ডিব্ৰুগড়ৰ আদিত্য পলিক্লিনিকত সম্পন্ন ফিজিঅ’থেৰাপিৰ বিনামূলীয়া শিবিৰ

ডিব্ৰুগড়ৰ আদিত্য পলিক্লিনিকত আজি ৩ জুনত এটা বিনামূলীয়া ফিজিঅ’থেৰাপি শিবিৰ অনুষ্ঠিত হয়।

মুঠ ৪৯ গৰাকী ৰোগীয়ে এই শিবিৰত চিকিৎসা গ্ৰহণ কৰে। তাৰোপৰি কেইবাগৰাকী অস্থিৰোগীয়েও শিবিৰটোত পৰামৰ্শ গ্ৰহণ কৰে।

ফিজিঅ’থেৰাপিষ্ট ডাঃ শ্ৰীকান্ত চিকাতিয়াই তদাৰকী কৰা শিবিৰটোত ডাঃ তিনামণি দেউৰী, ডাঃ অদিতি গগৈ, ডাঃ তুচিতা গগৈ, ডাঃ পাৰ্থসাৰথি স্বাইন আৰু ডাঃ শশাংকই সহযোগিতা আগবঢ়ায়।