ডুমডুমাত বন বিভাগৰ গাফিলতিত পিঞ্জৰাবদ্ধ নাহৰফুটুকীৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি বন বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত এজনী প্ৰাপ্ত বয়স্ক নাহৰফুটুকী বাঘিনীয়ে মৃত্যুক সাবটি লয়।

উল্লেখযোগ্য যে ডুমডুমাৰ বাদলবেটা চাহ বাগিচাৰ ইটাভাটা লাইনৰ সমীপৰ অঞ্চলত আজি কিছু দিন ধৰি এই নাহৰফুটুকী বাঘিনীজনীয়ে স্থানীয় ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। স্থানীয় ৰাইজৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আহিছিল।

আনহাতে স্থানীয় ৰাইজে ডুমডুমা বন বিভাগক ঘটনা সন্দৰ্ভত অৱগত কৰাত বন বিভাগে উক্ত অঞ্চলত বাঘিনীজনী কৰায়ত্ত কৰাৰ উদ্দেশ্যেৰে পিঞ্জৰা স্থাপন কৰে।

ফলত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত বৃহস্পতিবাৰে নিশা নাহৰফুটুকী বাঘিনীজনী আবদ্ধ হয়। মন কৰিব লগীয়া যে বন বিভাগৰ লোক আজি পুৱা ৮ বজাতহে ঘটনাস্থলীত উপস্থিত হয়।

লগতে উৎকট গৰমৰ পৰা বাঘিনীজনী ৰক্ষা কৰাৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। লগতে ঘটনাস্থলীৰ পৰা মাত্ৰ ৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত পশু চিকিৎসালয়খনলৈ বাঘিনীজনীক নিবলৈ ৩-৪ ঘণ্টাতকৈও অধিক সময় অতিবাহিত কৰে।

বাঘিনীজনী প্ৰথম অৱস্থাত বাঘিনীজনী সুস্থ অৱস্থাত আছিল যদিও পৰৱৰ্তী সময়ত উৎকট গৰম সহ্য কৰিব নোৱাৰি বাঘিনীজনী অসুস্থ হৈ পৰাত দিনৰ ১.৩০ বজাত ৰূপাইচাইডিংস্থিত পশু চিকিৎসালয়লৈ নিয়াৰ পথতে বাঘিনীজনীৰ মৃত্যু ঘটে।