দুলীয়াজানত টাটা ফুটবল একাডেমীৰ বাবে দুদিনীয়া নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন

Football-trial-570x320

দুলীয়াজান ফুটবল একাডেমীৰ সহযোগত টাটা ফুটবল একাডেমীলৈ প্ৰতিভাসম্পন্ন খেলুৱৈৰ নিৰ্বাচনৰ বাবে টাটা ফুটবল একাডেমীয়ে দুদিনীয়াকৈ আয়োজন কৰা নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হৈছে।

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত সোমবাৰে জামছেদপুৰস্থিত টাটা ফুটবল একাডেমীৰ প্ৰতিভা সন্ধানী প্ৰক্ৰিয়াটোৰ সফলতাৰে সামৰণি পৰে।

‘’ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অংশৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা সৰ্বমুঠ ৪১৩ গৰাকী অংশগ্ৰহণকাৰীয়ে এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত ১৯ গৰাকী প্ৰতিভাৱান খেলুৱৈক ২০১৮ ৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচিত কৰা হৈছে,’’-দুলীয়াজান ফুটবল একাডেমীৰ সম্পাদক জিতু ছেত্ৰীয়ে কয়।

টাটা ফুটবল একাডেমীৰ মুখ্য উদ্দেশ্য হৈছে মুলসুঁতিৰ জাতীয় ফুটবল দললৈ আন্তৰ্জাতিক পৰ্যায়ৰ মানদণ্ডৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত যুৱ প্ৰতিভাৱান ফুটবলাৰ আগবঢ়োৱা।

ইয়াৰ কৌশলটো অতি সৰল- ‘যুৱ প্ৰতিভা লোৱা’ আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক শ্ৰেষ্ঠ ৰূপত গঢ়ি তোলা।

টাটা ফুটবল একাডেমীয়ে গোটই দেশতে এই প্ৰতিভাসম্পন্ন ফুটবলাৰ সন্ধানত নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত কৰে আৰু তাৰ পৰা শ্ৰেষ্ঠ প্ৰতিভা নিৰ্বাচন কৰি ইয়াৰ জামছেদপুৰত থকা একাডেমীত উন্নত প্ৰশিক্ষণ আগবঢ়ায়।

সাম্প্ৰতিক সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈসকল ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে আৰু দেশৰ ক্ৰীড়া সংগঠকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।