জোৱাইত উপস্থিত ৰাহুল গান্ধী : শ্বিলঙত সংগীতানুষ্ঠানৰ যোগেদি চলাব নিৰ্বাচনী প্ৰচাৰ

Rahul Gandhi

জোৱাইত ৰাহুল গান্ধী

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি জোৱাইত দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় মেঘালয়ত তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।

জোৱাইৰপৰা ঘূৰি আহি গধূলি শ্বিলঙত ৰাহুলে ‘Celebrate Peace and Way of Life’ শীৰ্ষক এক সংগীত অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

‘এই অনুষ্ঠানটোৰ যোগেদি আমি শান্তি, মুক্তি আৰু ধৰ্মনিৰপেক্ষতাৰ বাৰ্তা দিব খুজিছো।’ এন ই নাওক এইদৰে জনাই মেঘালয় নিৰ্বাচনত কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সমন্বয়ৰক্ষী য়াচ’মিতা ঠাকুৰে।

শ্বিলঙৰ তিপ্ৰিতি খাৰবাংগাৰ আৰু ৰুদি ৱালাঙৰ বিশ্বখ্যাত ব্ল্যুজ-ৰক বেণ্ড Soulmate-এ এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব।

সংগীত চৰ্চাৰ ঐশ্বৰ্য্যশালী পৰম্পৰা বিদ্যমান শ্বিলঙৰ অন্যান্য নাম কৰা বেণ্ড Colors, Blue Temptation, Khmih (Children Choir), Benedict Hynñiewta, Lamphang Syiemlieh, Dewdrops, Da- Thymmei, Emperical tribe, Note’s of A’rongga আদিৰ লগতে বিভিন্ন সাংস্কৃতিক দল আৰু DJ Eltonএও এই সংগীত অনুষ্ঠানত ভাগ ল’ব।

প’ল’ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানটোত ৰাহুল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

মেঘালয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৱিনচেন্ত পালাই জনোৱা মতে শ্বিলঙত আবেলি ৪.৪৫ ৰপৰা ৫.৩০ বজালৈ গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ এক কাৰ্য্যনিৰ্বাহক বৈঠকতো ভাগ ল’ব।

আয়োজকসকলে জনাইছে যে মেঘালয়ৰ সংগীত, সংস্কৃতি আৰু ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন শৈলী উদযাপনৰ আয়োজন এই ‘Celebrate Peace and Way of Life’।

গান্ধীয়ে গীৰ্জাৰ নেতৃত্বৰ লগতে বিভিন্ন ধৰ্মীয় মুৰব্বী আৰু পৰম্পৰাগত অনুষ্ঠানসমূহৰ মুৰব্বীসকলৰ লগতো এখন বৈঠকত মিলিত হ’ব।

উল্লেখযোগ্য যে গান্ধীৰ ৩০ জানুৱাৰিৰ তুৰা ভ্ৰমণ বাতিল হৈছিল। গান্ধীক দিয়া ২০ বছৰতকৈও অধিক পুৰণি হেলিকপ্তাৰ তেওঁৰ নিৰাপত্তা দলে নাকচ কৰিছিল।

প্ৰদেশ কংগ্ৰেছৰ নেতা পালাই জনোৱা মতে গান্ধীৰ পৰৱৰ্তী তুৰা ভ্ৰমণসূচী সোনকালেই ঘোষণা কৰা হ’ব।

২৭ ফেব্ৰুৱাৰিত হ’ব লগা মেঘালয় নিৰ্বাচনৰ বাবে কংগ্ৰেছে ইতিমধ্যে আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ ৭৫% লোক খ্ৰীস্তান হোৱাৰ বিপৰীতে হিন্দু, মুছলিম আৰু অন্যান্য ধৰ্মৰ লোক ক্ৰমে ১১, ৪.৫ আৰু ৮ শতাংশ।

এইবাৰৰ নিৰ্বাচনত মেঘালয়ৰ ১৮.৩ লাখ ভোটাৰৰ ভিতৰত ৪২,৮৪৩ গৰাকী নতুন ভোটাৰ।