যোৱা ২৪ নৱেম্বৰত ত্ৰিপুৰাৰ গ্ৰামীণ বেংকৰ চাৰিজন কৰ্মচাৰীক বেংকৰ কাম-কাজ সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথত ১৫ জনীয় এটা বৃহৎ দলে অপহৰণ কৰে। অপহৰণকাৰী দলটোৱে বেংক কৰ্মচাৰী কেইজনৰ মুক্তিৰ বিনিময়ত পৰিয়ালৰ লোকক বৃহৎ পৰিমাণৰ ধনৰাশি দাবী কৰিছিল। পিছত পৰিয়ালৰ লোকে ৫০ লাখ টকা অপহৰণকাৰীৰ কথা মতে মানিক বজাৰৰ সুব্ৰত দেৱবাৰ্মাৰ ঘৰত দিয়ে। উক্ত ধনৰাশি লাভ কৰাৰ পিছত অপহৰণকাৰীৰ দলটোৱে অপহৃত বেংক কৰ্মচাৰী কেইজনক যোৱা শুক্ৰবাৰে মুক্তি কৰি দিয়ে বুলি অপহৃত বেংক বিষয়া ৰক্তিম ভৌমিকৰ দেউতাকে জানিবলৈ দিয়ে। আনহাতে অপহৃত ৰক্তিম ভৌমিকে কালি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে অপহৰণকাৰীৰ দলটোৱে তেওঁলোকক প্ৰথমে এখন মুকলি পথাৰত ৰাখি তাৰ পিছত এখন পাহাৰুৱা ঠাইলৈ লৈ যায়। শেহতীয়াকৈ তেলীয়ামূৰা আৰক্ষীয়ে জনোৱা মতে অপহৰণ কাণ্ডত জড়িত ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা ৬ জনৰ ভিতৰত দুজন ক্ৰমে ৰাকেশ দেৱবাৰ্মা আৰু জি এন দেৱবাৰ্মাক বুলি জানিবলৈ দিয়ে। লগতে ৰাকেশ দেৱবাৰ্মাৰ আগৰতলাৰ ঘৰৰ পৰা প্ৰায় ৫০ লাখ টকা জব্দ কৰা হৈছে বুলি তেলীয়ামূৰা আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।