টে’ট শিক্ষকক ব্লেকমেইলিঙৰ জৰিয়তে অত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা তিনি অভিযুক্তক আটক

মৰিয়নিৰ ৰিবুল ফুলমালী নামৰ এজন শিক্ষকক ব্লেকমেইলিঙৰ জৰিয়তে আত্মহত্যাৰ দৰে পথ বাছি ল’বলৈ বাধ্য কৰোৱা ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷

প্ৰাপ্ত তথ্য মতে  ধুবুৰী আৰক্ষীয়ে সহযোগত বৃহস্পতিবাৰে ব্লেকমেইলিং কাৰ্যত জড়িত মূল অভিযুক্তৰ লগতে আন দুজন অভিযুক্তকো আটক কৰিবলৈ সক্ষম হয়।

ধৃত অভিযুক্ত কেইজন ক্ৰমে নাজিমুদ্দিন শ্বেখৰ, চয়েল আহমেদ আৰু চয়েল নাৱাজ খানদাকাৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয়াৰে নাজিমুদ্দিন শ্বেখৰ ৰিবুল ফুলমালীক ব্লেকমেইলিং কৰা কাৰ্যৰ সৈতে জড়িত মূল অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ধৃত অভিযুক্তকাৰী কেইজনক আৰক্ষীয়ে আৰু অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ২৬ মাৰ্চত যোৰহাটৰ মৰিয়নিত টে’ট শিক্ষক ৰিবুল ফুলমালীয়ে চলন্ত ৰে’লৰ আগত পৰি আত্মহত্যা কৰিছিল।

প্ৰাপ্ত তথ্য মতে যোৰহাট জিলাৰ ৰিবুল ফুলমালীয়ে ২০১২ চনৰ পৰা ধুবুৰীৰ অতি পিছপৰা এটা অঞ্চলত অনিয়মীয়া শিক্ষক হিচাপে কাম কৰি আছিল।

পত্নী আৰু এটি কণমানি পুত্ৰৰ সৈতে ধুবুৰীত বাস কৰা থকাৰ সময়ত শিক্ষকগৰাকীক ধৃত লোক কেইজনে তেওঁৰ পত্নীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি ব্লেকমেইলিং কৰিবলৈ ধৰে। ফলত শিক্ষক গৰাকী মানসিকভাৱে ভাগি পৰি অৱশেষত আত্মহত্যা কৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে শিক্ষক ৰিবুল মালিৰ পত্নীয়ে ধুবুৰীৰ এগৰাকী যুৱকৰ সৈতে সম্পৰ্ক গঢ়ি তুলি শিক্ষক ৰিবুল আৰু কণ মানি সন্তানটোকো এৰি দিছিল।

ফলত ২৬ মাৰ্চত তেওঁৰ সন্তান, পত্নী আৰু শিক্ষামন্ত্ৰীক উদ্দেশ্যি এখন ফেচবুকত চিঠি লিখাৰ পিছতেই শিক্ষকজনে যোৰহাটৰ মৰিয়নি ৰে’ল ষ্টেইশ্যনৰ সমীপত আত্মহত্যা কৰে।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে মৰিয়নী আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছিল। অনুসন্ধান চলাই মৰিয়নী আৰক্ষীয়ে এটা দল অভিযুক্তক আটক কৰিবৰ বাবে বৃহস্পতিবাৰে নিশা ধুবুৰীলৈ প্ৰেৰণ কৰে।