• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিৰ অস্তিত্ব, ভাষা-সংস্কৃতি ৰক্ষাৰ যুঁজ, ২৭ মে’ত জাতীয় অভিৱৰ্তন অসম সাহিত্য সভাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2018 9:18 pm
AsomSahityaSabha

জাতীয় অভিৱৰ্তনৰ প্ৰাক মুহূৰ্তত অসম সাহিত্য সভাৰ সংবাদমেল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গুৱাহাটীৰ জিলা পুথিভৰাঁলত কাইলৈ, অৰ্থাৎ ২৭ মে’ত জাতীয় অভিৱৰ্তন পাতি অসম সাহিত্য সভাই অসমীয়া ভাষা-সংস্কৃতি তথা জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে মাৰ্গ দৰ্শনৰ চেষ্টা কৰিব।

এই কথা জনাই আজি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্য্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

Apply Now

উল্লেখযোগ্য যে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬খন বাতিল কৰাৰ দাবীত সমগ্ৰ অসমৰ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনে ধৰ্ণা-প্ৰতিবাদ-গণস্বাক্ষৰ অভিযান, গণ সমাৱেশ আদি অনুষ্ঠিত কৰাৰ সময়তে সাহিত্য সভাৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

এই বিধেয়কখন বাতিল কৰাৰ দাবী আৰু অসমীয়া স্বাভিমান জড়িত বিষয় “অসমীয়া লিপিৰ ইউনিক’ড মান’ ইত্যাদিক লৈ আলোচনা হ’ব এই অভিৱৰ্তনত।

আজিৰ সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসম চুক্তিক সম্পূৰ্ণৰূপে অৱমাননা কৰা বুলি অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

আনহাতে, সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই চহী কৰা এখন প্ৰেছ বিজ্ঞপ্তিত অভিযোগ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে অসমেই কেৱল বিদেশীৰ বোজা লৈ থাকিব লগীয়া আছে বুলি জানিও কোনো ইতিবাচক পদক্ষেপ বৰ্তমানলৈকে ল’ব পৰা নাই, যাৰ ফলস্বৰূপে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি আছে।

“ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম শেষ হোৱাৰ পিছতো জাতিধ্বংসী ক’লা বিধেয়কখন উত্থাপন কৰিব পাৰিলে হেঁতেন” -এনেদৰে বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে। লগতে কোৱা হৈছে যে এই বিলখন উত্থাপন কৰাৰ আগতে অসমৰ জনগণৰ মতামত ল’ব পাৰিলেহেঁতেন।

আনহাতে আজিৰ সংবাদমেলত পৰমানন্দ ৰাজবংশীয়ে দাবী কৰে যে কোনো কাৰণতে অসমৰ ভাষা-সাহিত্য-সংস্কৃতি, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ কাঢ়ি নিব পৰা বিধেয়ক মানি ল’ব নোৱাৰি। এই বিধেয়ক পৰিহাৰ কৰক আৰু এই বছৰতে সীমান্ত চীল কৰি অসমৰ জনসাধাৰণক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰক।

কাইলৈ অনুষ্ঠিত হ’ব লগীয়া জাতীয় অভিৱৰ্তনত সকলো জাতি-জনগোষ্ঠীয় দল-সংগঠনৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে  সকলোকে উপস্থিত থাকিবৰ বাবে অসম সাহিত্য সভাই আহ্বান জনাইছে।

লগতে এই জাতীয় অভিবৰ্তনে দিয়া পৰামৰ্শৰ ভিত্তিতেই সভাই অসমৰ বৰ্ণাঢ্য ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত এখন ঘোষণা পত্ৰ প্ৰস্তুত কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে। এই ঘোষণা পত্ৰই অসমৰ অসমীয়া জাতিৰ ভবিষ্যত মাৰ্গদৰ্শক হ’ব বুলি সংবাদমেলত ৰাজবংশীয়ে মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd