জাপান আৰু ভূটানে চাৰিটা বৃহৎ প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ কৰিব

জাপানে শীঘ্ৰেই ভূটানক চাৰিটা উন্নয়নমূলক প্ৰকল্পৰ বাবে ১,০০৪ মিলিয়ন য়েনৰ অনুদান সাহায্য আগবঢ়াব। হিমালয়ৰ পাদদেশত অৱস্থিত এই সাম্ৰাজ্যখনৰ টেলিকম সেৱা আৰু জলসিঞ্চন খণ্ডকো এই প্ৰকল্পত সাঙুৰি লোৱা হ’ব।

নতুন দিল্লীত থকা জাপান দূতাবাসৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে জাপানৰ চৰকাৰী সাহায্য আঁচনিৰ অধীনত চাৰিটা অনুদান সাহায্য প্ৰকল্প অহা ১৯ ডিচেম্বৰত স্বাক্ষৰ কৰা হ’ব।

ভূটানত থকা জাপানৰ ৰাষ্ট্ৰদূত কেনজি হিৰামাটছু আৰু জাপানত ভূটানৰ ৰাষ্ট্ৰদূত জেনেৰেল ভেটছপ নামজেয়েলে অনুদান সাহায্য তথা অনুদান চুক্তিৰ বাবে আনুষ্ঠানিক টোকা বিনিময়ৰ অধীনত প্ৰকল্পত স্বাক্ষৰ কৰিব।

প্ৰকল্পটোৰ বাবে আগবঢ়োৱা অনুদান সাহায্যত আছে ভূটান টেলিকমৰ বাবে প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন জৰুৰীকালীন ম’বাইল নেটৱৰ্ক নিৰ্মাণৰ বাবে ৯৭৯ মিলিয়ন য়েনৰ অৰ্থ সাহায্য। ইয়াৰ অধীনত বুমথাঙত ম’বাইল নেটৱৰ্কৰ বাবে স্থাপন কৰিবলগীয়া বেক-আপ চিষ্টেমে গোটেই দেশখনকে সামৰি ল’ব।

এই অনুদান সাহায্যৰ ধন ট্ৰাছিয়াঙছেৰ পুৰণি জলসিঞ্চনৰ দঙবোৰ পুনৰ্নিমাণৰ কামত ব্যৱহাৰ কৰা হ’ব। বিবৃতিটোত কোৱা হৈছে যে জামখাৰ জেউগ প্ৰশাসন প্ৰকল্পটোৰ তদাৰকী সংস্থা।

ট্ৰাছিয়াঙছেত এটা পৰম্পৰাগত হস্ত নিৰ্মিত কাগজ বনোৱা সুলভ সুবিধা কেন্দ্ৰ স্থাপন কৰা হ’ব। কেন্দ্ৰটোৱে সুলভ ভ্ৰমণ আৰু সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে কৰ্মচাৰীসকলৰ বাবে সুস্থিৰ পৰিৱেশ নিশ্চিত কৰিব।

আনহাতে, ৮.১ মিলিয়ন য়েন ব্যয় সাপেক্ষ চতুৰ্থটো প্ৰকল্প হৈছে থিম্ফুৰ চাংজিত নৰ্মাণ কৰিবলগীয়া এখন উপগ্ৰহীয় ক্লিনিক।