• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2025 7:51 am
83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি হ’ব লগা আছিল সেয়াই হ’ল৷ এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেলখনৰ বিষয়ে মাত্ৰ এইখিনি ক’লেই হয়তো যথেষ্ট৷ কি হ’ল? ভাৰতে জয়লাভ কৰে। সহজেই জয়ী হ’ল। কোনো প্ৰতিৰোধ নোহোৱাকৈ। বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী, আৰু এইবাৰ এছিয়া কাপ সকলো ‘অপাৰেচন’তে সফল ভাৰত।

সূৰ্য কুমাৰৰ টীম ইণ্ডিয়াৰ হাতত ৭ উইকেটত পৰাস্ত হয় পাকিস্তান। ভাৰতীয় অধিনায়কগৰাকীয়ে ছয় মাৰি খেলখনৰ অন্ত পেলায়। আৰু তাৰ লগে লগে ভাৰতে ছুপাৰ ফোৰৰ টিকট লাভ কৰিলে।

Apply Now

দেওবাৰে ডুবাইত দুয়োটা দলৰ মাজত হোৱা মুখামুখিয়ে ভাৰতবাসীৰ মনত এক বেলেগ ধৰণৰ আৱেগ সৃষ্টি কৰিছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ক্ৰিকেট খেলপথাৰত পাকিস্তানৰ সৈতে কিয় ‘সম্পৰ্ক’ বজাই ৰখা হৈছে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

অৱশ্যে সূৰ্য্য কুমাৰে হয়তো পাকিস্তানৰ বাবে মাত্ৰ এটা শব্দহে ভাবিছিল, সেয়া হ’ল ‘প্ৰতিপক্ষ’। কোনো হাত মিলোৱা নাই, কোনো অতিৰিক্ত সৌজন্যতা নাই। একেদৰে বেট বা বলিঙৰ ক্ষেত্ৰতো সূৰ্য্য-কুলদীপে কোনো সৌজন্যতা প্ৰদৰ্শন কৰা নাই। একমাত্ৰ লক্ষ্য হৈছে পাকিস্তানক পৰাস্ত কৰা।

হাৰ্দিক পাণ্ডিয়াই কামটো আৰম্ভ কৰে। দেওবাৰৰ খেলখনত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত পৰাস্ত হয়। পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰত হাৰ্দিক পাণ্ডিয়াই অ’পেনাৰ ছাইম আয়ুবক আউট কৰে। দ্বিতীয় অভাৰত যশপ্ৰীত বুমৰাহৰ বলি হৈছিল মহম্মদ হেৰিছ।

তাৰ পিছত, পাকিস্তান বাহিনীয়ে অলপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ল। কিন্তু পাৱাৰ প্লে’ৰ পিছত সকলো শেষ হৈ গ’ল। ভাৰতীয় স্পিনাৰৰ আক্ৰমণত ইটোৰ পিছত সিটোকৈ উইকেট হেৰুৱায় ছলমান বাহিনীয়ে। পাকিস্তানী অধিনায়কগৰাকীয়ে মাত্ৰ ৩ ৰানত আউট হৈ উভতি যায়। হাছান নৱাজ আৰু মহম্মদ নৱাজেও কেৱল এটা সংখ্যাৰ ৰাণ লৈ উভতি যায়। সাহিবজাদা ফাৰহানে (৪০) একমাত্ৰ ৰান লাভ কৰে।

কুলদীপে ৩ টা উইকেট দখল কৰে। অক্ষৰ পেটেলৰ দুটা উইকেট আৰু বৰুণ চক্ৰৱৰ্তীয়ে পায় এটা উইকেট। যশপ্ৰীত বুমৰাহেও পাকিস্তানৰ দুজন বেটছমেনক আউট কৰে। এসময়ত এনে লাগিছিল যেন পাকিস্তান এশ ৰানৰ আগতে অল আউট হৈ যাব। ১৬টা বলত শ্বাহীন আফ্ৰিদিৰ ৩৩ ৰানৰ সৌজন্যত সেয়া নহ’ল। ১২৭ ৰানত স্তব্ধ হৈ পৰে পাকিস্তানৰ ইনিংছ।

