস্ত হৈছে। তাৰ কিছু সময়ৰ পিছতে চহৰখনে বাৰ্ষিক ‘পোলাৰ নাইট’ বা মেৰু ৰাতিৰ পৰ্যায়ত প্ৰৱেশ কৰিবছে। পোষ্টটোত উল্লেখ কৰা হৈছে যে প্ৰায় ৬৫ দিন সূৰ্য দিগন্তৰ আঁৰত থাকিব আৰু ২০২৭ চনৰ ২৩ জানুৱাৰীৰ আগলৈকে আৰু পুনৰ উদয় নহয়।
মেৰু ৰাতিৰ (polar night) অৰ্থ এইটো নহয় যে তাত ৬৫ দিন সম্পূৰ্ণ আন্ধাৰ থাকিব। বৰং ইয়াৰ অৰ্থ হ’ল এই সময়ত সূৰ্য দিগন্তৰ ওপৰলৈ উঠি নাহে। দিনত কেইঘণ্টামানৰ বাবে হয়তো সামান্য মৃদু পোহৰ থাকিব পাৰে, কিন্তু সূৰ্যটো নিজেই দৃষ্টিৰ পৰা আঁতৰত থাকে। সেইবাবেই ঘৰবোৰ পোহৰাই তোলা হৈছে আৰু সমগ্ৰ চহৰখন বৰফেৰে আৱৰি থাকে। এইটো এটা নিয়মীয়া প্ৰাকৃতিক পৰিঘটনা, যিটো পৃথিৱীৰ অক্ষৰ হেলনীয়া হোৱাৰ বাবে সংঘটিত হয়।
পোষ্টটোত চহৰখনৰ ফটোখনত বৰফেৰে আবৃত ঘৰ, চাৰিওফালে লাইট জিলিকি থকা, ৰাজপথত গাড়ীৰ চকাৰ চিহ্ন আদি দেখা গৈছে। এইটো স্পষ্ট যে আন্ধাৰৰ মাজতো দৈনন্দিন জীৱন স্তব্ধ নহয়। স্থানীয় বাসিন্দাসকলে এই দীৰ্ঘদিনীয়া আন্ধাৰৰ লগত খাপ খাই পৰিছে; তেওঁলোকে লাইট, হিটাৰ আৰু নিজৰ দৈনন্দিন কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰি জীৱনটো কটায়।
পোষ্টটোত দিয়া মন্তব্যও ভাইৰেল হৈ পৰিছে। বহুতে ২০০৭ চনৰ ‘৩০ ডেজ অৱ নাইট’ ছবিখনৰ কথা উল্লেখ কৰিছে, য’ত দীৰ্ঘদিন ধৰি অন্ধকাৰ পৰিৱেশত ভেম্পায়াৰসকলৰ কাহিনী বৰ্ণনা কৰা হৈছে।
কিছুমান ইউজাৰে মন্তব্য কৰিছে যে ইমান দিনে সূৰ্য দেখা নোপোৱাটো বৰ আতংকজনক। আন কিছুমানে ধেমালিতে কয় যে তেওঁলোকক বহুত ভিটামিন ডিৰ প্ৰয়োজন হ’ব। আন কিছুমানে অঞ্চলটোৰ জীৱনশৈলী, বতৰ আৰু দৈনন্দিন কাম-কাজ সম্পৰ্কেও বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।
দৰাচলতে এই খবৰ সঁচা নে? হয়, সম্পূৰ্ণ সঁচা। উটকিয়াভিকে প্ৰতি বছৰে নৱেম্বৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত এটা ‘মেৰু ৰাতি’ প্ৰত্যক্ষ কৰে। বতৰ বা সময় মণ্ডলৰ পাৰ্থক্যৰ বাবে নিৰ্দিষ্ট তাৰিখবোৰ এটা দিনৰ সমান সাল-সলনি হ’ব পাৰে, কিন্তু একেৰাহে ৬৫ দিনলৈকে সূৰ্য উদয় নোহোৱাটো স্বাভাৱিক পৰিঘটনা।





