• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপৰ বিলৰ পাৰত দীপৰ বিল মহোৎসৱ অনুষ্ঠিত কৰাটো বন্ধ কৰক : ঐক্য সেনা অসম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 7, 2018 9:22 am
Leader Of Oikya Sena Asom at the time of press meet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া দীপৰ বিল মহোৎসৱৰ বিৰোধীতা কৰি ঐক্য সেনা অসমে উক্ত মহোৎসৱ দীপৰ বিলৰ পাৰত পতাটো বন্ধ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।

সেই উদ্দেশ্যে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংগঠনটোৰ নেতৃবৃন্দই এখন সংবাদ মেলৰ আয়োজন কৰে। এই মহোৎসৱ সন্দৰ্ভত সংগঠনৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে কয় ‘এই অনুষ্ঠান দীপৰ বিলৰ পাৰত অনুষ্ঠিত কৰিব বিচৰা ব্যক্তি সকলে প্ৰশাসনৰ পৰা কোনোধৰণৰ অনুমতি লোৱা নাই। তেওঁলোকে প্ৰথম অৱস্থাত এই অনুষ্ঠান দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰিবৰ বাবে প্ৰশাসনৰ পৰা অনুমতি লাভ কৰিছিল, কিন্তু তেওঁলোকে প্ৰশাসনৰ অনুমতিক আওকান কৰি মহোৎসৱখন দীপৰ বিলৰ পাৰত অনুষ্ঠিত কৰিবলৈ ওলাইছে, যিটো কথাত আমাৰ আপত্তি আছে।’

উল্লেখযোগ্য যে এই দীপৰ বিলৰ পাৰত অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈকে বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী চৰায়ে কণি পাৰি পোৱালি জন্ম দিবৰ বাবে থিতাপি লয়। এনে পৰিপ্ৰেক্ষিতত এই ঠাইত এনে মহোৎসৱ উদযাপন কৰিলে এই পক্ষী সমূহৰ বিপৰ্য্যয় নামি অহাৰ আশংকা কৰে সংগঠনটোৰ মুখ্য মুখপাত্ৰ গৰাকীয়ে।

তদুপৰি সংগঠনৰ মুখ্য সম্পাদকৰ দ্বায়িত্বত থকা খনীন্দ্ৰ কলিতাই জানিবলৈ দিয়ে যে তেওঁলোকে ৩০ জানুৱাৰীৰ দিনা তথ্য জনা অধিকাৰ আইনৰ পৰা মহোৎসৱখনৰ সমূহ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই তথ্যৰ ওপৰত ভিত্তি কৰি তথা মহোৎসৱ উদযাপনৰ আবেদন সন্দৰ্ভত সংগঠনৰ নেতৃবৃন্দই বন্যপ্ৰাণী সংমণ্ডল বিষয়াৰ সৈতে যুটীয়াভাবে তদন্ত কৰি সাধাৰণ চৰকাৰী ৮৫১ আৰু ৮৫২ নং দাগৰ অংশ তথা দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ ৫৩৭ নং দাগৰ জমিত উক্ত অনুষ্ঠানটিৰ বাবে স্থান নিৰ্ধাৰণ কৰা বুলি সদৰী কৰে। এই সন্দৰ্ভত তেওঁলোকে কামৰূপ মহানগৰৰ সহায়ক উপায়ুক্ত আৰু বন্যপ্ৰাণী সংমণ্ডল বিষয়াক স্মাৰক পত্ৰ আৰু তথ্যৰ প্ৰতিলিপিৰে বিষয়টো অৱগত কৰে বুলি উল্লেখ কৰে।

