দেশৰ ৰাজনীতিত মনোযোগৰ কেন্দ্ৰবিন্দু হৈ পৰা ত্ৰিপুৰাৰ নিৰ্বাচনৰ আজি ১০ পৰ্য্যন্ত দেখা পোৱা গতিধাৰাত বাওঁমৰ্চাক সৰ্বাধিক অগ্ৰগতি লাভ কৰা দেখা গৈছে যদিও বিজেপিয়েও ঘটাইছে লক্ষণীয় উত্থান।
এই পৰ্য্যন্ত বাওঁমৰ্চাই ৩১খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে বিজেপিয়ে ২৭খন আসনত অগ্ৰগতি পাই আছে। কংগ্ৰেছে কোনো আসনত অগ্ৰগতি লাভ নকৰাৰ বিপৰীতে অন্যান্যৰ অগ্ৰগতি হ’ল ১।
উল্লেখযোগ্য যে ত্ৰিপুৰাত বাওঁ আৰু সোঁ ৰাজনীতিৰ পোনপটীয়া যুঁজ হোৱাৰ কথা নিৰ্বাচনৰ সময়ৰ পৰাই উমান পোৱা গৈছিল। যোৱা ২৫ বছৰে বাওঁশক্তিৰ শাসনত থকা ৰাজ্যখন নিজৰ দখললৈ নিবলৈ গেৰুৱা বাহিনীয়ে পূৰ্ণশক্তিৰে যুঁজ দিছিল। এই চেষ্টাৰ অংশ স্বৰূপে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবাৰকৈ ৰাজ্যখন ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গৃহ মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাস আদি বিয়াগোম নেতাসকলৰ ভিৰ লাগিছিল।
লগতে অসমৰ আটাইতকৈ চতুৰ ৰাজনীতিক মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ নিৰ্বাচনী দায়িত্ব দিয়া হৈছিল।
এই কৌশলৰ লগতে প্ৰাণপণ চেষ্টাৰ সুফল বিজেপিয়ে লাভ কৰা দেখা গৈছে। নিজৰ দলৰ পৰা নিৰ্বাচিত এজনো বিধায়ক নথকা অৱস্থাৰ পৰা গৈ দলটোৱে আজিৰ এই অৱস্থাত উপনীত হোৱাটোক লক্ষণীয় উত্থান বুলিব পাৰি।