ডিব্ৰুগড়ত আত্মসহায়ক গোট আৰু সমবায় ছ’চাইটিৰ সদস্যৰ প্ৰশিক্ষণ সম্পন্ন

ডিব্ৰুগড় পৌৰসভাৰ প্ৰায় ১৯৭টা আত্মসহায়ক গোট আৰু সমবায় ছ’চাইটিৰ মুঠ ২০৪০গৰাকী সদস্যক আজি প্ৰশিক্ষণ সম্পন্ন কৰোৱা হয়।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰিত আছাম আৰবান লাইভলিহুড মিশ্যনে  মিশ্যন ফৰ ইলিমিনেটিং প’ভাৰ্টি ফ্ৰম আৰবান এৰিয়াজৰ সহযোগত ডিব্ৰুগৰ পৌৰসভাৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহৰ মাজত এটা সক্ষমতা বিকাশ জাগৰণ আৰম্ভ কৰিছিল।

নেশ্যনেল আৰবান লাইভলিহুড মিশ্যনৰ (এন ইউ এল এম) মহানগৰ প্ৰকল্প ব্যৱস্থাপক ইন্দ্ৰজিৎ গামে কয় যে অন্ধ্ৰ প্ৰদেশৰ পৰা প্ৰশিক্ষকসকল আহি গোটৰ সদস্যসকলক প্ৰশিক্ষণ দিছে। এই প্ৰশিক্ষণে নগৰীয়া মহিলাসকলক তেওঁলোকৰ আত্মসহায়ক গোটসমূহ ভালদৰে পৰিচালনা কৰাত যথেষ্ট সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

প্ৰতি গৰাকী সদস্যই  প্ৰশিক্ষকসকলৰ পৰা মনোযোগেৰে কথাবোৰ বুজি লৈছে বুলি তেওঁ জানিবলৈ দিছে। প্ৰশিক্ষকসকলে জানুৱাৰি মাহৰ পৰাই  শিক্ষাৰ্থীসকলক হিচাপ ৰক্ষাৰ কাম আৰু আন আন যাৱতীয় কামৰ আদিপাঠ দিয়ে আৰু কেনেদৰে এটা আত্মসহায়ক গোট মসৃণভাৱে পৰিচালনা কৰিব লাগে তাৰো বোধ দিয়ে।

এই প্ৰশিক্ষণ কাৰ্য্যসূচীয়ে মহিলাসকলৰ সবলীকৰণ আৰু মহিলাসকলৰ ধাৰণা পৰিৱৰ্তন সাধন কৰিব বুলি তেওঁ বিশ্বাস কৰে।

নেশ্যনেল আৰবান লাইভলিহুড মিশ্যনৰ লক্ষ্য হৈছে নগৰীয়া দৰিদ্ৰ লোকসকলৰ মাজত এক শক্তিশালী তৃণমূল পৰ্যায়ৰ অনুষ্ঠান গঢ়ি তুলি তেওঁলোকৰ মাজৰ দাৰিদ্ৰ্য নিৰ্মূল কৰা, স্ব-নিয়োজন আৰু দক্ষতাপূৰ্ণ নিয়োজনৰ সুযোগ প্ৰদান কৰা, যাতে বহনক্ষমভাৱে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়।

প্ৰকল্প ব্যৱস্থাপকগৰাকীৰ মতে মিশ্যনে এই প্ৰশিক্ষিত গোটসমূহৰ মাজৰ পৰা অহা আত্মসহায়ক গোটসমূহক ১০,০০০ টকাকৈ আৱৰ্তমান পুঁজি হিচাপে যোগান ধৰিব। এই ধনখিনি লাভ কৰাৰ প্ৰাথমিক যোগ্যতা হৈছে গোটটো কমেও ৩ মাহ পৰ্যন্ত সক্ৰিয় হৈ থাকিব লাগিব। এই গোটসমূহক ‘পঞ্চসূত্ৰ’ৰ আলমত যোগ্যতাসূচক শ্ৰেণী দিয়া হ’ব।