টোনলা জংচনত উদ্ধাৰ অসমৰ ৪ টা শিশু

আজি শিলচৰ-নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ৰেলত ৪ গৰাকীকৈ শিশুক আজমেৰলৈ নি থকা অৱস্থাত ৰেইলখনত কৰ্মৰত টিটিয়ে উদ্ধাৰ কৰে। এই ঘটনাই অসমত যে দিনে দিনে শিশু সৰবৰাহকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে তাৰেই এক প্ৰমাণ। লক্ষণীয় যে এই শিশুকেইজনক এজন অচিনাক্ত সৰবৰাহকাৰীয়ে ভিক্ষা খোজাৰ অৰ্থে আজমেৰলৈ নি থকা হৈছিল। মন কৰিব লগীয়া যে ৰেইলখনৰ একেটা দবাত গৈ থকা অমিত কুমাৰ নামৰ ব্যক্তিজনে সন্দেহ কৰি টিটিক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত শিশুকেইজনক টিটিয়ে সোধপোচ কৰাত প্ৰকৃত তথ্য পোহৰলৈ আহে। মৌচম সিং নামৰ টিটিগৰাকীয়ে টোনলা জংচনত ৰেইলখন ৰখাইলৈ ৰেল আৰক্ষী বিভাগক অৱগত কৰে। পিছত ৰেল আৰক্ষীয়ে শিশুকেইজনক টোনলা আৰক্ষী থানালৈ লৈ যায়। সূত্ৰ পৰা পোৱা তথ্য অনুসৰি উদ্ধাৰ হোৱা শিশুকেইটিক হোজাই জিলাৰ বুলি জানিব পৰা গৈছে।