দুজন বিদ্যালয় উপ-পৰিদৰ্শকক শিক্ষা মন্ত্ৰীৰ নিৰ্দেশত শাস্তিমূলকভাৱে বদলি

শিক্ষা মন্ত্ৰী

ৰাজ্যখনত দুৰ্নীতি নিৰ্মূলৰ অংশ হিচাপে শিক্ষা মন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ দুৰ্নীতিত জড়িত থকাৰ অভিযোগত দুগৰাকী বিদ্যালয় উপ-পৰিদৰ্শকক শাস্তিমূলক ভাৱে বদলিৰ বাবে নিৰ্দেশ দিয়ে।

প্ৰাপ্ত তথ্য মতে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গুৱাহাটী স্কুল ডেপুটি ইন্সপেক্টৰৰ অধীনৰ উপ-পৰিদৰ্শক হনী চমুৱা নাথক শাস্তিমূলকভাৱে মৰিগাঁৱলৈ বদলি কৰা হয়।

দুৰ্নীতিত জড়িত থকা বুলি উত্থাপিত হোৱা অভিযোগৰ ওপৰত ভিত্তি কৰি নাথৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

ইফালে মৰিগাঁৱৰ বিদ্যালয় উপ-পৰিদৰ্শক জয়ন্ত কুমাৰ দাসক হনী চমুৱা নাথৰ পৰিৱৰ্তে গুৱাহাটীত দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

একেদৰে বিদ্যালয় উপ-পৰিদৰ্শক সমৰ বৰুৱাকো দুৰ্নীতিত জড়িত থকাৰ অভিযোগতে ছয়গঁৱালৈ বদলি কৰা হয়।

উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে প্ৰাথমিক শিক্ষা সঞ্চালক এছ কে ভূঞাই বিষয়া দুজনক বদলিৰ নিৰ্দেশ জাৰি কৰে।