ত্ৰিপুৰাৰ পানীসাগৰৰ শান্তিপাৰা এলেকাত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

n1

ত্ৰিপুৰাৰ পানীসাগৰৰ শান্তিপাৰা এলেকাত পানীসাগৰৰ মহকুমা আৰক্ষী বিষয়া ৰাজীৱ সুত্ৰধাৰে এই এলেকাটোত ড্ৰাগছৰ ব্যৱসায়ত জড়িত মূল খলনায়কজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযুক্তজনক কিশোৰ নাথ (৩৪) বুলি চিনাক্ত কৰা হৈছে।

এটা গোপন সূত্ৰৰ পম খেদি পানীসাগৰৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে এটা আৰক্ষীৰ দলসহ সৈতে কিশোৰ নাথৰ বাসগৃহত তালাচী চলায় আৰু ব্ৰাউন ছুগাৰ আৰু য়ুবা টেবলেটসহ অভিযুক্ত কিশোৰ নাথক হাতে-লোটে ধৰা পেলায়। আৰক্ষীৰ মতে ধৃত কিশোৰ নাথ হৈছে ড্ৰাগছ ব্যৱসায় সাম্ৰাজ্যৰ মূল খলনায়কসকলৰ এজন। তেওঁ সমগ্ৰ অসমৰ লগতে আনকি ৰাজ্যৰ বাহিৰলৈকেও ড্ৰাগছৰ যোগান ধৰা বুলি আৰক্ষী সূত্ৰ এটাই সদৰি কৰিছে।

আৰক্ষীৰ দলটো অহাৰ সম্ভেদ লাভ কৰাৰ লগে লগে অভিযুক্ত কিশোৰ নাথে তেওঁৰ হাতত মজুত থকা ব্ৰাউন ছুগাৰ আৰু টেবলেটসমূহ এটা বাকেটত জ্বলাই দি প্ৰমাণ নষ্ট কৰিব বিচাৰে যদিও আৰক্ষীয়ে তেওঁৰ ঘৰত প্ৰৱেশ কৰি তেওঁক হাতে-লোটে ধৰিবলৈ সক্ষম হয়।

তালাচীৰ সময়ত আৰক্ষীয়ে তেওঁৰ বাসগৃহত ৫০০ টকীয়া নোটেৰে ২ লাখ ৬৫ হাজাৰ ভাৰতীয় টকাৰ লগতে নেপাল আৰু বাংলাদেশৰ মুদ্ৰাও জব্দ কৰে। আৰক্ষীয়ে তালাচীৰ সময়ত ৫টা মোবাইল ফোন, এটা ওজন জোখা মেছিন আৰু এটা ছিলিং মেচিনো জব্দ কৰে।

কিশোৰ নাথৰ বিৰুদ্ধে স্থানীয় থানাত পঞ্জীয়ণভুক্ত ৩০/২০১৮ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক  গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ডনাইছে যে ২০১৪ গ্ৰাম হেৰ’ইনসহ আৰক্ষীৰ হাতত ধৰা পৰা ৰঞ্জিত দেবনাথ নামৰ এজন নিচাযুক্ত ঔষধৰ বেপাৰীয়ে এই বেআইনী ব্যৱসায়টোত জড়িত থকা সন্দৰ্ভত কিশোৰ নাথৰ নাম লৈছে।