সংগঠনৰ মুখপাত্ৰ গৰাকীয়ে পুনৰ কয় ‘প্ৰশাসনৰ নীতি-নিৰ্দেশনা উলংঘন কৰি মহোৎসৱ উদযাপন কৰিব বিচৰাসকল ৰাজনৈতিকভাৱে ক্ষমতা থকা ব্যক্তি।এই লোক সকলৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি ঐক্য সেনা অসম, ছাত্ৰ সেনা অসম আৰু দক্ষিণ কামৰূপ শ্ৰমিক সন্থাই তীব্ৰ বিৰোধীতা কৰিছো লগতে প্ৰশাসনৰ ওচৰত আপত্তি দৰ্শাইছো। এই অনুষ্ঠান দীপৰ বিলৰ পাৰত অনুষ্ঠিত কৰি প্ৰকৃতিৰ প্ৰতি ভাবুকি অনাই নহয় সমগ্ৰ অসমৰ জনসাধাৰণক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ মাজলৈ থেলি দিব বিচাৰিছে।’

তদুপৰি সংগঠনৰ নেতৃবৃন্দই এই বিষয়টোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু মহানগৰ আৰক্ষী অধীক্ষকক অৱগত কৰা বুলিও সংবাদমেলতে সদৰী কৰে।

ইয়াৰ উপৰি মহোৎসৱৰ নামত বিক্ৰী হোৱা জনজাতীয় সুৰাৰ সন্দৰ্ভত মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰে এনেদৰে : ‘মহোৎসৱৰ নামত চৰকাৰখনে জংঘলৰাজ চলাইছে। তেওঁলোকে দীপৰ বিলক সংৰক্ষণ কৰা নাইবা বেদখলকাৰী উচ্ছেদ কৰাৰ বাবে এই মহোৎসৱ পতা হৈছে বুলি কয়। এই ক্ষেত্ৰত আমাৰ ক’বলগীয়া একো নাই। কিন্তু এই মহোৎসৱ সমূহত বিক্ৰী হোৱা জনজাতীয় সুৰা খাই মহানগৰীৰ মাজ-মজিয়াত নৃত্য কৰা আৰম্ভ কৰিছে তথা উশৃংখল অৱস্থাৰ সৃষ্টি কৰিছে, সেয়া আমি নিজ চকুৰে দেখিছো’

ইয়াৰ উপৰি এই দীপৰ বিল মহোৎসৱৰ সৈতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা জৰিত থকা বুলি সদৰী কৰে।

সেই সংবাদ মেলত উপস্থিত থকা মুখ্য সম্পাদক খনীন্দ্ৰ কলিতাই পূৱ কামৰূপৰ বন সংমণ্ডল বিষয়া ৰঞ্জিত কোঁৱৰ এই মহোৎসৱৰ সৈতে ওতঃ-পোতঃভাৱে জৰিত থকা বুলি সদৰী কৰে। তদুপৰি পূৱ কামৰূপ অঞ্চলত অবাধ বনধ্বংশ হৈ আছে যদিও কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলে সেই বিষয়াগৰাকীৰ ওপৰত। তাৰ বিপৰীতে চৰকাৰী বিষয়া হৈ দীপৰ বিল মহোৎসৱত জৰিত থকা কাণ্ডক চৰম লজ্জাজনক আখ্যা দিয়ে সংগঠমটোৰ নেতৃবৃন্দই। উল্লেখযোগ্য যে উক্ত বন বিষয়াগৰাকীয়ে মহোৎসৱৰ নামত ডাঙৰ-ডাঙৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ কথাও এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা বুলি মন্তব্য কৰে।

লক্ষ্যণীয় যে আজিৰ সংবাদমেলৰ জৰিয়তে সংগঠনটোৰ মুখ্য সম্পাদক গৰাকীয়ে পূৱ কামৰূপৰ বন সংমণ্ডল বিষয়া ৰঞ্জিত কোঁৱৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। অন্যথা ঐক্য সেনা অসম, ছাত্ৰ ঐক্য সেনা অসম আৰু দক্ষিণ কামৰূপ শ্ৰমিক সন্থাই জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

এই সংবাদমেলত মুখ্য সম্পাদক খনিন্দ্ৰ কলিতা মুখ্য মুখপাত্ৰ কমল কুমাৰ আৰু ছাত্ৰ ঐক্য সেনা অসমৰ মুখ্য সম্পাদক বিপ্লৱ তালুকদাৰ উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd