দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ডিমাচা সাহিত্য সভাৰ ( ডিমাচা লাইৰেডিম মেল) নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে।
নৱম দ্বি-বাৰ্ষিক অধিবেশনখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ৰমে কাছাৰ, কাৰ্বি আংলং, নগাঁও আৰু নাগালেণ্ডৰ পৰা অহা প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰে।
আনহাতে শনিবাৰৰ সামৰণি অনুষ্ঠানত মুকলি অধিৱেশন অনুষ্ঠিত হয়।
সামৰণি অনুষ্ঠানটোত হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ, প্ৰাক্তন বিধায়ক সমৰজিত্ হাফলংবাৰ, জাদিখে নাইশ্ব হচ’মৰ সভাপতি কল্যাণ দাওলাগুপু, দীনেন্দ্ৰ থাউচেন, কুমুদ কেম্প্ৰাই, বিশিষ্ট লেখক বিশ্বজ্যোতি বৰ্মন, অনিল দাউলাগুপুকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
আনহাতে অধিৱেশনখনৰ আজিৰ সামৰণি অনুষ্ঠানত ডিমাচা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিখন গঠন কৰা হয়। তিনি বছৰৰ বাবে গঠিত হোৱা কমিটিখনৰ সভাপতি হিচাপে মনোনীত কৰা হয় হাফলঙৰ দীনেন্দ্ৰ থাউচেনক।
লগতে সাধাৰণ সচিব হিচাপে ৰিঙপেন্দ্ৰ নুনিচা, ১৪ জনীয়া কেন্ত্ৰীয় কমিটিখনৰ চাৰি গৰাকী উপ-সভাপতি ক্ৰমে কাছাৰ জিলাৰ অমলকান্তি বৰ্মন, কাৰ্বি আংলঙৰ নজেন নুনিচা, নাগালেণ্ডৰ দেৱজিৎ নবেনাচ আৰু নগাঁৱৰ জাতিৰাম বৰ্মনক মনোনীত কৰা হয়।
সহকাৰী সাধাৰণ সচিব হ’ল জন্মজয় লংমাইলাই, কোষাধ্যক্ষ কুমুদ কেম্প্ৰাই। চাৰি গৰাকী সাংগঠিনক সচিব হ’ল ক্ৰমে কাছাৰ জিলাৰ সুনীল বৰ্মন, কাৰ্বি আংলঙৰ মাইপ্ৰাঙ ফংল, নগাঁৱৰ নিজ’মনি বডো, নাগালেণ্ডৰ অজয় কেম্প্ৰাই আৰু ডিমা হাচাও জিলাৰ ৰমেশ কেম্প্ৰাই। লগতে পৰামৰ্শদাতা হিচাপে ৰখা হয় বিশিষ্ট লিখক বিশ্বজ্যোতি বৰ্মনক।
বিশ্বজ্যোতি বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বক্তব্য ৰাখে আদৰণি সমিতিৰ সভাপতি সুখেন্দ্ৰ ফং’লয়। সভাত ডিমাচা ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে ষষ্ঠ শ্ৰেণীলৈকে ডিমাচা ভাষাৰ কিতাপ প্ৰণয়নৰ সিদ্ধান্ত লোৱা হয়।
সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা বিধায়ক বীৰভদ্ৰ হাগজেৰে ডিমাচা সাহিত্য সভাৰ কিতাপ প্ৰণয়নৰ লগতে সাহিত্য চৰ্চাক আদৰণি জনাই সকলো ধৰণৰ সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে। লগতে তেওঁ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত বসবাস কৰা ডিমাচা সকলকো নিজৰ ভাষা-সংস্কৃতিক বচাই ৰখাৰ কাৰণে আহ্বান জনায়।