• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2025 8:34 am
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোডীৰ সৌজন্যত এতিয়া দেশৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত ১ লাখ ৪২ হাজাৰ টকাৰ ঋণৰ বোজা! কেন্দ্ৰত বিজেপি চৰকাৰৰ আমোলত সেই সংখ্যা দিনক দিনে বাঢ়িছে। বিশেষকৈ বিদেশী ঋণ। এই কথা স্বয়ং চৰকাৰী প্ৰতিবেদনতেই উল্লেখ কৰা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যা অনুসৰি যোৱা আগষ্ট মাহলৈকে ভাৰতৰ কেৱল বিদেশী ঋণৰ পৰিমাণ আছিল ৭৩৬ বিলিয়ন মাৰ্কিন ডলাৰ। টকাৰ হিচাপত যিটো প্ৰায় ৬৫ ​​লাখ কোটি টকা। আৰু ইয়াৰ সুত? অৱশ্যে সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য নাই। কিন্তু সংশ্লিষ্ট সূত্ৰৰ মতে চলিত বিত্তীয় বৰ্ষতে বিদেশী আৰু ঘৰুৱা ঋণৰ সুতৰ পৰিমান একেলগে প্ৰায় ১২ লাখ ৭৬ হাজাৰ কোটি টকা হ’ব।

Apply Now

স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, ‘বিশ্ব গুৰু’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃতিত্ব ক’ত? চৰকাৰ আৰু ইয়াৰ সহযোগীসকলে যেতিয়াই সুযোগ পায় বিজ্ঞাপন দিয়ে যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ গৈ আছে। অতি সোনকালে অৰ্থনীতিয়ে ৫ ট্ৰিলিয়ন বা ৫ লাখ কোটি মাৰ্কিন ডলাৰৰ মাইলৰ খুঁটি স্পৰ্শ কৰিব।

কিন্তু তাৰ সমান্তৰালকৈ ঋণো বাঢ়িছে। এয়া এক প্ৰকাৰৰ ‘ঋণং কৃত্বা ঘৃতং পিবেৎ’, অৰ্থাৎ ধাৰ লৈ ঘিউ খোৱাৰ দৰে! চৰকাৰী তথ্যই এই কথা স্পষ্ট কৰিছে। ফলত দেশজুৰি প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিন আৰু ১৫ দিনীয়া ‘সেৱ পষেক’ পালনৰ প্ৰচাৰ অভিযানত ব্যয় কৰা কোটি কোটি টকাৰ মাজতো অৰ্থনীতিৰ কংকালসাৰ ছবিখন উন্মোচিত হৈছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি যোৱা ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰাৰ সময়ত বিত্ত মন্ত্ৰালয়ে অনুমান কৰিছিল যে ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঋণৰ বোজা ১৮১ লাখ কোটি টকা হ’ব। চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে (২০২৫-২৬) ই প্ৰায় ১৯৬ লাখ কোটি টকা হ’ব পাৰে। কিন্তু পাঁচ মাহৰ পাছত (আগষ্ট মাহত) চৰকাৰে আন এক হিচাপ দিলে। তাত ক’লা-বগা আখৰেৰে লিখা আছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঋণ আছিল ১৮৫ লাখ কোটি টকা। অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত ইয়াৰ পৰিমান প্ৰায় ২০০ লাখ কোটি টকা হ’ব। ফলত বাজেট দাখিল কৰাৰ সময়ত চৰকাৰৰ হিচাপ শুদ্ধ নাছিল বুলি স্পষ্ট হৈ পৰিছে। মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত দিনক দিনে এই বৃহৎ ঋণৰ বোজা বাঢ়ি গৈ আছে।

নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ সময়ত ভাৰত চৰকাৰৰ ঋণ আছিল ৭০ লাখ কোটি টকা, যিটো জিডিপিৰ ৫১.৫ শতাংশ। কিন্তু অৰ্থনীতিবিদ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ যুগৰ সেই ঋণৰ বোজা মোদীয়ে বৃহৎ পৰিমাণে বৃদ্ধি কৰিছে। এতিয়া সেয়া জিডিপিৰ ৫৬ শতাংশ হৈছেগৈ। টকাৰ হিচাপত ২০০ কোটি টকা।

চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে বিদেশী ঋণৰ পৰিমাণ আছিল ৭৩৬ বিলিয়ন মাৰ্কিন ডলাৰ, যিটো পূৰ্বৰ বছৰৰ তুলনাত ১০.১ শতাংশ বৃদ্ধি পাইছে। ইয়াৰে দীৰ্ঘম্যাদী (অৰ্থাৎ, যিটো এবছৰতকৈ অধিক সময়ৰ ভিতৰত পৰিশোধ কৰিবলগীয়া হয়) ঋণ হ’ল ৬০১.৯ বিলিয়ন ডলাৰ। আৰু হ্ৰস্বম্যাদী (যিটো এবছৰৰ ভিতৰত ঘূৰাই দিব লাগিব) সেইটো ১৩৪.৫ বিলিয়ন ডলাৰ। ফলত কেৱল প্ৰচাৰৰ ঢাক-ঢোলহে বাজি আছে। বাস্তৱত কিন্তু ঋণৰ বোজাহে বাঢ়িছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd