• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৬বিধ উপকাৰী খাদ্য: খাদ্যতালিকাত কি কি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিলে এমছ-প্ৰশিক্ষিত চিকিৎসকে?

শেহতীয়াকৈ এমছ-প্ৰশিক্ষিত গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ সৌৰভ শেট্টীয়ে সামাজিক মাধ্যমত এনে ৬বিধ খাদ্যৰ কথা উল্লেখ কৰিছে, যিসমূহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2026 7:25 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে দৈনন্দিন খাদ্যতালিকাত কি কি অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ প্ৰতি বিশেষ নজৰ দিয়াটো অতি জৰুৰী। কাৰণ অতিৰিক্ত নিমখে যেনেদৰে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, তেনেদৰে কিছুমান খাদ্যত থকা পুষ্টিকৰ উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ইয়াৰ বাবে দামী বা দুৰ্লভ খাদ্যৰ প্ৰয়োজন নাই; পাকঘৰৰ কেইটামান পৰিচিত উপাদানেৰেই খাদ্যতালিকাত স্বাস্থ্যকৰ পৰিৱৰ্তন আনিব পাৰি। শেহতীয়াকৈ এমছ-প্ৰশিক্ষিত গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ সৌৰভ শেট্টীয়ে সামাজিক মাধ্যমত এনে ৬বিধ খাদ্যৰ কথা উল্লেখ কৰিছে—

 

Apply Now

১. ডাৰ্ক চকলেট: অধিক পৰিমাণৰ ক’ক’যুক্ত ডাৰ্ক চকলেট অল্প পৰিমাণে খাদ্যতালিকাত ৰাখিব পাৰি। চিকিৎসকগৰাকীয়ে জনোৱা অনুসৰি, ৩৫টা পৰীক্ষাত দেখা গৈছে যে ক’ক’সমৃদ্ধ খাদ্যই গড়ে প্ৰায় ২ এমএমএইচজি (মিলিমিটাৰ অৱ মাৰ্কাৰী) ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ডাৰ্ক চকলেটত ‘ফ্লেভানল’ নামৰ উদ্ভিজ্জ উপাদান থাকে, যিয়ে ৰক্তনলীৰ স্বাভাৱিক কাৰ্যকাৰিতা বজাই ৰখাৰ লগতে ৰক্তপ্ৰবাহ উন্নত কৰাত সহায় কৰে। অৱশ্যে চকলেট বাছনি কৰোঁতে ক’ক’ৰ পৰিমাণ অধিক আৰু অতিৰিক্ত চেনি কম থকাটো লক্ষ্য কৰা উচিত। একেলগে গোটেই চকলেট বাৰ খোৱাৰ সলনি কেইটুকুৰামান খোৱাই যথেষ্ট।

 

২. বিন আৰু দাইলজাতীয় খাদ্য: নিয়মিতভাৱে দাইলজাতীয় খাদ্য খোৱাৰ অভ্যাস গঢ়ি তুলিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব পাৰে। ইয়াত থকা ফাইবাৰ, পটাছিয়াম, মেগনেছিয়াম আৰু উদ্ভিজ্জ প্ৰ’টিনে হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰখাত সহায় কৰে। ডাঃ শেট্টীয়ে উল্লেখ কৰা এক গৱেষণাত ৫৪৪ গৰাকী লোকৰ ওপৰত পৰীক্ষা চলাই দেখা গৈছে যে বিন, দাইল আৰু অন্যান্য দাইলজাতীয় খাদ্য গ্ৰহণৰ ফলত চিষ্ট’লিক ৰক্তচাপ গড়ে প্ৰায় ২ এমএমএইচজি হ্ৰাস পাব পাৰে।

 

৩. ভেষজ মছলা: খাদ্যৰ সোৱাদ বঢ়াবলৈ নিমখৰ ওপৰত অতিৰিক্ত নিৰ্ভৰ নকৰি নহৰু, জিৰা, ধনিয়া পাত, জালুক আৰু অন্যান্য ভেষজ তথা মছলা ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত খাদ্যৰ সোৱাদ অটুট ৰাখিয়েই নিমখৰ পৰিমাণ কমোৱাটো সম্ভৱ হয়। চিকিৎসকগৰাকীয়ে জনোৱা মতে, এক নিৰ্দিষ্ট পৰীক্ষাত দেখা গৈছে যে ‘ডেশ্ব ডায়েট’ত ছ’ডিয়াম বা নিমখৰ পৰিমাণ হ্ৰাস কৰাৰ ফলত চিষ্ট’লিক ৰক্তচাপ প্ৰায় ৭ৰ পৰা ১১ এমএমএইচজি পৰ্যন্ত হ্ৰাস পাইছিল।

 

