ডিমাচা সৰ্বোচ্চ সামাজিক সংগঠন ‘জাদিখে নাইশ্ব হচ’ম’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন; স্থাপন স্থায়ী কাৰ্য্যালয়ৰ আধাৰশিলা

৬ এপ্ৰিল শুকুৰবাৰে হাফলঙত ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ডিমাচাসকলৰ সৰ্বোচ্চ সামাজিক সংগঠন জাদিখে নাইশ্ব হচ’ম (JNH)এ। হাফলং লে’ক ভিউ ৰ’ডত উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদে আবন্টন দিয়া ভূমিত আজি জেএনএইচৰ স্থায়ী কাৰ্যালয় ভৱনৰ আধাৰশিলাও স্থাপন কৰে জেএনএইচ-ৰ সভাপতি কল্যাণ দাওলাগুপুয়ে।

অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত কল্যাণ দাওলাগুপুয়ে কয় ‘জেএনএইচ প্ৰধানত তিনিটা বিষয়ৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে। শান্তি, উন্নতি আৰু একতা। পাৰ্বত্য জিলাখনত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ এখন প্ৰগতিশীল তথা উন্নত ডিমা হাচাও জিলা গঠন কৰাই জেএনএইচ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য। কোনো বিচ্ছিন্নতাবাদী শক্তিয়ে যাতে ডিমা হাচাওৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে জেএনএইচ সদাজাগ্ৰত আছে।’

হাফলং চুপাৰ মাৰ্কেটত থকা জেএনএইচৰ কেন্দ্ৰীয় কাৰ্যালয় চৌহদত প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি কল্যাণ দাওলাগুপুয়ে। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে জেএনএইচৰ প্ৰতিষ্ঠাপক সভাপতি বহিমচন্দ্ৰ লাংথাচাৰ লগতে বিশিষ্ট নাগৰিক তথা ডিমাচা সাহিত্য সভাৰ সভাপতি দীনেন্দ্ৰ থাউচেন, সমাজকৰ্মী কুমুদ কেম্প্ৰাই, ‘হাফলং খুৰাঙ’ৰ কৰ্ণধাৰ সুখেন্দ্ৰ ফংল, আডছু সভাপতি উত্তম লাংথাচা, সমাজকৰ্মী হিৰণ্ময় বাথাৰি, ডিমাচা মাদাৰ্চ এচচিয়েছনৰ সভানেত্ৰী এগনেছ গাৰ্লচা, জেএনএইচৰ সাধাৰণ সম্পাদক ফ্ৰেজাৰ চেংগুইন, মতিলাল নুনিচা আদি।

উল্লেখযোগ্য যে ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৬ এপ্ৰিলত জাদিখে নাইশ্ব হচ’মৰ প্ৰতিষ্ঠা হৈছিল। তেতিয়াৰ পৰা বিশেষকৈ ডিমাচা সমাজৰ উন্নয়নৰ লগতে পাৰ্বত্য জিলাখনৰ সামগ্ৰিক শান্তি-সম্প্ৰীতি অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত জেএনএইচে কাম কৰি আহিছে।