ডিমাপুৰৰ খাদ্যৰসিকৰ বাবে বাৰ্বিকিউ নেশ্যনৰ দুৱাৰ মুকলি

bn

ডিমাপুৰবাসীৰ বাবে বাৰ্বিকিউ নেশ্যনৰ দুৱাৰ মুকলি কৰিলে আগশাৰীৰ প্ৰতিষ্ঠানটোৱে।

উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো সফলভাৱে ৰেষ্টুৰেণ্ট ব্যৱসায় চলাই থকা প্ৰতিষ্ঠানটোৱে সোমাবাৰে ডিমাপুৰবাসীক এক নতুন ধৰণৰ জুতিৰ সৈতে চিনাকি হোৱাৰ সুযোগ দিলে।

ইতিমধ্যে ভাৰতত জনপ্ৰিয় হৈ পৰা বাৰ্বিকিউ নেশ্যনে পাহাৰীয়া ৰাজ্যখনৰ লোকসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাসকলে।

ডিমাপুৰৰ ছেভিঅ’ৰ মিনিস্ত্ৰী বিল্ডিঙৰ তৃতীয় মহলাৰ জিবিচি-১৬, ব্লক নং ৯ত বাৰ্বিকিউ নেশ্যনৰ শাখা স্থাপনৰ জৰিয়তে খাদ্যৰসিক সকলে এক পূৰ্বতে লাভ নকৰা জুতি তথা অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্যযোগ্য যে বাৰ্বিকিউ নেশ্যনত খাদ্যৰসিক সকলে ভিন্ন ধৰণৰ খা্দ্য নিজ পছন্দ অনুযায়ী আকৰ্ষণীয়ভাৱে প্ৰস্তুত কৰি লোৱাৰ সুবিধা লাভ কৰিব।