৪. বিটৰ ৰস: বিটত প্ৰাকৃতিক নাইট্ৰেট থাকে। শৰীৰত এই উপাদানৰ পৰা নাইট্ৰিক অক্সাইড সৃষ্টি হয়, যিয়ে ৰক্তনলীক শিথিল আৰু প্ৰসাৰিত হোৱাত সহায় কৰে। ফলত ৰক্তপ্ৰবাহ স্বাভাৱিক ৰখাত সুবিধা হয়। ২০২৪ চনৰ ১১টা পৰীক্ষাৰ এক বিশ্লেষণত মুঠ ৩৪৯ গৰাকী লোকৰ তথ্য পৰ্যালোচনা কৰা হৈছিল, য’ত দেখা গৈছে যে নাইট্ৰেটসমৃদ্ধ বিটৰ ৰসে উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ চিষ্ট’লিক ৰক্তচাপ গড়ে প্ৰায় ৫ এমএমএইচজি হ্ৰাস কৰাত সহায় কৰিছে।

 

৫. ফ্লেক্সছিডৰ গুড়ি: চিকিৎসকগৰাকীৰ মতে, এক পৰীক্ষাত দেখা গৈছে যে পেৰিফেৰেল আৰ্টাৰী ডিজিজত আক্ৰান্ত ব্যক্তিসকলে ছমাহ ধৰি প্ৰতিদিনে ৩০ গ্ৰামকৈ গুড়ি কৰা ফ্লেক্সছিড খোৱাৰ পাছত তেওঁলোকৰ চিষ্ট’লিক ৰক্তচাপ প্ৰায় ১০ এমএমএইচজি হ্ৰাস পাইছিল। দৈনিক এক টেবুল চামুচ গুড়ি কৰা ফ্লেক্সছিডেৰে ইয়াৰ আৰম্ভণি কৰিব পাৰি। ইয়াক দৈ, অ’টছ বা স্মুদিৰ সৈতে মিহলাই খাব পাৰি।

 

৬. কিৱি ফল: কিৱি কেৱল ভিটামিন চি-ৰ উৎসই নহয়, ইয়াত পটাছিয়াম, ফাইবাৰ আৰু বিভিন্ন এণ্টি-অক্সিডেণ্টো থাকে। পটাছিয়ামে শৰীৰত ছ’ডিয়ামৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে, যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ১১৮ গৰাকী প্ৰাপ্তবয়স্ক লোকক লৈ কৰা এক পৰীক্ষাৰ কথা উল্লেখ কৰি চিকিৎসকগৰাকীয়ে জনায় যে আঠ সপ্তাহ ধৰি প্ৰতিদিনে তিনিটাকৈ কিৱি খোৱা লোকসকলৰ ২৪ ঘণ্টাৰ চিষ্ট’লিক ৰক্তচাপ প্ৰতিদিনে এটাকৈ আপেল খোৱা লোকসকলৰ তুলনাত প্ৰায় ৩.৬ এমএমএইচজি অধিক হ্ৰাস পাইছিল।

 

নিমখৰ ব্যৱহাৰ হ্ৰাস কৰি দৈনন্দিন খাদ্যতালিকাত এনে পুষ্টিকৰ আৰু সহজলভ্য খাদ্যসমূহ অন্তৰ্ভুক্ত কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰে। ডাঃ সৌৰভ শেট্টীয়ে উল্লেখ কৰা এই ৬বিধ উপাদানে সাধাৰণ জীৱনশৈলীৰ মাজতেই হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত ৰখাত সহায়ক ভূমিকা পালন কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৬বিধ উপকাৰী খাদ্য: খাদ্যতালিকাত কি কি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিলে এমছ-প্ৰশিক্ষিত চিকিৎসকে?

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৬বিধ উপকাৰী খাদ্য: খাদ্যতালিকাত কি কি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিলে এমছ-প্ৰশিক্ষিত চিকিৎসকে?

November 24, 2026 7:25 am
অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

November 23, 2026 9:03 pm
গাড়ী চলাওঁতেও হেলমেট! কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত পথ সুৰক্ষাৰ বাৰ্তা দিলে পাঠশালাৰ দীপাংকৰে

গাড়ী চলাওঁতেও হেলমেট! কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত পথ সুৰক্ষাৰ বাৰ্তা দিলে পাঠশালাৰ দীপাংকৰে

November 23, 2026 7:25 pm
সাৱধান! কিনি খাই নেকি বটলৰ পানী?

সাৱধান! কিনি খাই নেকি বটলৰ পানী?

November 23, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৬বিধ উপকাৰী খাদ্য: খাদ্যতালিকাত কি কি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিলে এমছ-প্ৰশিক্ষিত চিকিৎসকে?

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৬বিধ উপকাৰী খাদ্য: খাদ্যতালিকাত কি কি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিলে এমছ-প্ৰশিক্ষিত চিকিৎসকে?

November 24, 2026 7:25 am
অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

November 23, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd