জনবসতিহীন দ্বীপলৈ ৰহিঙীয়া শৰণাৰ্থী স্থানান্তৰ কৰিব বাংলাদেশে

rohingyas

বাংলাদেশৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই প্ৰকাশ কৰিছে যে দেশখনে প্ৰায় ১০০,০০০ ৰহিঙীয়া শৰণাৰ্থীক দেশখনৰ দক্ষিণ উপকুলৰ সিপাৰে অৱস্থিত এটা জন বসতিহীন দ্বীপলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে এই দ্বীপটো প্ৰৱল সাগৰীয় ধুমুহা, বৃষ্টিপাতৰ দ্বাৰা অক্ৰান্ত হয়। এই দ্বীপলৈ শৰণাৰ্থী স্থানান্তৰ কৰাৰ বিৰুদ্ধে সতৰ্কবাণী জাৰী কৰা স্বত্তেও বাংলাদেশ চৰকাৰে এই দ্বীপত বাসগৃহ নিৰ্মাণ কৰি আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ।

বাংলাদেশ কৰ্তৃপক্ষই ইতিমধ্যে  ‘ভাসন চৰ’ নামৰ দ্বীপটোত প্ৰায় ৫০,০০০ শৰণাৰ্থীক আশ্ৰয় প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে, এই দ্বীপটো ২০০৬ চনত বংগোপসাগৰৰ বুকুত সৃষ্টি হৈছিল। প্ৰবল বৰষুণৰ বাবে এই দ্বীপটো  জন মাহৰ পৰা ছেপ্টম্বৰ পৰ্যন্ত ডুব গৈ থাকে আৰু বছৰৰ কেইটামান মাহহে এই দ্বীপটো বাসপোযোগী হৈ থাকে। এই দ্বীপত কোনো বাট-পথ নাই আৰু বানপানী ৰোধ কৰাৰ বাবে কোনো মথাউৰিও সদ্যহতে নাই। বাংলাদেশৰ চৰকাৰে প্ৰথম বাৰৰ বাবে ২০১৫ চনত ইয়ালৈকে শৰণাৰ্থী স্থানান্তৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত এই দ্বীপলৈ শৰণাৰ্থীসকলক স্থানান্তৰ কৰাৰ বিৰুদ্ধে বহুতো মানৱাধিকাৰ সংগঠনে মাত মাতি আহিছে কৈছে ইয়াত বাস কৰা লোকসকল বিপৰ্যয়ৰ মুখামুখি হ’ব লাগিব। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ এজেঞ্চিয়ে এই দ্বীপটোত সামগ্ৰীৰ যোগান ধৰাটো প্ৰত্যহ্বানমূলক বুলি কৈছে।

বাংলাদেশৰ নৌ বাহিনীয়েও দ’ স্থানসমূহ পোতাৰ লগতে এই দ্বীপটোৰ চাৰিওফালে মথাউৰি বান্ধি বাৰিষাৰ পানী আৰু জোৱাৰৰ পানীৰ পৰা দ্বীপটো ৰক্ষা  কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

বাংলাদেশৰ দুৰ্যোগ ব্যৱস্থপনা বিভাগৰ সচিব ছাহ কমলে প্ৰকাশ কৰিছে যে নদী কাষৰীয়া আৰু  তুলনামূলকভাৱে  দ’ স্থানত অৱস্থিত বাংলাদেশ সাগৰৰ বৰ্ধিত জলপৃষ্ঠৰ শংকাত থকা এখন দেশ। বাংলাদেশক গ্ৰীষ্মকালত অহা সাগৰীয় ধুমুহাই প্ৰতি বছৰেই আক্ৰান্ত কৰি আহিছে। তেওঁ আৰু কয় যে জুন মাহত অৱশিষ্ট বাসগৃহসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা  হ’ব।

উল্লেখ্য যে ম্যানমাৰৰ পৰা পলাই আহি দুয়ো দেশৰ সীমাত থকা অস্বাস্থ্যকৰ শিবিৰসমূহত আশ্ৰয় লৈ থকা লাখ লাখ শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে এই দ্বীপটো উপযুক্ত কৰাৰ বাবে বাংলাদেশ চৰকাৰে যোৱা বছৰৰ নব্ম্বৰ মাহত ২৮০ মিলিয়ন আমেৰিকান ডলাৰ মুকলি কৰি দিছিল।