• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন : বিজেপিয়ে প্ৰাৰ্থী দিব ৪৪ টাত, কংগ্ৰেছে ৫৭ টাত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 8:31 am
himanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনক বিশেষ গুৰুত্বসহ লৈছে বিজেপিয়ে। মাত্ৰ ৬০ খন বিধানসভাৰ আসন থকা এখন সৰু ৰাজ্য হ’লেও বাওঁ দলৰ হাতত থকা ৰাজ্যখন নিজৰ দখললৈ আনিবলৈ গেৰুৱা দলটোৱে উঠি-পৰি লাগিছে। কালি ত্ৰিপুৰাৰ নিৰ্বাচন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ দিশৰ আলোচনা কৰিবলৈ নতুন দিল্লীত দলৰ সভাপতি অমিত শ্বাহ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী অৰুণ জেটলি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজকে আদি কৰি বাঘা বাঘা নেতাসকল এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ইয়াৰ পৰাই দলটোৱে যে ৰাজ্যখনৰ নিৰ্বাচনক স্বাভাৱিকতকৈ অধিক গুৰুত্ব দিছে তাৰ অনুমান কৰিব পাৰি।

ইতিমধ্যে বাওঁ দলক ওফৰোৱাৰ কৌশল হিচাপে বিজেপিয়ে ৰাজ্যখনত দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এটা হ’ল সুকীয়া তিপৰালেণ্ড দাবী কৰি থকা আই পি এফ টিৰ সৈতে নিৰ্বাচনী মিত্ৰতা স্থাপন কৰা আৰু আনটো হ’ল নিৰ্বাচনী ৰাজনীতিত অত্যন্ত কৌশলী তথা নেতা বেচা-কিনাত সিদ্ধহস্ত ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ নিৰ্বাচনী দায়িত্ব দিয়া।

আনহাতে এই বৈঠকৰ পিছতে দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে নতুন দিল্লীত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে মুঠ ৪৪ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা ঘোষণা কৰে কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ সচিব জে পি নন্দই। তালিকাখনত ৰাজ্যখনত দলটোৰ বৰ্তমানৰ ৭জন বিধায়কৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে দুজন প্ৰাক্তন বিধায়কৰ নামো সোমাইছে। প্ৰাক্তন বিধায়কৰ মাজত আছে পূৰ্বতে কংগ্ৰেছ দলত থকা আৰু তাৰ পিছত তৃণমূল কংগ্ৰেছলৈ দল সলনি কৰি মাণিক সৰকাৰৰ চৰকাৰত মন্ত্ৰীত্ব লাভ কৰা সুৰজিত দত্তৰ নাম। এওঁ যোৱা বছৰ বিজেপিত যোগদান কৰিছিল। আনহাতে আনজন হ’ল কমলপুৰ সমষ্টিৰ পৰা কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা মনোজকান্তি দেব, যিজনে যোৱা বছৰ বিজেপিত যোগদান কৰিছিল। এওঁলোকৰ লগতে যোৱাবছৰ তৃণমূল কংগ্ৰেছৰ নেতৃত্বই দলৰ পৰা বহিষ্কাৰ কৰা ছজন বিধায়কৰ নামো আছে, যিকেইজনে নিলম্বিত হোৱাৰ পিছত বিজেপিত যোগদান কৰিছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনত দলৰ নিৰ্বাচনী দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শৰ্মাই আসন ভাগ বাটোৱাৰাৰ বাবে আই পি এফ টিৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। বিজেপিয়ে ৰাজ্যখনত আই পি এফ টিৰ উপৰি আন সকলো সৰু সৰু ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা বা বুজাবুজি কৰিছে।

আনহাতে জানিব পৰামতে কংগ্ৰেছে ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনত ৫৭ টা সমষ্টিত প্ৰাৰ্থী দিব।

ৰাজ্যখনত অহা ১৮ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ আন দুখন ৰাজ্য ক্ৰমে মেঘালয় আৰু নাগালেণ্ডত নিৰ্বাচন হ’ব অহা ২৭ ফেব্ৰুৱাৰিত। তিনিওখন ৰাজ্যৰে ভোট গণনা হ’ব মাৰ্চৰ ৩ তাৰিখে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd