ডিফুত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে একত্ৰিত ২৪ৰো অধিক সংগঠন

diphu protest

কাৰ্বি আংলং জিলাৰ ডিফুত প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ৰ বিৰূদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। ‘গো বেক বাংলাদেশীজ’, ‘উই অপোজ চিটিজেনশ্বিপ (এমেণ্ডমেণ্ট) বিল, লং লিভ কাৰ্বি আংলং আদি শ্লোগানেৰে ডিফুৰ আকাশ বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদী লোকসকলে।এই প্ৰতিবাদী কাৰ্যসূচীত ২৪টাতকৈও অধিক সংগঠনে ভাগ লয়।

এই প্ৰতিবাদী সমদলৰ নেতৃত্বত আছে হীলছ ট্ৰাইবেল লীগ আৰু অংশগ্ৰহণকাৰী ২৪ৰো অধিক সংগঠন। ছেমছন ছিং ইংতি স্মাৰক উদ্যানত নৰ্থ ইষ্ট ডায়েলগ ফ’ৰামৰ সম্পাদক উ জেনিছনে কয় যে ফ’ৰাম প্ৰতিবাদী জনতাৰ সৈতে সহমত আৰু ফ’ৰামে এই বিধেয়কখনৰ বিৰোধিতা কৰি যাব।

জেনছনে কয় যে এই বিধেয়কখনৰ ক’তো খিলঞ্জীয়া লোকক সংৰক্ষণ দিয়াৰ কথা উল্লেখ কৰা হোৱা নাই। এই বিধেয়কখন আইনত পৰিণত হ’লে বিদেশীয়েহে সুৰক্ষিত হ’ব। এই বিধেয়কখন উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক বশ কৰি ৰাখিবলৈ আৰোপ কৰা সশস্ত্ৰ বাহিনী (বিশেষাধিকাৰ) আইনখনৰ নিচিনা খিলঞ্জীয়া বিৰোধী আইন। তেওঁ আৰু কয় যে যদিহে বিদেশী আনিবলৈ লাগে চৰকাৰে দিল্লী, মধ্য প্ৰদেশ আৰু অন্য কোনো অংশত সংস্থাপিত নকৰি উত্তৰ পূব ভাৰতত সেই নাগৰিকসকলক সস্থাপিত কৰিবলৈ বিচাৰিছে কিয় বুলি তেওঁ প্ৰশ্ন কৰে। ভৱিষ্যতৰ প্ৰজন্মৰ কথা চিন্তা কৰি একগোট হৈ চৰকাৰৰ জনজাতি বিৰোধী নীতিৰ বিৰোধীতা কৰি যোৱাৰ এয়েই প্ৰকৃষ্ট সময় বুলি তেওঁ প্ৰকাশ কৰে।

২৪টাৰো অধিক সংগঠনৰ উপদেষ্টা জে আই কাথাৰে কয় যে খিলঞ্জীয়া লোকৰ বিৰোধিতা কৰাৰ বাবে চৰকাৰৰ বিভিন্ন পৰিকল্পনা আৰু নীতি আছে।

কাথাৰে আৰু কয় যে ভাল কৰিব বুলি আশা কৰি বিজেপিক ক্ষমতালৈ অনাৰ পাছত বিজেপি চৰকাৰে এতিয়া ডিঙি কাটিবলৈ আদেশ দিছে।

স্বায়ত্ব শাসিত ৰাজ্য সমূহৰ বাবে যুটীয়া কাৰ্যকৰী কমিটীৰ (Joint Action Committee for Autonomous State) চেয়াৰমেন খৰছিং টেৰনে এই আন্দোলন বন্ধ নকৰি চলাই লৈ যাবলৈ আহ্বান জনায়।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ২৪ৰো অধিক সংগঠনৰ ভিতৰত আছে ডিমাছা সাহিত্য সভা, ডিমাছা ষ্টুডেণ্টছ এছোচিয়েশ্যন, ৰেংমা নাগা ষ্টুডেণ্টছ এছোচিয়েশ্যন,কুকি ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন, কাৰ্বি ষ্টুডেণ্টছ এছোচিয়েশ্যন,কাৰ্বি কালছাৰেল ছচাইটী, কাৰ্বি লাংৰি এণ্ড এন চি লিবাৰেশ্যন ফ্ৰণ্ট, কাৰ্বি ফাৰ্মাৰ্ছ এছোচিয়েশ্যন, য়ুনাইটেড কাৰ্বি ষ্টুডেণ্টছ এছোচিয়েশ্যন, আৰু কাৰ্বি ষ্টুডেণ্টছ য়ুনিয়ন আৰু গাৰো ষ্টুডেণ্টছ য়ুনিয়ন।