জে ডি এছৰ মুখ্য মন্ত্ৰীৰ নেতৃত্বত কৰ্ণাটকত মৰ্চা চৰকাৰৰ অংশীদাৰ হ’ব কংগ্ৰেছ : প্ৰদেশ কংগ্ৰেছৰ বিজয় উল্লাস

APCC

“মোদী বাহিনীয়ে সংবিধান তথা গণতন্ত্ৰক জলাঞ্জলি দিয়াৰ পৰিণাম ভোগ কৰিছে।” কৰ্ণাটকত কংগ্ৰেছ আৰু জে ডি এছে চৰকাৰ গঠন কৰাৰ পথ প্ৰশস্ত হৈ পৰাৰ পিছতে বিজয় উৎসৱত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

উল্লেখযোগ্য যোৱা ১৫ মে’ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত দুদিনৰ আগত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল বিজেপিৰ নেতা য়েডিয়ুৰাপ্পাই। কিন্তু প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নথকা সত্ত্বেও তথা কংগ্ৰেছ-জেডি (এছ)ৰ নিৰ্বাচনোত্তৰ মৰ্চাৰ লগত প্ৰয়োজনীয় সংখ্যক বিধায়ক থকা সত্ত্বেও ৰাজ্যপালে বিজেপিৰ নেতাজনক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু কংগ্ৰেছে বিষয়টোক উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ নিছিল।

ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ে য়েডিয়ুৰাপ্পাক ২৪ ঘণ্টাৰ ভিতৰত আস্থাৰ ভোটত জয়ী হৈ দেখুৱাবলৈ নিৰ্দেশ দিয়ে। কিন্তু আস্থাৰ ভোটত পৰাজয় নিশ্চিত জানিব পাৰি য়েডিয়ুৰাপ্পাই আজি আস্থাৰ ভোট হোৱাৰ পূৰ্বেই পদত্যাগ কৰে। ফলত গুৰুত্বপূৰ্ণ ৰাজ্যখনত কংগ্ৰেছ-জেডি (এছ)ৰ চৰকাৰ হোৱাৰ বাট মুকলি হ’ল।

ইয়াতে উল্লসিত হৈ আজি অসম প্ৰদেশ কংগ্ৰেছৰ মাজত আনন্দ-উল্লাসৰ জোৱাৰ উঠা দেখা গ’ল। অসম প্ৰদেশ কংগ্ৰেছে ইয়াক বিজয় উৎসৱত পৰিণত কৰে, য’ত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, মহিলা কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মাকে ধৰি বহুকেইজন দলীয় নেতা উপস্থিত থাকে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপি দলৰ কাউণ্ট-ডাউন কৰ্ণাটকৰ নিৰ্বাচনৰ পিছৰে পৰা আৰম্ভ হৈ পৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে কয়, “মোদীয়ে যি হিচাপে একনায়কত্বৰ দিশে গৈ আছিল, আমাৰ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি গণতন্ত্ৰ ৰক্ষা কৰাটো সম্ভৱ হৈ পৰিছে। কৰ্ণাটকৰ ৰাজ্যপালে ১৫ দিনৰ সময় দিছিল, কিন্তু বিজেপি দলে এই ১৫ দিনতে বহুখিনি কৰিলেহেঁতেন। তেওঁলোক হৰ্ছ ট্ৰেডিং কৰাত পাকৈত। কিন্তু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ততাতৈয়াকৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ বিষয়টো অৱগত কৰাত উচ্চতম ন্যায়ালয়ে লোৱা ভূমিকাৰ বাবেই গণতন্ত্ৰ ৰক্ষা পৰিল।”

আমোদজনক কথা যে ৰাজ্যখনত বিজেপিতকৈও কংগ্ৰেছে কম সংখ্যক আসন লাভ কৰিছে। বিজেপিয়ে ১০৪খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৭৮খন আৰু জে ডি (এছে) ৩৭খন আসন লাভ কৰিছে। নিৰ্দলীয়ই ১খন, কৰ্ণাটকৰ এটা আঞ্চলিক দলে ১খন আৰু বহুজন সমাজবাদী পাৰ্টিয়ে ১খন আসন পাইছে। এতিয়া ৰাজ্যখনত বিজেপিক আঁতৰাই ৰখাৰ স্বাৰ্থতে ৭৮খন আসন থকা কংগ্ৰেছে ৩৭খন আসন থকা জে ডি এছৰ এইচ্ছ ডি কুমাৰাস্বামীক মুখ্য মন্ত্ৰীৰ পদটো এৰি দিব লগীয়া হৈছে। এই বিষাদৰ মাজতো প্ৰদেশ কংগ্ৰেছে দেখুৱাই উল্লাস কৰিব লগীয়া হৈছে।

আনহাতে, কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি ৰিপুণ বৰাই কয় যে অমিত শ্বাহ অসমলৈ আহিব নালাগে। কাৰণ অসমত নাগৰিত্ব সংশোধনী বিধেয়কক লৈ যিমানখিনি ক্ষোভৰ জুই জ্বলিছে তালৈ চায়েই তেওঁৰ নৈতিকতাই অসমলৈ আহিব নালাগে বুলি ক’ব লাগে।

মন কৰিব লগীয়া যে ৰাজীৱ ভৱনত হোৱা এই বিজয় উল্লাসত উপস্থিত কংগ্ৰেছ কৰ্মীসকলে ফটকা ফুটাই, নৃত্য কৰি তথা মিঠাই খাই আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা যায়।