শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগটোৱে জিলাখনৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰাৰ কেইদিনমানৰ পাছতে যোৱা ৫ ডিচেম্বৰত বিভাগটোৰ চিকিৎসকসকলে আন এক সফলতা লাভ কৰিছে। তেওঁলোক স্বাভাৱিকতকৈ বহু বেছি ওজনৰ সন্তান ধাৰণ কৰা এগৰাকী প্ৰসূতিক সফল অস্ত্ৰোপচাৰ জৰিয়তে এটি সুস্থ সন্তান জন্ম দিয়াবলৈ সক্ষম হয়। ৫ কেজি ওজনৰ পুত্ৰ সন্তানটি প্ৰসৱ কৰা মহিলাগৰাকীৰ নাম হ’ল ৰুবী চেতিয়া। তেওঁৰ স্বামীৰ নাম নোমল চেতিয়া। তেওঁলোকৰ ঘৰ ডিমৌৰ আঠাবাৰীত। উল্লেখযোগ্য যে জন্মৰ সময়ত এটি সন্তানৰ গড় ওজন হ’ল ২.৭ কিলোগ্ৰাম। গতিকে গড় ওজনতকৈ প্ৰায় দুগুণ ওজনৰ এই সন্তানটিক প্ৰসৱ কৰোৱাত যথেষ্ট জটিলতা আছিল। কিন্তু দক্ষ চিকিৎসক-নাৰ্ছৰ দলটোৱে এই কামটো সফলতাৰে কৰে। এই অস্ত্ৰোপচাৰৰ দায়িত্বত আছিল ডাঃ সীমান্তজ্যোতি টায়ে, সংজ্ঞাহাৰক চিকিৎসক সুৰজিৎ গিৰি, ডিম্পী দাস আৰু নীলোৎপল শৰ্মা। তেওঁলোকে প্ৰায় ডেৰ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত সফলতাৰ মুখ দেখে আৰু সন্তান তথা মাতৃক স্বাভাৱিক তথা সুস্থভাৱে ৰাখিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগ যোৱা নৱেম্বৰ মাহত ৬৫টাকৈ সফল অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান প্ৰসৱ কৰোৱাত সফল হয়।
ডিমৌত পাঁচ কিলোগ্ৰাম ওজনৰ সন্তান প্ৰসৱ কৰোৱাত সফল হ’ল ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগ
-
By NE NOW NEWS
- Categories: অসম
Related Content
গুৱাহাটীত হৃদয়বিদাৰক ঘটনা! ভূমিস্খলনত শুই থকা দুবছৰীয়া শিশুৰ মৃত্যু
By
হিতোজ্জ্বল চেতিয়া
May 29, 2024 4:58 pm
কাৰাবন্দী হৈ আছিল পাকিস্তানত : ১৮ মাহ পিছত আজি ওপজা মাটিলৈ ঘূৰি আহিব অসমৰ মাতৃ-পুত্ৰ
By
হিতোজ্জ্বল চেতিয়া
May 29, 2024 8:10 am
৩ শ্ৰমিকৰ মৃত্যুৰ পিছত তিনিচুকীয়াৰ কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ২.৯৯ কোটি টকা
By
হিতোজ্জ্বল চেতিয়া
May 28, 2024 4:02 pm
নাছাই আৱিষ্কাৰ কৰিলে পৃথিৱীৰ দৰে এটা গ্ৰহ; বাসস্থানৰ বাবে উপযোগী হোৱাৰ সম্ভাৱনা
By
হিতোজ্জ্বল চেতিয়া
May 28, 2024 3:25 pm
প্ৰমাণৰ অভাৱ! অভিযুক্ত ৰাম ৰহিমৰ লগতে ৪ জনক দোষমুক্ত কৰিলে আদালতে
By
হিতোজ্জ্বল চেতিয়া
May 28, 2024 2:26 pm
কৰ্মচাৰীয়ে পোৱা নাই দৰমহা! পঞ্চায়ত-গ্ৰামোন্নয়নৰ ১৪কোটি টকাৰে ভিয়েটনামত প্ৰমোদ ভ্ৰমণ তুলিৰাম ৰংহাং আৰু সংগীবৃন্দৰ
By
হিতোজ্জ্বল চেতিয়া
May 28, 2024 1:32 pm