নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গুৱাহাটীৰ জিলা পুথিভৰাঁলত কাইলৈ, অৰ্থাৎ ২৭ মে’ত জাতীয় অভিৱৰ্তন পাতি অসম সাহিত্য সভাই অসমীয়া ভাষা-সংস্কৃতি তথা জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে মাৰ্গ দৰ্শনৰ চেষ্টা কৰিব।
এই কথা জনাই আজি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্য্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।
উল্লেখযোগ্য যে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬খন বাতিল কৰাৰ দাবীত সমগ্ৰ অসমৰ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনে ধৰ্ণা-প্ৰতিবাদ-গণস্বাক্ষৰ অভিযান, গণ সমাৱেশ আদি অনুষ্ঠিত কৰাৰ সময়তে সাহিত্য সভাৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য্য বহন কৰিছে।
এই বিধেয়কখন বাতিল কৰাৰ দাবী আৰু অসমীয়া স্বাভিমান জড়িত বিষয় “অসমীয়া লিপিৰ ইউনিক’ড মান’ ইত্যাদিক লৈ আলোচনা হ’ব এই অভিৱৰ্তনত।
আজিৰ সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসম চুক্তিক সম্পূৰ্ণৰূপে অৱমাননা কৰা বুলি অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
আনহাতে, সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই চহী কৰা এখন প্ৰেছ বিজ্ঞপ্তিত অভিযোগ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে অসমেই কেৱল বিদেশীৰ বোজা লৈ থাকিব লগীয়া আছে বুলি জানিও কোনো ইতিবাচক পদক্ষেপ বৰ্তমানলৈকে ল’ব পৰা নাই, যাৰ ফলস্বৰূপে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি আছে।
“ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম শেষ হোৱাৰ পিছতো জাতিধ্বংসী ক’লা বিধেয়কখন উত্থাপন কৰিব পাৰিলে হেঁতেন” -এনেদৰে বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে। লগতে কোৱা হৈছে যে এই বিলখন উত্থাপন কৰাৰ আগতে অসমৰ জনগণৰ মতামত ল’ব পাৰিলেহেঁতেন।
আনহাতে আজিৰ সংবাদমেলত পৰমানন্দ ৰাজবংশীয়ে দাবী কৰে যে কোনো কাৰণতে অসমৰ ভাষা-সাহিত্য-সংস্কৃতি, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ কাঢ়ি নিব পৰা বিধেয়ক মানি ল’ব নোৱাৰি। এই বিধেয়ক পৰিহাৰ কৰক আৰু এই বছৰতে সীমান্ত চীল কৰি অসমৰ জনসাধাৰণক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰক।
কাইলৈ অনুষ্ঠিত হ’ব লগীয়া জাতীয় অভিৱৰ্তনত সকলো জাতি-জনগোষ্ঠীয় দল-সংগঠনৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে উপস্থিত থাকিবৰ বাবে অসম সাহিত্য সভাই আহ্বান জনাইছে।
লগতে এই জাতীয় অভিবৰ্তনে দিয়া পৰামৰ্শৰ ভিত্তিতেই সভাই অসমৰ বৰ্ণাঢ্য ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত এখন ঘোষণা পত্ৰ প্ৰস্তুত কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে। এই ঘোষণা পত্ৰই অসমৰ অসমীয়া জাতিৰ ভবিষ্যত মাৰ্গদৰ্শক হ’ব বুলি সংবাদমেলত ৰাজবংশীয়ে মন্তব্য কৰে।