• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি এল এড পাঠ্যক্ৰমৰ নামত বৰপেটাত প্ৰশিক্ষাৰ্থী শিক্ষকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

পুলেন দাস by পুলেন দাস
April 17, 2018 9:32 pm
D-El-Ed-course
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে ৰাজ্যখনত ডি এল এড পাঠ্যক্ৰমৰ নামত একাংশ অধ্যয়ন কেন্দ্ৰত ৰমৰমীয়া ব্যৱসায় আৰম্ভ হৈছে যদিও এই সন্দৰ্ভত শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ৰাজ্যখনত চৰকাৰী, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত অপ্ৰশিক্ষণপ্ৰাপ্ত প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ৰাজ্য চৰকাৰে ডি এল এড পাঠ্যক্ৰম অধ্যয়ন কৰাটো চৰকাৰে বাধ্যতামূলক কৰি দিয়াৰ সুবিধা গ্ৰহণ কৰিছে একাংশ অধ্যয়ন কেন্দ্ৰৰ দায়িত্ববাহীসকলে। বৰপেটা জিলাৰ একাংশ শিক্ষানুষ্ঠানত স্থাপন কৰা ডি এল এড পাঠ্যক্ৰমৰ কেইবাটাও অধ্যয়ন কেন্দ্ৰৰ প্ৰতি ভুক্তভোগীয়ে এনেধৰণৰ অভিযোগৰ আঙুলি তুলি আহিছে বহু দিনৰ পৰাই।

অভিযোগ অনুসৰি, জিলাখনৰ একাংশ শিক্ষানুষ্ঠানৰ মুৰববীয়ে উক্ত পাঠ্যক্ৰমৰ অধ্যয়ন কেন্দ্ৰ হিচাপে গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় সংস্থানৰ কাৰ্যালয়ৰ পৰা অনুমোদন লৈ আহি এনে পাঠ্যক্ৰম দিয়াৰ নামত ব্যৱসায় কৰিবলৈ ধৰিছে। ইয়াৰ বিপৰীতে উক্ত পাঠ্যক্ৰম অধ্যয়নৰ বাবে নাম পঞ্জীয়ন কৰা শিক্ষকসকলক পৰ্যাপ্ত সা-সুবিধা দিব পৰা নাই অধ্যয়ন কেন্দ্ৰসমূহে।

প্ৰাপ্ত অভিযোগ মতে, জিলাখনৰ ভাটকুছিস্থিত শ্ৰীমন্ত শংকৰ-মাধৱ ছিনিয়ৰ কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধেও এনেকুৱা কেবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কলেজখনৰ কৰ্তৃপক্ষই ডি এল এডৰ প্ৰশিক্ষাৰ্থীসকলৰ পৰা এছাইনমেণ্ট জমা লোৱাৰ নামত ২০০০ টকাকৈ উৎকোচ সংগ্ৰহ কৰা বুলি অভিযোগ কৰিছে প্ৰশিক্ষণৰত শিক্ষক-শিক্ষয়িত্ৰীয়ে।

জানিব পৰা মতে, ডি এল এডৰ অধ্যয়ন কেন্দ্ৰ হিচাপে পাঠ্যক্ৰম আগ বঢ়োৱা এই কেন্দ্ৰটোত প্ৰায় ২০০গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই ২০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰথম ষান্মাসিকৰ এছাইনমেণ্ট জমা দিবলৈ যাওঁতে উত্তীৰ্ণ হোৱাৰ নম্বৰ দিয়াৰ কথা কৈ কলেজখনৰ এগৰাকী অধ্যাপকে প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা ২০০০ টকাকৈ বিচাৰে বুলি অভিযোগ উত্থাপন হৈছে।

আনহাতে কলেজখনৰ অধ্যক্ষগৰাকীয়েও নম্বৰ নিদিয়াৰ ভাবুকি প্ৰদান কৰি একাংশ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ দুৰ্ভগীয়া শিক্ষক প্ৰশিক্ষাৰ্থীসকলক ভীতিগ্ৰস্ত কৰি তোলা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিষয়টো সন্দৰ্ভত শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰা হৈছে যদিও এই সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ঊৰ্ধ্বতন কৰ্তৃপক্ষই। একাংশ শিক্ষক প্ৰশিক্ষাৰ্থীয়ে বিষয়টো শিক্ষা মন্ত্ৰী আৰু শিক্ষা আয়ুক্ত সচিবক অৱগত কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

উল্লেখযোগ্য যে ২০১৭ বৰ্ষৰ ৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যখনৰ চৰকাৰী-বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ২০০১ বৰ্ষৰ ৩ ছেপ্টেম্বৰ আৰু ইয়াৰ পিছৰ পৰা নিযুক্তি লাভ কৰা অপ্ৰশিক্ষণপ্ৰাপ্ত প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক শিক্ষকসকলৰ বাবে ডি এল এড পাঠ্যক্ৰম বাধ্যতামূলক কৰা হৈছিল।

ইয়াৰ পিছতে ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো এনে শ্ৰেণীৰ ভিতৰত পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভিন্ন কেন্দ্ৰত ডি এল এড পাঠ্যক্ৰমৰ বাবে নাম অন্তৰ্ভুক্তি কৰে। কিন্তু এই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বহুতেই এতিয়া এনে অসৎ কৰ্তৃপক্ষৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

এছাইনমেণ্ট, পৰীক্ষা কেন্দ্ৰ, পৰীক্ষাত সুবিধা কৰি দিয়া আদি বিভিন্ন অজুহাত দেখুৱাই উৎকোচ বিচাৰে এই কেন্দ্ৰবোৰৰ কৰ্তৃপক্ষই। উত্থাপিত অভিযোগ অনুসৰি, জিলাখনৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষা কেন্দ্ৰ অনাৰ নামত প্ৰশিক্ষাৰ্থীসকলৰ পৰা ৫০০ৰ পৰা ৬০০ টকাকৈ উৎকোচ বিচাৰিছে কেন্দ্ৰৰ একাংশ মুৰববীয়ে।

পুলেন দাস

পুলেন দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd