ত্ৰিপুৰাৰ তৃতীয়খন ইংৰাজী দৈনিক ‘নৰ্থ ইষ্ট কালাৰ্ছ’ উন্মোচন

North

যোৱা বৃহস্পতিবাৰে ত্ৰিপুৰাৰ তৃতীয়খন ইংৰাজী দৈনিক কাকত ‘নৰ্থ ইষ্ট কালাৰ্ছ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।

ত্ৰিপুৰাৰ ৰাজধানীৰ আগৰতলা টাউন হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰাজ্যখনৰ শীৰ্ষ ৰাজনীতিক, সাহিত্যিক, সমাজকৰ্মী, প্ৰবীণ সাংবাদিক আৰু বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত সৰ্বাধিক প্ৰচলিত বঙালী ভাষাৰ কাকত ‘দৈনিক সংবাদ’ প্ৰকাশ কৰা কাকত গোষ্ঠী ‘ভূপেন দত্ত- ভৌমিক ট্ৰাষ্টে’ এই নতুন ইংৰাজী ভাষাৰ দৈনিক কাকতখন উলিওৱাৰ দায়িত্ব বহন কৰিছে।

গণেশ-সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত শান্তিৰ বাজাৰৰ ৰিয়াং জনজাতি গোটে এটা ‘হোজাগিৰি’ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আকৃষ্ট কৰিবলৈ সক্ষম হয়।

কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নতুন ইংৰাজী কাকত প্ৰকাশত সন্তোষ ব্যক্ত কৰি তেওঁৰ চৰকাৰখনে সংবাদ মাধ্যমক সদায় উপযুক্ত সন্মান আৰু মৰ্যাদা দিব বুলি কয়।

অনুষ্ঠানটোত কলকাতাত প্ৰচলিত কাকত ‘এই সময়’ৰ সম্পাদক সুমন চেটাৰ্জী উপস্থিত থাকি সংবাদ মাধ্যমৰ অধিকাৰ আৰু কৰ্তব্য সন্দৰ্ভত এক বক্তৃতা আগবঢ়ায়। আনহাতে স্থানীয় ৰামকৃষ্ণ মিছনৰ স্বামী হিতকামানন্দই সংবাদ মাধ্যমৰ বিভিন্ন দোষ-ত্ৰুটিৰ ওপৰত বাখ্যা আগবঢ়ায়।