ভাৰতক প্ৰতিৰোধ কৰিবলৈ সেয়া একেবাৰেই যথেষ্ট নাছিল। আৰু ‘মুড’টো ঠিক কৰি দিলে দুই বিধ্বংসী অ’পেনাৰে। অভিষেক শৰ্মা আৰু শুভমন গিলে চাৰি আৰু ছয়েৰে পাকিস্তানী বলাৰসকলক দিশহাৰা কৰে। কিন্তু হঠাতে ছাইম আয়ুবৰ কেৰম বলত গিল (১০) ষ্টাম্প হৈ পৰে। কিন্তু তেতিয়াও অভিষেকৰ ধুমুহা কিছু সময় চলি থাকিল। বিশেষকৈ ফৰ্মলৈ ঘূৰি আহিবলৈ চেষ্টা কৰা শ্বাহীন আফ্ৰিদিক তেওঁ পুনৰ পূৰ্বৰ স্থানলৈ পঠিয়ালে। অভিষেকে ১৩টা বলত ৩১ ৰান সংগ্ৰহ কৰে। ছাইমৰ বলত কেচ দি উভতি যায়।

ইয়াৰ পিছত সূৰ্যকুমাৰ-তিলক ভাৰ্মাই বিশেষ ৰিস্ক লোৱা নাছিল। কিন্তু সেইবুলি তেওঁলোকে চাৰি-ছয় নামাৰিব সেইটো কেনেকৈ হ’ব? পাকিস্তানৰ স্পিন আক্ৰমণ বুজি পাই তেওঁলোকে আক্ৰমণৰ পথ ল’লে। প্ৰয়োজনত ষ্ট্ৰাইকো ৰোটেড কৰিছিল। আৰু যেতিয়া সেই সকলোবোৰ ঘটিল, তেতিয়া পাকিস্তানে তেওঁলোকৰ ‘বিখ্যাত’ ফিল্ডিং দেখুৱাবলৈ সুযোগ নেৰিলে!

মহম্মদ নৱাজক ষ্ট্ৰেইট কেচ দিছিল তিলক ভাৰ্মাই। কিন্তু পাক স্পিনাৰগৰাকীয়ে ‘পৰম্পৰা অনুসৰণ কৰি’ কেচটো পেলাই দিলে। কিন্তু তাৰপিছতে তিলক (৩১) ছাইমৰ বলত বোল্ড হয়। অৱশ্যে সূৰ্য্যই সোনকালে বাকী কামখিনি শেষ কৰিলে। ইয়াৰ উপৰিও তেওঁ মাজতে ৯০ মিটাৰৰ বিশাল ছয় এটাও মাৰিলে। ভাৰতীয় অধিনায়কগৰাকীয়ে ছয় মাৰিয়েই মেচখন জিকালে। ৪৭ ৰানত অপৰাজিত হৈ থাকে সূৰ্য্য। শেষত মাত্ৰ ৩টা উইকেট হেৰুৱাই ২৫টা বল বাকী থকা অৱস্থাত ভাৰতে খেলখন জয় কৰে।

এছিয়া কাপৰ এই মেচখনৰ পাছত পুনৰ এটা কথা স্পষ্ট হৈ পৰিল। পেহেলগামৰ আক্রমণ, অপাৰেচন সিন্দুৰ, পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ ভাৰতীয়ৰ এটাৰ পাছত আনটো অবাঞ্চিত ঘটনা সংঘটিত হ’ল৷ এই সকলোবোৰতো আছেই। কিন্তু এটা কথা সলনি হোৱা নাই। সেইটো হ’ল এছিয়া কাপত ভাৰতৰ ওচৰত পাকিস্তানৰ আত্মসমৰ্পণ।

সংক্ষিপ্ত স্কোৰঃ

পাকিস্তানঃ ১২৭/৯ (সাহিবজাদা ৪০, কুলদীপ ১৮/৩, অক্ষৰ ১৮/২)

ভাৰতঃ ১৩১/৩ (সূৰ্য্যকুমাৰ ৪৭, তিলক ৩১, ছাইম ৩৫/৩)

ভাৰতে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd