ডিমৌৰ উদয়পুৰ জামুগুৰি পথাৰত ১৮ টা শগুণৰ কৰুণ মৃত্যু

IMG-20180422-WA0001

শিৱসাগৰ জিলাৰ ডিমৌৰ পানীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ জামুগুৰি পথাৰত শনিবাৰে ১৮টা মৃত শগুণ উদ্ধাৰ কৰা হয়।

বিয়লি স্থানীয় লোকে ১৮টা শগুনৰ কৰুণ মৃত্যু ঘটা প্ৰত্যক্ষ কৰাৰ লগতে আন কেইবাটাও শগুণ মৃত্যুৰ যন্ত্ৰণাত ছটফটাই থকা প্ৰত্যক্ষ কৰে।

খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতেই এটা শগুনকেইটা এটাৰ পিছত এটাকৈ অতি কৰুণভাৱে মৃত্যুমুখত পৰে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে। স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি আবেলি পথাৰৰ পৰা গৰু আনিবলৈ যাওঁতে পথাৰৰ মাজত সিঁচৰিত হৈ থকা অৱস্থাত শগুনকেইটা প্ৰত‍্যক্ষ কৰে।

জামুগুৰি গাঁৱৰ প্ৰকৃতিপ্ৰেমী লোকসকলে মৃত্যুৰ যন্ত্ৰণাত ছটফটাই থকা কেইটামান শগুণক টেঙাৰ পানী খুৱাই বিহমুক্ত কৰি জীৱন দান দিয়াৰ চেষ্টা কৰিও ব্যৰ্থ হয়।

লক্ষ্যণীয় যে পথাৰৰ মাজত এটা মৃত গৰু পোৱালি পৰি আছিল আৰু গৰুটো ভক্ষণ কৰাৰ ফলতেই শগুণকেইটাৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।

স্থানীয় লোকে আক্ৰান্ত শগুণকেইটা উদ্ধাৰ কৰি চিকিৎসাৰ ব‍্যৱস্থা কৰে যদিও গধূলিকে ডিমৌ খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা কোনো বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

এনেদৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত অৱদান যোগাই অহা শগুণৰ দৰে দুষ্প্ৰাপ্য পক্ষীৰ মৃত্যু হোৱাটোৱে প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তুলিছে।