জুবিনৰ কাষত থিয় দিলে লামডিঙৰ নাগৰিক সমাজ; দুষ্টচক্ৰৰ অতপালি অব্যাহত

zubeen

জুবিন গাৰ্গৰ সমৰ্থনত ওলাই আহিল লামডিঙৰ নাগৰিক সমাজ। ১৫ মে’ স্থানীয় জ্যেষ্ঠ লোকসকলে এখন নাগৰিক সভা পাতি জুবিনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাসকলক গৰিহণা দিয়াৰ লগতে কোনো কাৰণতে জুবিনক অপমান কৰিবলৈ দিয়া নহয় আৰু জুবিনে অনুষ্ঠান পৰিৱেশন কৰিবই বুলি দাবী কৰে।

উল্লেখযোগ্য যে অহা ১৯ আৰু ২০ মে’ত অনুষ্ঠিত হ’ব লগীয়া লামডিং সৰ্বজনীন ৰঙালী বিহু সন্মিলনলৈ জুবিন গাৰ্গক সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছে। কিন্তু তাৰ আগমুহূৰ্তত যোৱা ১৪ মে’ত শিল্পীগৰাকীৰ বিৰুদ্ধে লামডিঙৰ এটা বাঙালী দুষ্টচক্ৰই Lumding United নামৰ এটা ফেইচবুক পেইজৰ পৰা জুবিনক সকীয়নি দিছিল। কেৱল সেয়াই নহয়, অসমীয়া জাতিৰ প্ৰতি বিৰূপ মন্তব্যও কৰিছিল পোষ্টটোত।

এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। লামডিঙৰ সচেতন নাগৰিকসকলেও অসমীয়া আৰু বাঙালীৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিব খোজা এনে প্ৰয়াসক গৰিহণা দিয়া দেখা গৈছে।

১৫ মে’ত এই বিষয়টোক কেন্দ্ৰ কৰি চহৰখনৰ চহিদ মৈদানত আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন আৰু সচেতন নাগৰিকক লৈ এখন নাগৰিক সভা অনুষ্ঠিত কৰা হয়। সভাখনত লামডিং সমষ্টিৰ বিধায়ক তথা ৪৭ সংখ্যক লামডিং সৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ সভাপতি সুপ্ৰিয় মিশ্ৰ, হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক (প্ৰ) ভনিতা নাথ, লংকা ৰাজহ চক্ৰ বিষয়া ডাঃ গৰ্গমোহন দাস, লামডিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাথ চমুৱা, ৰঙালী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক জয়ন্ত দাস, অঞ্চলটোৰ জ্যেষ্ঠ সাংবাদিক অনিমেষ মজুমদাৰ, লামডিং মণ্ডল বিজেপিৰ সভাপতি বিপুল দাস, কংগ্ৰেছৰ মাণিক গুপ্তা, প্ৰদীপ শীল, বংকু দেৰ লগতে আন ভালেসংখ্যক লোক উপস্থিত আছিল।

সকলো বক্তাই দুষ্ট চক্ৰটোৰ অপপ্ৰচাৰক গৰিহণা দিয়াৰ লগতে অঞ্চলটোত পূৰ্বৰে পৰাই বিহু আৰু দুৰ্গাপূজা পাতি অহাৰ কথাটো উদাহৰণসহ দাঙি ধৰে। বিধায়ক সুপ্ৰিয় মিশ্ৰই কয় যে বহু বছৰৰে পৰা চহৰখনত বিহুত বঙালী, অসমীয়াৰ লগতে আন ভাষা-ভাষীৰ লোকেও অংশগ্ৰহণ কৰি অসমীয়াৰ জাতীয় উৎসৱ অনুষ্ঠিত কৰি আহিছে। তেনেদৰে, বিভিন্ন পূজাসমূহতো সকলোৱে অংশগ্ৰহণ কৰি একতাৰ চিন দাঙি ধৰি আহিছে। কিন্তু কেইজনমান যুৱকে জুবিন গাৰ্গক উদ্দেশ্যি কু-মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বুলি কয়।

আনহাতে অতিৰিক্ত আৰক্ষী অধীক্ষকজনে নিজৰ বক্তব্যত এই দুষ্ট চক্ৰটোৰ কাণ্ডৰ তদন্ত কৰা হ’ব আৰু এওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি কয়।

মন কৰিব লগীয়া কথাটো হ’ল- এই নাগৰিক সভাৰ মাজতো আৰু স্থানীয় বিধায়ক, আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত থকাৰ পিছতো একাংশই সভাখন বিঘ্নিত কৰিবলৈ চেষ্টা চলোৱা দেখা গ’ল। এওঁলোকৰ অতপালিৰ বাবেই বিধায়কৰ ভাষণ আধৰুৱা হৈ থকা অৱস্থাতে সভাখন চহিদ ভৱনৰ পৰা বাহিৰৰ বীৰ লাচিত ভৱনলৈ স্থানান্তৰ কৰিব লগীয়া হয়। পিছত তাতো সভাখন আনুষ্ঠানিকতা নোহোৱাকৈয়ে সমাপ্ত কৰিব লগীয়া হ’ল। অৰ্থাৎ দুষ্ট চক্ৰৰ চক্ৰান্ত যে এতিয়াও অব্যাহত আছে সেয়া কালিৰ সভাখনৰ সময়তে প্ৰমাণ হ’ল।

এনে পৰিপ্ৰেক্ষিতত জুবিন গাৰ্গে তাত কিমান নিৰাপদে অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব সেই লৈ শংকাৰ সৃষ্টি হৈছে।