জাহ্নু বৰুৱা পৰিচালিত ‘That Gusty Morning’ প্ৰদৰ্শিত হ’ব মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত

That Gusty Morning

That Gusty Morning

প্ৰসিদ্ধ অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা পৰিচালিত ‘That Gusty Morning’ চিনে’মাখন মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব। মহোৎসৱখন ২৮ জানুৱাৰিৰ পৰা ৫ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হ’ব।

চিনে’মাখন হৈছে আলঝেইমাৰত সদ্য-আক্ৰান্ত এগৰাকী মাক (সীমা বিশ্বাস) আৰু মানুহ গৰাকীলৈ ৰোগটোৱে কঢ়িয়াই অনা যন্ত্ৰণাৰ সৈতে মোকাবিলা কৰাৰ বাবে পৰিয়ালটোৰ ক্ষীপ্ৰ, আৱেগপূৰ্ণ প্ৰচেষ্টাৰ হৃদয়স্পৰ্শী বৰ্ণনা।

চিনে’মাখন ৩০ জানুৱাৰিত থিয়েটাৰ প্ৰেক্ষাগৃ্হত ৰাতিপুৱা ১০.১৫ বজাত প্ৰদৰ্শিত হ’ব।

২২ মিনিট দৈৰ্ঘ্যৰ এই চলচ্চিত্ৰখন মহোৎসৱটোৰ আন্তঃৰাষ্ট্ৰীয় শিতানত প্ৰদৰ্শিত হ’ব।

খ্যাতিমান অসমীয়া অভিনেতা সীমা বিশ্বাস, অৰুণ নাথ, উৰ্মিলা মহন্ত আৰু কপিল বৰাই ‘That Gusty Morning’ত অভিনয় কৰিছে।

চিনে’মাখন প্ৰযোজনা কৰিছে গায়ত্ৰী বৰুৱা আৰু নাওমি বৰুৱাই।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ফিল্ম ডিৱিজনে আয়োজন কৰা মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দক্ষিণ এচিয়াৰ ভিতৰতে বিষয়ভিত্তিক চলচ্চিত্ৰৰ আটাইতকৈ পুৰণি আৰু সৰ্ব-বৃ্হৎ মহোৎসৱ।