ডকমকা কাণ্ড : পুনৰ পাঁচজনক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা বৃদ্ধি পালে ২৪ লৈ

ডকমকা কাণ্ডৰ অভিযুক্ত ক্ৰমে ওপৰৰ ফালৰ বাওঁহাতৰ পৰা পিলাৰচন ইংতি, বিষ্ণুৰাম বড়ো, প্ৰেমছন ইংহি, চিকাৰী ৰংপি আৰু ইন’চেন ইংতি।

কাৰ্বি আংলঙৰ ডকমকাত বৰ্বৰভাৱে দুজন যুৱকক হত্যা কৰা কাণ্ডত জড়িত অপৰাধী সকলৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে আৰু পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃতকেইজনক আৰক্ষীয়ে ক্ৰমে ইন’চেন ইংতি, প্ৰেমছন ইংহি, বিষ্ণুৰাম বড়ো, পিলাৰচন ইংতি আৰু চিকাৰী ৰংপি বুলি চিনাক্ত কৰিছে।

উল্লেখযোগ্য যে দেওবাৰে নিশাও কাৰ্বি আংলং আৰক্ষীয়ে মাৰাথান অভিযান চলাই উক্ত ঘটনাত জড়িত থকা ডকমকাৰ পানজুৰি গাঁৱৰ পৰা তিনিজল লোকক আটক কৰিছিল। ফলত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১৯ লৈ বৃদ্ধি পাইছিল।

আনহাতে ডকমকা কাণ্ডৰ তদন্ত কৰিবলৈ কাৰ্বি আংলং আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা পাঁচজনীয়া বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰি দিছে অসম আৰক্ষীয়ে।

ফলত এই অনুসন্ধানকাৰী দলটোৱে অঞ্চলটোত অপৰাধীক কৰায়ত্ত কৰাৰ বাবে ক্ষীপ্ৰ গতিত অভিযান চলাইছে। আৰু বৰ্তমানলৈকে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ২৪ লৈ বৃদ্ধি পালে।

ডকমকা কাণ্ডৰ অভিযুক্ত ক্ৰমে পিলাৰচন ইংতি, বিষ্ণুৰাম বড়ো, প্ৰেমছন ইংহি, চিকাৰী ৰংপি আৰু ইন’চেন ইংতি।