জৈৱিক কৃষিক উদগনি দিয়াৰ লক্ষ্য : চৰকাৰীভাৱে অৰ্গেনিক মণিপুৰ ব্ৰেণ্ড মুকলি

অৰ্গেনিক মণিপুৰ ব্ৰেণ্ড মুকলি

মণিপুৰ চৰকাৰে ৰাজ্যখনৰ কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰাৰ বাবে উদগনি দিয়াৰ উদ্দেশ্যে আৰু এই পদ্ধতিৰে উৎপাদিত কৃষি সামগ্ৰীবোৰৰ বহুল প্ৰচাৰ তথা বিপণনত সহায় হোৱাকৈ কালি অৰ্গেনিক মণিপুৰ নামৰ এটা ব্ৰেণ্ড মুকলি কৰে।

ৰাজ্যখনৰ বন আৰু উদ্যান-শস্য মন্ত্ৰী থৌনাওজান শ্যামকুমাৰে মঙলবাৰে এটা কাৰ্য্যসূচীৰ জৰিয়তে এই ব্ৰেণ্ড নেইমটো মুকলি কৰে।

কাৰ্য্যসূচীৰ মাজতে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীজনে কয় যে কেন্দ্ৰীয় চৰকাৰে জৈৱিক পদ্ধতিৰ কৃষকসকলৰ বাবে ভালেমান লাভজনক আঁচনি লৈছে।

তেওঁ ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা খেতিয়ে সৃষ্টি কৰা স্বাস্থ্যজনিত সমস্যা আৰু ৰোগ আদিৰ বিষয়েও নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰখনে জৈৱিক পদ্ধতিৰ কৃষকসকলক সহায় কৰিব পৰাকৈ কেঁচুসাৰ উৎপাদনৰ বাবে বেংক বিলাকৰ সহযোগত কৃষকসকললৈ ঋণ দিবলৈ চেষ্টা কৰি থকা বুলিও জনায়।

আনহাতে মণিপুৰ অৰ্গেনিক মিশ্যন এজেন্সিৰ প্ৰকল্প বিষয়া দেবদত্ত শৰ্মাই কয় যে জৈৱিক খেতিৰ প্ৰথম বছৰটোতে ৫ হাজাৰ হেক্টৰ ভূমিত খেতি কৰা হৈছে। ইয়াৰে ২০০০ হেক্টৰত ক’লা চাউল বা সুগন্ধী চাউল (চাক হাও)ৰ খেতি কৰা হৈছে।

আনহাতে ইতিপূৰ্বে ৩ হাজাৰ হেক্টৰ ভূমি আদা, হালধি, কমলা, নেমু, মাটিকঁঠালৰ খেতি কৰা হৈছে আৰু ছখন পাহাৰীয়া জিলাত ৫০০ হেক্টৰ মাটিত ভোটজলকীয়াৰ খেতি কৰা হৈছে।

বিষয়াজনে কয় যে ৰাজ্যখনে অচিৰেই চি-২ চাৰ্টিফিকেইট পাব (অৰ্গেনিক চাৰ্টিফিকেইট) আৰু তেতিয়া এই ব্ৰেণ্ডটোৰ অধীনত জৈৱিক কৃষিজাত সামগ্ৰীবোৰ গোটেই বিশ্বতে ৰাজ্যখনে বিক্ৰী কৰিব পাৰিব।

কাৰ্য্যসূচীটোত কেন্দ্ৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ কনিষ্ঠ বিপণন বিষয়াৰ লগতে মণিপুৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড আৰু খাদী আৰু গ্ৰাম্য উদ্যোগ ব’ৰ্ডৰ অধ্যক্ষও উপস্থিত আছিল।