তুৰা শীতকালীন যুৱ মহোৎসৱৰ সফল সামৰণি

মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল ছাংমাই তুৰাত অনুষ্ঠিত তুৰা শীতকালীন যুৱ মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীসকলৰ সৈতে সংগীত পৰিৱেশন কৰিছে। ফটোঃ ইউ বি ফ’টোছ

পশ্চিম গাৰোপাহাৰ জিলা প্ৰশাসনে ডাকোপগ্ৰেৰ ডিক্কি-বন্দী ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা তুৰা শীতকালীন যুৱ মহোৎসৱৰ বুধবাৰে নিশা সামৰণি পৰে। সামৰণি অনুষ্ঠানত স্থানীয় বিভিন্ন বেণ্ডৰ ৰক কনচাৰ্টৰ প্ৰদৰ্শন আছিল অন্যতম আকৰ্ষণ।

মঙলবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মুকুল ছাংমাই চেন্টাৰ ফৰ এক্সিলেন্স ইন ক্লাছিকেল এণ্ড ওৱেষ্টৰ্ণ মিউজিকৰ সংগীত শিল্পীসকলৰ পৰিৱেশনৰ লগতে মঞ্চত সহযোগ কৰে। তেওঁলোকে মৌলিক শাস্ত্ৰীয়, হিন্দী,পাশ্চাত্য আৰু ছুফী-গাৰো ফিউজনৰ উপৰি অন্যান্য জনপ্ৰিয় সংগীত পৰিৱেশন কৰিছিল।

সংগীত দলৰ সৈতে প্ৰদৰ্শন আগবঢ়োৱাৰ আগেয়ে দৰ্শকক উদ্দেশি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গোটেই ৰাজ্যজুৰি এই শীতকালীন মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে বহু ধন খৰচ কৰিছে যাতে আমাৰ যুৱসকলে তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাৰ মঞ্চ এখন বিচাৰি পায় আৰু গঠনমূলক কামত সময়বোৰ কটাব পাৰে।

‘’ প্ৰত্যেকে এই মহোৎসৱত অংশগ্ৰহণ কৰি ইয়াৰ সুযোগ গ্ৰহণ কৰিব লাগে। অভিবাৱকে তেওঁলোকৰ ল’ৰা ছোৱালীক ইয়ালৈ আনি এই মহোৎসৱত প্ৰদৰ্শন হোৱা আকৰ্ষণীয় কাৰ্যসূচীবোৰ দেখুৱাব লাগে আৰু লগতে তেওঁলোককো বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰিব লাগে,’’-মুখ্যমন্ত্ৰী ছাংমাই কয়।

তেওঁ লগতে মানুহৰ স্বাস্থ্য আৰু সুস্থ জীৱনৰ বাবে সংগীতৰ গুৰুত্বৰ কথাও উল্লেখ কৰে। ‘’ বহু বিষয়া আৰু লোকে তেওঁলোকৰ অস্বাস্থ্যকৰ জীৱন প্ৰণালীৰ বাবে অসুস্থতাত ভূগিবলগীয়া হোৱাটো আৰু তেওঁলোকৰ চিকিৎসাৰ বাবে প্ৰচুৰ ধন ব্যয় কৰিবলগীয়া হোৱাটো দুখৰ কথা। ভাল সংগীতেৰে আমি নিজকে সুস্থ আৰু উজ্জীৱিত কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো সংগীতে আপোনাৰ দেহ আৰু আত্মালৈ চমৎকাৰ পৰিৱৰ্তন আনিব পাৰে,’’-তেওঁ কয়।

তিনিদিনীয়া এই শীতকালীন যুৱ মহোৎসৱত বিভিন্ন ধৰণৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা,  চলচ্চিত্ৰ প্ৰদৰ্শন, নৃত্য প্ৰতিযোগিতা, পৰম্পৰাগত বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতা আদি অন্যতম। বিভিন্ন চৰকাৰী বিভাগ,বেচৰকাৰী সংস্থা আৰু আত্ম সহায়ক গোটে মহোৎসৱৰ সময়ত অনুষ্ঠিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।

তুৰা শীতকালীন যুৱ মহোৎসৱখনৰ সফল সামৰণিয়ে অংশগ্ৰহণকাৰী, ভ্ৰমণকাৰী আৰু স্থানীয় ৰাইজৰ মনত এক সজীৱ স্মৃতি প্ৰোথিত কৰি থৈ গ’ল।