• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চিৰাৰ শেষকৃত্য সম্পন্ন : চিমচাং নৈ পাৰৰ চাচাতগ্ৰে’ গাঁৱত উবুৰি খাই পৰিল গাওঁবাসী

চাইদুল খান by চাইদুল খান
February 25, 2018 8:29 pm
GNLA commander-in-chief Sohan D. Shira

জি এন এল এ’ মুখ্য সেনাধ্যক্ষ চ’হান দি চিৰা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিহত জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চ’হান দি চিৰা (৪১ বছৰীয়া)ৰ শেষকৃত্য আজি পূব গাৰো পাহাৰৰ ৱিলিয়ামনগৰ চহৰৰ চিমচাং নৈৰ পাৰৰ চাচাতগ্ৰে’ গাঁৱত সম্পন্ন কৰা হয়।

ৱিলিয়ামনগৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত আজি দুপৰীয়া দেৰমান বজাত চিৰাৰ মৃতদেহ পৰিয়ালক চমজাই দিয়া হয়। নিহত উগ্ৰপন্থী নেতাজনৰ মৃতদেহ চাবলৈ মৰ্গৰ বাহিৰত বহু ঘণ্টাধৰি অপেক্ষা কৰি ৰয় বহুসংখ্যক লোক।

তেওঁৰ নিথৰ দেহ তেওঁৰ পত্নীৰ ঘৰলৈ লৈ যোৱাৰ পিছতে চমু এক প্ৰাৰ্থনা অনুষ্ঠানৰ অন্তত মাকৰ ইচ্ছা অনুসৰি চিৰাৰ দেউতাক গলেন্দ্ৰ তি চাংমাৰ সমাধিৰ কাষতে চিৰাৰো শেষকৃত্য সম্পন্ন কৰা হয়।

চিৰাৰ ক্ষতবিক্ষত মুখমণ্ডল জোৰা লগাবলৈকে চিকিৎসকসকলৰ বহু সময় লাগে। দেউতাকৰ ক্ষত-বিক্ষত মৃতদেহ দেখি শোকে খুন্দা মাৰি ধৰি চিৰাৰ ১৭ বছৰীয়া জীয়ৰীয়ে ‘এয়া মোৰ দেউতা নহয়’ বুলি চিঞৰি উঠি কান্দোনত ভাগি পৰে।

মৃতদেহ সৎকাৰৰ সময়ত অচেতন হৈ পৰি থাকে চিৰাৰ পত্নী।

মৃতদেহ থকা কফিনৰ কাষতে বহু সময় ঠৰ লাগি বহি থকা চিৰাৰ আশী বছৰীয়া মাকে কান্দি কান্দি কয়, ‘বোপাই তই হাবিত থকাটো মই কাহানিও বিচৰা নাছিলো। গৈছিলিনিনো কেলে?’

চিৰাৰ মৃতদেহ সৎকাৰৰ সময়ত চ্চাতগ্ৰে’ গাওঁবাসী উবুৰি খাই পৰে।

চিৰাৰ ডাঙৰ বায়েক অৰুণা দি চিৰাই কয়, ‘শান্তি আলোচনাৰ বাবে চৰকাৰ আগবাঢ়ি অহা হ’লে চ’হানৰ উভতি আহিবলৈ ইচ্ছা আছিল।’

তেওঁ লগতে জনায় যে শেহতীয়াকে কেন্দ্ৰীয় চৰকাৰৰ দুজন বিষয়াই চিৰাক মূলসুঁতিলৈ ঘূৰি আহিবলৈ বুজাবলৈ তেওঁক অনুৰোধ কৰিছিল। ‘মই তাক বুজাবলৈ সম্ভৱপৰ সকলো চেষ্টা কৰিছিলো। কিন্তু সি মানি ল’বলৈ ৰাজি নাছিল। আগতে হোৱা অভিজ্ঞতাৰ কাৰণে চৰকাৰৰ ওপৰত তাৰ আস্থা নাছিল।’

অধুনালুপ্ত আচিক নেশ্বনেল ৱলান্তীয়াৰ্চ কাউন্সিলৰ প্ৰাক্তন সদস্য চিৰা ২০১৪ চনত মূলসুঁতিলৈ ঘূৰি আহিছিল। কিন্তু অভিযোগমতে নিৰাপত্তা বাহিনীসমূহৰ আতিশৰ্য্যৰ বাবে তেওঁ বিৰাট অসুবিধা পাব লগা হৈছিল।

অৰুনাই লগতে কয়, ‘তাৰ কাম আৰু ব্যৱসায়ত বাধা দি অহা বাবে চৰকাৰ আৰু নিৰাপত্তা বাহিনীসমূহক লৈ সি অসন্তুষ্ট আছিল।’

মেঘালয়ৰ ম’স্ত ৱন্তে’দ উগ্ৰপন্থী চিৰাৰ মূৰৰ দাম মেঘালয় আৰক্ষীয়ে দহ লাখ টকা ঘোষণা কৰিছিল।

চিৰাই যোৱা জানুৱাৰিত শেষবাৰৰ বাবে পৰিয়ালক লগ কৰিছিল।

চাইদুল খান

চাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd