তিনিচুকীয়া ৰেইলৱে’ সংমণ্ডলৰ অধীনত ডিব্ৰুগড়ত যান্ত্ৰিক ধোবাঘৰ স্থাপন

Mechanize_Laundry

তিনিচুকীয়া সংমণ্ডলৰ পৰা যাত্ৰা কৰা ৰে’ইলবোৰৰ যাত্ৰীসকলক যাতে ভাল বিছনাচাদৰ, গাৰু, গাত লোৱা কাপোৰ আদি দিব পৰা যায়, সেই উদ্দেশ্যে শেহতীয়াকৈ যন্ত্ৰৰ সহায়ত কাপোৰ ধোৱা এটা ব্যৱস্থা ডিব্ৰুগড়ত স্থাপন কৰা হৈছে। এখন সংবাদমেল যোগে এই কথা জনাই তিনিচুকীয়া ৰেইলৱে’ সংমণ্ডলৰ সংমণ্ডল পৰিচালক প্ৰশান্ত মিশ্ৰই। ‘আমাৰ সন্মানীয় যাত্ৰীসকলক দিয়া কাপোৰবোৰ ধুই ভাল অৱস্থাত দিয়াৰ বাবে অলপতে উন্নত প্ৰযুক্তিমানৰ এটা যান্ত্ৰিক ধোবাঘৰ স্থাপন কৰা হৈছে, যাৰ ক্ষমতা প্ৰতিটো খেপত ২.৫ টন।’ সংমণ্ডল পৰিচালকজনে কয়। তেওঁ লগতে কয় যে এইটো স্থাপনৰ প্ৰধান লক্ষ্য হ’ল যাত্ৰীসকলে এই বিষয়ত কৰা ওজৰ-আপত্তি হ্ৰাস কৰা আৰু লগতে তেওঁলোকক এটা ভাল ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা।

সংমণ্ডল পৰিচালকজনে লগতে কয় যে প্ৰায় ১২০০ বৰ্গ মিটাৰ ঠাইত স্থাপন কৰা এই ধোবাঘৰটোত সম্প্ৰতি প্ৰতিদিনে প্ৰায় ৫ টনকৈ কাপোৰ ধুই আছে। তিনিচুকীয়া সংমণ্ডলৰ ট্ৰেইনবিলাকত যোগান ধৰা প্ৰায় ৮০০০ খন বিছনাচাদৰ, ৪০০০ টা গাৰুৰ গিলিপ আৰু ১০০ খন কম্বল প্ৰতিদিনে ধুই থকা হৈছে। প্ৰতিটো খেপত মুঠ ৪০ জনকৈ কৰ্মচাৰীক নিয়োগ কৰা হয়। যাত্ৰীসকলক সন্তোষজনক ধৰণৰ কাপোৰ-কানি যোগান ধৰিব পৰাকৈ খুব উচ্চ প্ৰযুক্তিসম্পন্ন যন্ত্ৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

উল্লেখযোগ্য যে উত্তৰ-পূব ৰেইলৱে’ৰ ভিতৰত নিউ জলপাইগুৰি আৰু গুৱাহাটীৰ পিছতে এই ধৰণৰ এইটো তৃতীয় যান্ত্ৰিক ধোবাকক্ষ। পৰিচালকজনে জনোৱামতে ইয়াৰ গৃহ নিৰ্মাণৰ মুঠ খৰচ হ’ল ৫৮ লাখ টকা আৰু মেচিন তথা সা-সৰঞ্জামৰ খৰচ হ’ল ২.৮৫ কোটি টকা। ইয়াক কাম চলাই ৰখাৰ বাবে প্ৰতি মাহৰ খৰচ হ’ব ৮ লাখ টকা।  তাৰোপৰি পৰিচালকজনে আশা কৰে যে এই নতুন সংযোজনৰ জৰিয়তে উত্তৰ-পূব সংমণ্ডল ৰেইলৱে’ই এই দিশটোত প্ৰভূত উন্নতি কৰিব।